• Home
  • »
  • News
  • »
  • explained
  • »
  • Manipur landslide|Explained: উন্নয়নৰ নামত পাহাৰত প্ৰহসন, মানৱ সৃষ্ট বিনাশৰ কুচকাৱাজ 

Manipur landslide|Explained: উন্নয়নৰ নামত পাহাৰত প্ৰহসন, মানৱ সৃষ্ট বিনাশৰ কুচকাৱাজ 

Video Screenshot-ANI

Video Screenshot-ANI

পাহাৰৰ বুকুত প্ৰতিটো গজাল চিন্তা কৰি নামাৰিলে, পাদদেশত বাজিব মৃত্যুৰ কীৰিলি  

  • Share this:
মণিপুৰ ননে জিলা (Noney District, Manipur)ৰ টুপুল অঞ্চলত নিৰ্মাণ হৈ আছে বিশ্বৰ সৰ্ব উচ্চ ৰে'ল লাইন । নিৰ্মীয়মান ৰে'ল আলিৰ এটা খুঁটা ১৪১ মিটাৰ উচ্চ । এই ৰেল আলি ইম্ফল-জিৰিবাম সংযোগী ১১১ কিলোমিটাৰ দৈর্ঘৰ ৰে’লপথ প্ৰকল্প (Railway Project)ৰ অংশবিশেষ ।  কিন্তু নিৰ্মাণথলীতে যোৱা সপ্তাহত মাজ নিশা পাহাৰ খহি জীৱন্তে সমাধিস্থ হ’ল প্ৰায় ৫০জন লোক । মৃত সকলৰ মাজত আছিল বহিঃৰাজ্যৰ শ্ৰমিক, নিৰাপত্তাৰক্ষী ইত্যাদি ।

উল্লেখযোগ্য যে, মণিপুৰৰ পাহাৰত ২০১৪চনৰ পৰা ২০২০চনৰ ভিতৰত ২০টা ভূমিস্খলন (Landslide)ৰ ঘটনা সংঘতিত হৈছে । অন্যহাতেদি কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰণালয়ে খোদ স্বীকাৰ কৰিছে যে মণিপুৰৰ এই ভূমিস্খলনৰ কাৰণ মানৱসৃষ্ট (Anthropogenical) । ২০১৮চনত তেতিয়াৰ পৰিৱেশ মন্ত্ৰী মহেশ শৰ্মাই সংসদৰ মজিয়াত অকপটে স্বীকাৰ কৰিছে যে মণিপুৰৰ ভূমিস্খলন (Manipur Landslide)ৰ কাৰণ হৈছে পাহাৰৰ গৰা (Slopes) সমূহৰ আকাৰৰ  নিৰ্মাণকার্যৰ কাৰণে পৰিবৰ্তন সধা । আন কাৰণ সমূহ হৈছে পাহাৰ কাটি নিৰ্মাণ কৰা ৰাস্তা সমূহ বহল কৰা কাৰ্য, পাহাৰৰ শিল ভঙা কাৰ্য, ঠুনুকা শিলৰ সমষ্টি, জটিল ভৌগোলিক গঠন আৰু অত্যধিক বৰষুণ । কাৰণ কেইটাৰ ভিতৰত মানৱ সৃষ্ট কাৰণেই সৰ্বাধিক ।

এতিয়া প্ৰশ্ন হয় যিহেতু আন্তঃগাঁথনিৰ উন্নয়নৰ অবিহনে মানৱ সমাজ উন্নতিৰ জখলা বগাব নোৱাৰে; গতিকে উপায় কি ? বিশিষ্ট নদী বিজ্ঞানী ড৹ নয়ন শৰ্মাই এই সন্দৰ্ভত News18 অসমক কয় – “উন্নয়ন আমাক লাগিবই; আমি মধ্যযুগীয়া আন্তঃগাঁথনি লৈ জীয়াই থাকিব নোৱাৰোঁ । কিন্তু প্ৰকৃতিৰ উপাদান সমুহ অনিষ্ট নকৰি আমি উন্নয়ন কৰিব লাগিব আৰু প্ৰযুক্তিৰ যোগেদি সেইয়া সম্ভৱ; কেৱল লাগিব সদিচ্ছা।“

দুমাহ পূৰ্বে অসমৰ ডিমা হাছাও জিলাত বৰষুণ আৰু ভূমিস্খলনৰ ফলত সম্পূৰ্ণ নিউ হাফলং ৰেল ষ্টেছনটো বোকাত পোত যোৱা আৰু নতুনকৈ স্থাপন কৰা ব্ৰড গেজ লাইনৰ এছোৱা ওলমি থকাৰ দৃশ্য এতিয়াও মানসপটত সজীৱ হৈ আছে । ২০১৪চনৰ পৰা কাৰ্যক্ষম হোৱা এই ৰে’ললাইনতো নিৰ্মাণৰ পূৰ্বে প্ৰয়োজনীয় “Soil Testing” নকৰাৰ অভিযোগ উত্থাপন হৈছিল । ইংৰাজে বিংশ শতিকাৰ দুৱাৰডলিত নিৰ্মাণ কৰা ডিমাচা পাহাৰৰ মিটাৰ গেজ লাইন এক শতিকাৰ অধিক কাল অক্ষত হৈ ৰৈছিল । গতিকে একবিংশ শতিকাত বিশ্বৰ বিভিন্ন দেশৰ পৰীক্ষিত প্ৰযুক্তিৰ প্ৰয়োগেৰে প্ৰকৃতিক ৰুষ্ট নকৰাকৈ উন্নয়ন কৰিব নোৱাৰাৰ থল নাই ।

ডঃ শর্মাই এই সন্দৰ্ভত বিশ্লেষণ কৰি কয় – “Interferometric Synthetic Aperture Radar প্ৰযুক্তি ব্যৱহাৰ কৰি আমাৰ পাহাৰবোৰৰ ভূমিস্খলন প্ৰৱণতা চিনাক্ত কৰিব পাৰি; কৃত্ৰিম উপগ্ৰহ Sentinel-6য়ে প্ৰেৰণ কৰা চিত্ৰৰ যোগেদি পাহাৰবোৰ ৬দিনৰ অন্তৰালত monitor কৰিব পাৰি । ইটালীৰ তুস্কানি নামৰ এক স্থানত এই প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি সুফল পাইছে ।“ ডঃ শৰ্মাই উত্তৰ পূৱত এনে সমূহ পদ্ধতি অৱলম্বন কৰাৰ দিশত সন্দিহান প্ৰকাশ কৰে ।

অন্যহাতেদি বৈজ্ঞানিক সমাজে মণিপুৰৰ টুপুলত ৰে’লপথ নিৰ্মাণৰ পূৰ্বে সঠিক Soil Testingৰ পোষকতা কৰিছে । কাৰণ মণিপুৰত ৰে’লপথ নিৰ্মাণ হৈ থকা স্থান সমূহ “Very High, high, moderate hazard zone”ত অন্তৰ্ভুক্ত । National Landslide Susceptibility Mapping Projectৰ প্ৰতিবেদনৰ পিছতো ভুমিস্খলন অনুধাৱন কৰিব নোৱাৰাতো উদ্বেগজনক বুলি পৰিগণিত হৈছে । আনহাতে ভুমিস্খলনৰ আগজাননী প্ৰযুক্তিৰ উদ্ভাৱনৰ দিশত Geological Survey of Indiaই কাম কৰি আছে বুলি গম পোৱা গৈছে ।

মুঠৰ ওপৰত অৰ্থনৈতিক দিশত পিছ পৰা উত্তৰ পূৰ্বাঞ্চলত যোগাযোগ ব্যৱস্থাৰ উত্তৰণৰ গত্যন্তৰ নাই । কিন্তু তেনে কৰিবলৈ গৈ যদি প্রকৃতিৰ ধ্বংসযজ্ঞত আমি লিপ্ত হওঁ তেন্তে পাদদেশ মৃত্যু উপত্যকালৈ আৰু অধিক পৰ্যবষিত হ’ব । ইয়াত শুকান, নিলাজ পাহাৰৰ একো ক্ষতি নহয়; বিনাশ হ’ব মানৱৰ । সেয়ে পাহাৰৰ বক্ষত প্ৰতিটো গজাল চিন্তা কৰি মৰাটো সময়ৰ আহ্বান ।
Published by:Manjumoni Borah
First published: