মুখ্যপৃষ্ঠা » খবৰ

» Explained

»Metabolism Healthৰ বাবে সন্ধিয়াৰ ব্যায়াম অধিক কাৰ্যকৰী ! সন্ধিয়াৰ এই ব্যায়ামেৰে সবল কৰি ৰাখক হৃদযন্ত্ৰ, নিয়ন্ত্ৰণ কৰক blood sugar...

Metabolism Healthৰ বাবে সন্ধিয়াৰ ব্যায়াম অধিক কাৰ্যকৰী ! সন্ধিয়াৰ এই ব্যায়ামেৰে সবল কৰি ৰাখক হৃদযন্ত্ৰ, নিয়ন্ত্ৰণ কৰক blood sugar...

News18 Assam | News18-Assam
Updated:June 2, 2021, 4:18 PM IST
Metabolism Healthৰ বাবে সন্ধিয়াৰ ব্যায়াম অধিক কাৰ্যকৰী ! সন্ধিয়াৰ এই ব্যায়ামেৰে সবল কৰি ৰাখক হৃদযন্ত্ৰ, নিয়ন্ত্ৰণ কৰক blood sugar...
শেহতীয়াকৈ অষ্ট্ৰেলিয়াত কৰা এক অধ্যয়নত কোৱা হৈছে যে সন্ধিয়াৰ ব্যায়ামে আপোনাৰ বিপাকীয় স্বাস্থ্য(Metabolism Health) উন্নত কৰাৰ লগতে হৃদৰোগ আৰু ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাতো সহায় কৰিব পাৰে।

শেহতীয়াকৈ অষ্ট্ৰেলিয়াত কৰা এক অধ্যয়নত কোৱা হৈছে যে সন্ধিয়াৰ ব্যায়ামে আপোনাৰ বিপাকীয় স্বাস্থ্য(Metabolism Health) উন্নত কৰাৰ লগতে হৃদৰোগ আৰু ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাতো সহায় কৰিব পাৰে।

  • Share this:
কোৰোণাৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজি আছে এতিয়া সমগ্ৰ দেশ। কোভিডৰ এই সময়ত নিজকে সুস্থ, স্বাস্থ্যৱান কৰি ৰাখিবলৈ সকলো ধৰণৰ ব্যায়াম অব্যাহত ৰাখিছে সকলোৱে । শেহতীয়াকৈ অষ্ট্ৰেলিয়াত কৰা এক অধ্যয়নত কোৱা হৈছে যে সন্ধিয়াৰ ব্যায়ামে আপোনাৰ বিপাকীয় স্বাস্থ্য(Metabolism Health) উন্নত কৰাৰ লগতে হৃদৰোগ আৰু ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাতো সহায় কৰিব পাৰে।

আপোনাৰ চিকিৎসকে হয়তো কেইবাবাৰো বিপাক (Metabolism)ৰ কথা উল্লেখ কৰিছে, কিন্তু আপুনি জানেনে যে ৰাতিপুৱাৰ তুলনাত সন্ধিয়াৰ ব্যায়াম বিপাকীয় স্বাস্থ্য(Metabolism Health)ৰ বাবে অধিক কাৰ্যকৰী।

ব্যায়ামৰ সময়ৰ ওপৰত কৰা এক নতুন গৱেষণাই প্ৰকাশ কৰিছে যে ৰাতিপুৱাৰ পৰিৱৰ্তে সন্ধিয়া ব্যায়াম কৰাৰ বহু লাভালাভ আছে আৰু ইয়ে আপোনাৰ বিপাকীয় স্বাস্থ্য(Metabolism Health)ক আটাইতকৈ বেছি লাভান্বিত কৰে।

এই অধ্যয়নটোত কেৱল উচ্চ চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰা পুৰুষসকলক অন্তৰ্ভুক্ত কৰা হৈছিল। মহিলাসকলক অন্তৰ্ভুক্ত নকৰাৰ কাৰণ আছিল যে ঋতুস্ৰাৱৰ সময়ত মহিলাৰ বিপাক(Metabolism) হ্ৰাস হয়। অধ্যয়নটোৰ সৈতে জড়িত পুৰুষসকল সন্ধিয়াৰ ব্যায়ামৰ পৰা অধিক লাভান্বিত হোৱা দেখা গৈছিল। যদিও একেটা ব্যায়ামে ৰাতিপুৱা কৰা লোকসকলৰ মাজত বিশেষ পাৰ্থক্য দেখা যোৱা নাছিল ।

বিপাক (Metabolism) কি ?

আমি যি খাও আৰু সেৱন কৰো তাক হজম কৰা আৰু শক্তিলৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়াটোক বিপাক (Metabolism) বুলি কোৱা হয়। সাধাৰণ ভাষাত, এই প্ৰক্ৰিয়াটোৱে কেলৰিক শক্তিলৈ ৰূপান্তৰ কৰে। যি আমাক সকলো সময়তে প্ৰয়োজন।

শৰীৰত বিপাক (Metabolism) প্ৰক্ৰিয়া দিনে ২৪ ঘণ্টা চলি থাকে। আনকি আমি আৰামদায়ক অৱস্থাত থাকিলেও এয়া চলি থাকে । শৰীৰৰ আভ্যন্তৰীণ কাৰ্য যেনে ৰক্ত সঞ্চালন, উশাহ লোৱা, কোষবোৰ মেৰামতি কৰা আদিৰ বাবেও শক্তিৰ প্ৰয়োজন।

বিপাক (Metabolism) দুই প্ৰকাৰৰ -

বিপাক(Metabolism) দুই প্ৰকাৰৰ হয়। বিএমআৰ (বেচেল মেটাবলিক ৰেট) আৰু আৰএমআৰ (ৰেষ্টিং বিপাকীয় হাৰ)।

বিপাকীয় স্বাস্থ্য (Metabolism Health)ৰ সন্ধিয়াৰ ব্যায়ামৰ সৈতে সংযোগ -
শৰীৰৰ প্ৰতিটো কোষকলাত এটা আণৱিক ঘড়ী থাকে, যিয়ে প্ৰতিদিনে সূৰ্যৰ পোহৰ, খাদ্য আৰু টোপনিৰ প্ৰভাৱ সূচাই বাৰ্তা প্ৰেৰণ কৰে। একেটা আণৱিক ঘড়ীয়ে শৰীৰৰ ভিতৰৰ সকলো প্ৰক্ৰিয়া যেনে ৰক্ত শৰ্কৰা বৃদ্ধি বা হ্ৰাস কৰা, শক্তি, পেশীৰ শক্তি, ভোক, হৃদস্পন্দনৰ হাৰ, শৰীৰৰ উষ্ণতা, কোষ বিভাজনৰ বাবে জৈৱিক প্ৰণালী আদিৰ সমন্বয় কৰে।

অধ্যয়ন অনুসৰি, যিসকল লোকৰ ভাল ৰুটিন আৰু বিপাকীয় স্বাস্থ্য উন্নত নহয়, তেওঁলোকৰ বাবে সন্ধিয়াৰ ব্যায়াম উপকাৰী হ'ব পাৰে। বিশেষকৈ যি সকল লোকে নিশা দেৰিলৈকে সাৰে থাকে আৰু ৰাতিপুৱা দেৰিলৈকে শুই থাকে ।

অষ্ট্ৰেলিয়ান কেথলিক বিশ্ববিদ্যালয়ৰ মেৰী মেককিলোপ ইনষ্টিটিউট ফৰ হেল্থ ৰিচাৰ্ছৰ বিজ্ঞানীসকলৰ দ্বাৰা মে' মাহত ডাইবেটোলোজিয়াত প্ৰকাশিত এই অধ্যয়নটোৱে ব্যায়ামৰ সময় সলনি কৰা সকলক উচ্চ চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰিবলৈ কৈছিল। ইয়াৰ বাবে ২৪ জন অধিক ওজনৰ অষ্ট্ৰেলিয়ান পুৰুষক বাছনি কৰা হৈছিল। বিজ্ঞানীসকলে প্ৰথমে তেওঁলোকৰ এৰোবিক ফিটনেছ, কলেষ্টেৰল, ৰক্ত-শৰ্কৰা নিয়ন্ত্ৰণ আৰু অন্যান্য স্বাস্থ্যৰ দিশবোৰ পৰীক্ষা কৰিছিল, তেওঁলোকক তেওঁলোকৰ খাদ্যাভ্যাস বিষয়ে সোধাৰ লগতে আৰু পৰীক্ষাৰ সময়ত তেওঁলোকে কি খাব লাগিব সেই বিষয়ে জনাইছিল।

স্বেচ্ছাসেৱকসকলক দিয়া হৈছিল উচ্চ চৰ্বিযুক্ত খাদ্য -

তেওঁলোকৰ খাদ্যত প্ৰায় ৬৫ শতাংশত চৰ্বি অন্তৰ্ভুক্ত আছিল, কিয়নো গৱেষকসকলে জানিব বিচাৰিছিল যে ব্যায়ামৰ সময়ে বিপাক আৰু ৰক্ত-শৰ্কৰা নিয়ন্ত্ৰণক কেনেদৰে প্ৰভাৱিত কৰিব পাৰে। পাঁচ দিনৰ বাবে, স্বেচ্ছাসেৱকসকলে কেৱল চৰ্বিযুক্ত খাদ্য খাইছিল আৰু পৰীক্ষা কৰাইছিল। গৱেষকসকলে এই স্বেচ্ছাসেৱকসকলক ৩ টা গোটত বিভক্ত কৰিছিল। এটা গোটক পুৱা ৬.৩০ বজাত ব্যায়াম কৰিবলৈ কোৱা হৈছিল, আনটো গোটক সন্ধিয়া ৬.৩০ বজাত কৰিবলৈ কোৱা হৈছিল আৰু তৃতীয় গোটটোক ব্যায়াম নকৰিবলৈ কোৱা হৈছিল।

সন্ধিয়াৰ ব্যায়াম কৰাসকলৰ ক্ষেত্ৰত ভাল ফলাফল দেখা গৈছিল -

প্ৰথম পাঁচ দিন চৰ্বিযুক্ত খাদ্য খোৱাৰ পিছত পুৰুষৰ কলেষ্টেৰল তীব্ৰভাৱে বৃদ্ধি পাইছিল, বিশেষকৈ এলডিএল, যি আটাইতকৈ বিপদজনক। তেওঁলোকৰ তেজত বিপাক আৰু হৃদৰোগৰ বাবে দায়ী অণুবোৰো পোৱা গৈছিল।

ৰাতিপুৱা ব্যায়াম কৰি থকা গোটটোৱে বৰ্ধিত কলেষ্টেৰল আৰু তেজৰ পৰিৱৰ্তনৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে।

যদিও সন্ধিয়া ব্যায়াম কৰাসকলৰ কলেষ্টেৰল দ্ৰুতগতিত হ্ৰাস পাইছিল, হৃদৰোগ আৰু বিপাকৰ সৈতে সম্পৰ্কিত তেওঁলোকৰ তেজৰ পৰিৱৰ্তনো লাহে লাহে উন্নত হ'বলৈ আৰম্ভ কৰিছিল। একে সময়তে, যেতিয়া এই লোকসকলে ব্যায়ামৰ পিছত শুইছিল, তেওঁলোকৰ ব্লাড চুগাৰো অতি দ্ৰুততাৰে নিয়ন্ত্ৰণ হৈছিল।

সন্ধিয়াৰ ব্যায়ামে উচ্চ চৰ্বিযুক্ত আহাৰৰ প্ৰভাৱ তীব্ৰভাৱে হ্ৰাস কৰে -

অষ্ট্ৰেলিয়াত এই অধ্যয়নটোৰ নেতৃত্ব দিয়া নৰৱেৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ৰ ব্যায়াম বিজ্ঞানী ট্ৰিন মোহোল্টে কৈছিল যে উচ্চ চৰ্বিযুক্ত খাদ্য খোৱা লোকৰ ক্ষেত্ৰত সন্ধিয়াৰ ব্যায়ামে যথেষ্ট প্ৰভাৱ পেলায় আৰু দ্ৰুতগতিত শৰীৰ উন্নত হোৱা দেখা গৈছিল । যদিও ৰাতিপুৱা ব্যায়াম কৰাসকলৰ মাজত এয়া হোৱা দেখা যোৱা নাছিল।
Published by: Kokil Sarma
First published: June 2, 2021, 4:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি