உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • explained
    • »
    • Is Marital Rape Crime, Explained : পত্নীৰ সৈতে বলপূৰ্বক যৌন সম্ভোগ অপৰাধ নহয়, ৩৩% ভাৰতীয় পুৰুষে স্বীকাৰ কৰে বলপূৰ্বক যৌন সম্ভোগৰ কথা, তথাপি কিয় নহয় শাস্তি, অন্য দেশত আছে কিমান কঠোৰ আইন

    Is Marital Rape Crime, Explained : পত্নীৰ সৈতে বলপূৰ্বক যৌন সম্ভোগ অপৰাধ নহয়, ৩৩% ভাৰতীয় পুৰুষে স্বীকাৰ কৰে বলপূৰ্বক যৌন সম্ভোগৰ কথা, তথাপি কিয় নহয় শাস্তি, অন্য দেশত আছে কিমান কঠোৰ আইন

    পত্নীৰে বলপূৰ্বক যৌন সম্ভোগ ভাৰতত ধৰ্ষণ বুলি গণ্য নহয়...

    পত্নীৰে বলপূৰ্বক যৌন সম্ভোগ ভাৰতত ধৰ্ষণ বুলি গণ্য নহয়...

    ৩৪খন এনে দেশ আছে য'ত বৈবাহিক ধৰ্ষণ (Marital Rape)ক অপৰাধ (Crime) গণ্য কৰা হোৱা নাই বা পত্নী (Wife)য়ে তেওঁৰ স্বামী (Husband)ৰ বিৰুদ্ধে ধৰ্ষণৰ বাবে অপৰাধমূলক গোচৰ তৰিব নোৱাৰে। চীন, বাংলাদেশ, পাকিস্তান, আফগানিস্তান, চৌদি আৰৱ আৰু ভাৰত ইয়াৰ ভিতৰত অন্যতম।

    • Share this:
    ২০২১ৰ আগষ্টত ভাৰতৰ বিভিন্ন আদালতত তিনিটা বৈবাহিক ধৰ্ষণৰ গোচৰৰ ৰায়দান কৰা হৈছিল। কেৰালা উচ্চ ন্যায়ালয়ে ৬ আগষ্টত এক ৰায়ত কৈছিল যে বৈবাহিক ধৰ্ষণ এক জঘন্য নিষ্ঠুৰতা আৰু ই বিবাহ বিচ্ছেদৰ আধাৰ হ'ব পাৰে।

    ১২ আগষ্টত মুম্বাই মহানগৰ অতিৰিক্ত সত্ৰ আদালতে ৰায় দিছিল যে পত্নীৰ ইচ্ছা অবিহনে যৌন সম্ভোগ কৰাটো আইন বিৰুদ্ধ নহয়। ২৬ আগষ্টত ছত্তীশগড়ৰ আদালতে বৈবাহিক ধৰ্ষণ (Marital Rape)ৰ গোচৰত এজন অভিযুক্তক এই বুলি নিৰ্দোষী সাব্যস্ত কৰিছিল যে আমাৰ ইয়াত বৈবাহিক ধৰ্ষণ অপৰাধ নহয় (Marital Rape is Not Crime)।

    আজি আমি বৈবাহিক ধৰ্ষণৰ 4টা গোচৰৰ বিষয়ে চৰ্চা কৰিব বিচাৰিছোঁ যিবোৰ আদালতৰ মজিয়া পাইছিল আৰু আদালতত কি আইনৰ কি ধাৰাত গোচৰবোৰ খাৰিজ কৰা হৈছিল আৰু লগতে এই য়ে বৈবাহিক ধৰ্ষণক বিশ্বৰ ১৮৫খন দেশৰ ভিতৰত ১৫১খন দেশত অপৰাধ বুলি গণ্য কৰা হয়।

    ২ জানুৱাৰী, ২০২১ তাৰিখে মুম্বাইৰ এহাল দম্পতী মহাবলেশ্বৰলৈ ফুৰিবলৈ গৈছিল। যেতিয়া স্বামীয়ে নিশা তেওঁৰ পত্নীৰ সৈতে যৌন সম্ভোগ কৰিব বিচাৰিছিল তেতিয়া পত্নীয়ে অসুস্থ হৈ থকাৰ বাবে ছেক্স কৰিবলৈ অস্বীকাৰ কৰিছিল।  কিন্তু স্বামীয়ে পত্নীৰ অনিচ্ছা স্বত্বেও বলপূৰ্বক যৌন সম্ভোগ কৰিছিল। তাৰ পিছত পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু চিকিৎসকে কয় যে তেওঁৰ পিঠিৰ তলফালে পক্ষাঘাতগ্ৰস্ত হৈ পৰিছিল।

    পত্নীয়ে তেওঁৰ স্বামীৰ বিৰুদ্ধে বৈবাহিক ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। ১২ আগষ্ট, ২০২১ তাৰিখে মুম্বাই মহানগৰ অতিৰিক্ত সত্ৰ আদালতে ৰায় দিয়ে, "ভাৰতত বৈবাহিক ধৰ্ষণ অপৰাধ নহয়।"

    নিম্ন আদালতে স্বামীক ধৰ্ষণৰ বাবে দোষী সাব্যস্ত কৰে, উচ্চ ন্যায়ালয়ে নিৰ্দোষী বুলি মুকলি কৰি দিয়ে

    ছত্তীশগড়ৰ এগৰাকী যুৱতী ২০১৭ চনত বিবাহপাশত আৱদ্ধ হৈছিল। কেইদিনমানৰ বাবে সকলো ঠিকেই চলিছিল, কিন্তু তাৰ পিছত স্বামী আৰু পত্নীৰ মাজত মতভেদ হ'বলৈ ধৰিলে। পত্নীয়ে অভিযোগ কৰিছিল যে স্বামীয়ে তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে বলপূৰ্বক যৌন সম্পৰ্ক কৰিছিল।

    তাৰ পিছত পত্নীয়ে স্বামীৰ বিৰুদ্ধে ধৰ্ষণ আৰু অপ্ৰাকৃতিক যৌন সম্পৰ্ক (Unnatural Sex)ৰ গোচৰ ৰুজু কৰিছিল। নিম্ন আদালতে স্বামীক ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত কৰিছিল, কিন্তু ২৬ আগষ্ট, ২০২১ তাৰিখে উচ্চ ন্যায়ালয়ে স্বামীক ধৰ্ষণৰ অভিযোগৰ পৰা মুকলি কৰি দিছিল।

    পত্নীৰ অভিযোগ- স্বামীয়ে কৰে অপ্ৰাকৃতিক যৌন সম্ভোগ, আদালতৰ মন্তব্য- ধৰ্ষণৰ গোচৰ তৰিব নোৱাৰি

    গুজৰাট উচ্চ ন্যায়ালয় (Gujrat High Court)ৰ এটা গোচৰত এগৰাকী মহিলাই অভিযোগ কৰিছিল যে তেওঁৰ স্বামীয়ে তেওঁৰ সৈতে বলপূৰ্বকভাৱে অপ্ৰাকৃতিক যৌন সম্ভোগ কৰিছিল। গোচৰটোত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জে পি পাৰ্ডিৱালাই কয় যে যদি পত্নীৰ বয়স ১৮ বছৰৰ অধিক হয় তেন্তে এই ক্ষেত্ৰত স্বামীৰ বিৰুদ্ধে আইপিচিৰ ধাৰা ৩৭৫ (IPC Section-375)ৰ অধীনত বিচাৰ কৰিব নোৱাৰি।

    পত্নীৰ অভিযোগ- স্বামীয়ে প্ৰতি নিশা তেওঁক খেলনাৰ দৰে ব্যৱহাৰ কৰে, উচ্চতম ন্যায়ালয়ে কয় যে এগৰাকী মহিলাৰ বাবে আইন সলনি হ'ব নোৱাৰি

    ২০১৫ চনৰ ফেব্ৰুৱাৰীত এটা বৈবাহিক ধৰ্ষণৰ গোচৰ উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ। দিল্লীত কৰ্মৰত এগৰাকী কোম্পানী একজিকিউটিভে (MNC Executive) অভিযোগ কৰিছিল, "মোৰ স্বামীয়ে প্ৰতি নিশা মোক কেৱল এটা খেলনাৰ খেলিব বিচাৰে আৰু যেতিয়াই যেনেকৈ মন যায় বেলেগ বেলেগ ধৰণে যৌন সম্ভোগ কৰিব বিচাৰে। যেতিয়াই আমাৰ কাজিয়া হৈছিল তেতিয়াই তেওঁ যৌন সম্ভোগৰ সময়ত মোক অত্যাচাৰ কৰিছিল। আনকি মই অসুস্থ হৈ থাকিলেও তেওঁক যদি মানা কৰোঁ, তেওঁ নুশুনিছিল আৰু এই কথাটো অলপো সহ্য নকৰিছিল।''

    ২৫ বছৰীয়া যুৱতীগৰাকীৰ গোচৰটো উচ্চতম ন্যায়ালয়ে এই বুলি খাৰিজ কৰি  দিয়ে যে এগৰাকী মহিলাৰ বাবে আইন সলনি কৰাটো সম্ভৱ নহয়।

    জানোঁ আহক আইনে আচলতে কি কয় :

    ভাৰতীয় দণ্ডবিধি  মানে IPCত বৈবাহিক ধৰ্ষণ অপৰাধ নহয়, এক ব্যতিক্ৰমহে

    IPCৰ ধাৰা 375ত বৈবৈহিক ধৰ্ষণৰ সংজ্ঞা দিয়া হৈছে। কিন্তু এই আইনে বৈবাহিক ধৰ্ষণক এক ব্যতিক্ৰম বুলিহে কৈছে। আইন মতে যদি পত্নীৰ বয়স ১৮ বছৰৰ অধিক হয় তেন্তে পতিয়ে তেওঁৰ পত্নীৰ সৈতে যৌন সম্ভোগ কৰিলে ধৰ্ষণ বুলি গণ্য কৰা নহ'ব। আনকি এজন পুৰুষে বলপূৰ্বকভাৱে বা পত্নীৰ ইচ্ছাৰ বিৰুদ্ধেও যৌন সম্ভোগ কৰিলে ধৰ্ষণ বুলি গণ্য কৰা নহব।

    এক-তৃতীয়াংশ পুৰুষে স্বীকাৰ কৰে বলপূৰ্বক যৌন সম্ভোগ কৰাৰ কথা

    আন্তৰ্জাতিক মহিলা কেন্দ্ৰ আৰু ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ দ্বাৰা ২০১৪ চনত চলোৱা এক জৰীপত এক-তৃতীয়াংশ ভাৰতীয় পুৰুষে স্বীকাৰ কৰিছে যে তেওঁলোকে পত্নীৰ সৈতে বলপূৰ্বক যৌন সম্ভোগ কৰিছে।

    ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-৩ অনুসৰি ভাৰতৰ ২৮ খন ৰাজ্যৰ ১০% মহিলাই কয় যে তেওঁলোকৰ স্বামীয়ে তেওঁলোকৰ সৈতে বলপূৰ্বক যৌন সম্ভোগ কৰে। এনে কৰাতো পৃথিৱীৰ ১৫১খন দেশত অপৰাধ।

    ভাৰতৰ চুবুৰীয়া দেশ ভূটানতো বৈবাহিক ধৰ্ষণ এক অপৰাধ 

    ১৯৩২ চনত পোলেণ্ডে বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে গণ্য কৰে। ১৯৭০ চনৰ ভিতৰত ছুইডেন, নৰৱে, ডেনমাৰ্কৰ দৰে দেশসমূহেও বৈবাহিক ধৰ্ষণক অপৰাধ গণ্য কৰে। ১৯৭৬ চনত অষ্ট্ৰেলিয়া আৰু ৮০ৰ দশকত দক্ষিণ আফ্ৰিকা, আয়াৰলেণ্ড, কানাডা, আমেৰিকা, নিউজীলণ্ড, মালয়েছিয়া, ঘানা আৰু ইজৰাইলেও ইয়াক অপৰাধৰ তালিকাভূক্ত কৰে।

    ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন বিশ্বৰ ১৮৫খন দেশৰ ভিতৰত ৭৭খনত বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে গণ্য কৰা স্পষ্ট আইন আছে আৰু ৭৪খন দেশত পত্নীক ধৰ্ষণৰ বাবে স্বামীৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ দাখিল কৰাৰ অধিকাৰ আছে।

    চীন, বাংলাদেশ, পাকিস্তান আৰু ভাৰতৰ দৰে ৩৪ দেশত বৈবাহিক ধৰ্ষণ অপৰাধ নহয়

    ৩৪খন এনে দেশ আছে য'ত বৈবাহিক ধৰ্ষণক অপৰাধ গণ্য কৰা হোৱা নাই বা পত্নীয়ে তেওঁৰ স্বামীৰ বিৰুদ্ধে ধৰ্ষণৰ বাবে অপৰাধমূলক গোচৰ তৰিব নোৱাৰে। চীন, বাংলাদেশ, পাকিস্তান, আফগানিস্তান, চৌদি আৰৱ আৰু ভাৰত ইয়াৰ ভিতৰত অন্যতম।

    অৱশেষত এইটোও আলোচনা কৰা হওক যে যদি বলপূৰ্বক যৌন সম্ভোগ কৰাটো অপৰাধ নহয়েই তেনে ক্ষেত্ৰত ভূক্তভোগী বিবাহিত মহিলা এগৰাকীৰ সন্মুখত কি কি বিকল্প থাকিব পাৰে-

    বিবাহ বিচ্ছেদৰ অধিকাৰ: হিন্দু বিবাহ আইন ধাৰা 13, 1995-ৰ অধীনত, পত্নীয়ে স্বামীৰ সন্মতি অবিহনেও বিবাহ বিচ্ছেদ লোৱাৰ অধিকাৰ আছে যদিহে স্বামীয়ে তাইক শাৰীৰিক আৰু মানসিকভাৱে উৎপীড়ন কৰিছে।

    গৰ্ভপাতৰ অধিকাৰ: গৰ্ভধাৰণ সমাপ্তি আইন, ১৯৭১ৰ অধীনত এগৰাকী পত্নীয়ে যিকোনো সময়তে গৰ্ভপাত কৰিব পাৰে, চাব লাগিব যাতে গৰ্ভধাৰণ ২৪ সপ্তাহতকৈ কম হয়। কিছুমান বিশেষ ক্ষেত্ৰত ২৪ সপ্তাহৰ পাছতো গৰ্ভপাতৰ ব্যৱস্থা ৰখা হৈছে। আৰু ইয়াৰ বাবে পত্নীগৰাকীক তেওঁৰ শহুৰৰ ঘৰ বা স্বামীৰ সন্মতিৰ প্ৰয়োজন নাই।

    গাৰ্হস্থ্য হিংসাৰ বিৰুদ্ধে অভিযোগৰ অধিকাৰ: গাৰ্হস্থ্য হিংসা আইন, ২০০৫-ৰ অধীনত, যিকোনো বিবাহিত মহিলাই শাৰীৰিক, মানসিক, যৌন বা বিত্তীয় নিৰ্যাতনৰ বাবে তেওঁৰ স্বামী বা শহুৰৰ পৰিয়ালৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰে।
    Published by:Manjumoni Borah
    First published: