Lung Protection: যদি আমি ব্যায়াম (Exercise)ৰ সহায়ত হাঁওফাঁও শক্তিশালী কৰি ৰাখো, তেতিয়া কোৰোণা সংক্ৰমণৰ পিছতো হাঁওফাঁওৱে শৰীৰলৈ অক্সিজেনৰ উন্নত যোগানৰ ব
Lung Protection: যদি আমি ব্যায়াম (Exercise)ৰ সহায়ত হাঁওফাঁও শক্তিশালী কৰি ৰাখো, তেতিয়া কোৰোণা সংক্ৰমণৰ পিছতো হাঁওফাঁওৱে শৰীৰলৈ অক্সিজেনৰ উন্নত যোগানৰ ব
How To Increase Your Lung Capacity : কোৰোণা মহামাৰীৰ এই বিভীষিকাময় সময়ত সকলোৱে নিজৰ হাঁওফাঁও (Lung) শক্তিশালী কৰিবলৈ ভিন্ন পৰামৰ্শ আৰু পদক্ষেপ গ্ৰহণ কৰিছে। হাঁওফাঁওৱে আমাৰ শৰীৰক বিশুদ্ধ অক্সিজেনেৰে ভৰাই তোলে আৰু ইয়াৰ ওপৰত শৰীৰৰ প্ৰতিটো কাৰ্যকলাপ নিৰ্ভৰ কৰে। এই ক্ষেত্ৰত যদি আমি ব্যায়াম (Exercise)ৰ সহায়ত হাঁওফাঁও শক্তিশালী কৰি ৰাখো, কোৰোণা সংক্ৰমণৰ পিছতো হাঁওফাঁওৱে শৰীৰলৈ অক্সিজেনৰ উন্নত যোগানৰ বাবে সক্ষম হৈ থাকিব। ইয়াৰ বাবে, আপুনি উশাহ-নিশাহৰ ব্যায়াম, কাৰ্ডিঅ' ব্যায়াম আদি কৰি ইয়াৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে আৰু আপোনাৰ জীৱনশৈলী সলনি কৰি আপোনাৰ হাঁওফাঁও সুস্থ কৰি ৰাখিব পাৰে। হাঁওফাঁওৰ ক্ষমতা বৃদ্ধি কৰিবলৈ আমি কি কৰা উচিত সেই বিষয়ে জানো আহক।
এইদৰে কৰক উশাহ-নিশাহৰ ব্যায়াম
এখন হাত আপোনাৰ বুকুত আৰু আনখন পেটত ৰাখক। নাকৰ মাজেৰে উশাহ লওঁতে, হাঁওফাঁওলৈ বায়ু টানি নিয়ক আৰু মন কৰিব যে এই সময়ত পেট ফুলি উঠে। তাৰ পিছত, বুকুত উশাহ ভৰাই দিয়ক। এইদৰে ৫ ৰ পৰা ২০ ছেকেণ্ডৰ বাবে ধৰি ৰাখক আৰু তাৰ পিছত পেট সংকুচিত নোহোৱালৈকে মুখৰ পৰা লাহে লাহে উশাহ এৰি দিয়ক। ইয়াক পাঁচবাৰ পুনৰাবৃত্তি কৰক। এইটোৱে আপোনাক প্ৰমাণ কৰি দেখুৱাব যে আপুনি একেলগে কিমান বায়ু টানিব পাৰে। ই গভীৰ উশাহ পূৰণ কৰিবলৈ শিকাত সহায় কৰিব। প্ৰতিদিনে উশাহ বন্ধ কৰাৰ সময়সীমা বৃদ্ধি কৰক।
কাৰ্ডিওভাস্কুলাৰ ব্যায়াম কৰিব
দিনত কমেও ৩০ মিনিটৰ বাবে কাৰ্ডিঅ' ব্যায়াম কৰিব। কাৰ্ডিঅ' বাচনি কৰক যিয়ে আপোনাৰ হৃদস্পন্দন বৃদ্ধি কৰে আৰু আপোনাৰ উশাহ দ্ৰুতগতিত চলাচল কৰে। কাৰ্ডিঅ'ই হৃদযন্ত্ৰ শক্তিশালী কৰি হাঁওফাঁওৰ কাৰ্যক্ষমতা উন্নত কৰে। এক শক্তিশালী স্বাস্থ্যৱান হৃদযন্ত্ৰই তেজ বহুত ভালদৰে পাম্প কৰিব পাৰে আৰু গোটেই শৰীৰলৈ অক্সিজেন লৈ যাব পাৰে। ইয়াৰ বাবে, আপুনি এৰোবিক্স, চাইকেল চলোৱা, দৌৰা, নাচি নাচি ৱাটাৰ এৰোবিক্স আৰু জাম্পিং জেক আৰু লেগ লিফ্ট কৰিব পাৰে।
হাঁহক আৰু গান গাওঁক
স্বাস্থ্যৱান হাঁওফাঁওৰ বাবে আপুনি জোৰেৰে হঁহা আৰু গান গোৱাটোও গুৰুত্বপূৰ্ণ। এইবোৰে আপোনাৰ হাঁওফাঁওৰ ক্ষমতা বৃদ্ধি কৰে আৰু আপোনাৰ শৰীৰে যিমান পাৰে সিমান সতেজ বায়ু পায়। গান গোৱাৰ ফলত ডায়েফ্ৰামৰ পেশীবোৰে কাম কৰে, হাঁওফাঁওৰ ক্ষমতা বৃদ্ধি কৰে।
মুখেৰে বায়ু দি বজোৱা বাদ্যযন্ত্ৰ বজাওক
বায়ুৰ সহায়ত চালিত বাদ্যযন্ত্ৰবোৰে কেৱল মনোৰঞ্জনেই নিদিয়ে ই আপোনাৰ হাঁওফাঁওৰ নিয়মীয়া ব্যায়ামও কৰে। ইয়াৰ বাবে আপুনি বাঁহী অথবা তেনেধৰণৰ অন্যান্য বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিব পাৰে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|