Mutual Divorce: পাৰস্পৰিক বুজাপৰাৰ মাজেৰে কেনেদৰে বিবাহ বিচ্ছেদ গ্ৰহণ কৰিব পাৰি, আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিছে SCৰ অধিবক্তাই

News18 Assam | News18-Assam
Updated:March 15, 2021, 1:10 PM IST
Mutual Divorce: পাৰস্পৰিক বুজাপৰাৰ মাজেৰে কেনেদৰে বিবাহ বিচ্ছেদ গ্ৰহণ কৰিব পাৰি, আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিছে SCৰ অধিবক্তাই
যদিও সৰ্বনিম্ন ৬মাহ সময়ৰ প্ৰয়োজন কিন্তু বিশেষ প্ৰেক্ষাপটত ১ৰ পৰা ২মাহৰ ভিতৰতো পাৰস্পৰিক বুজাবুজিৰে বিবাহ বিচ্ছেদ সম্পন্ন হ’ব পাৰে।

যদিও সৰ্বনিম্ন ৬মাহ সময়ৰ প্ৰয়োজন কিন্তু বিশেষ প্ৰেক্ষাপটত ১ৰ পৰা ২মাহৰ ভিতৰতো পাৰস্পৰিক বুজাবুজিৰে বিবাহ বিচ্ছেদ সম্পন্ন হ’ব পাৰে।

  • Share this:
বিবাহ বিচ্ছেদ আমাৰ সমাজত এক ডাঙৰ বিষয় হিচাপে গন্য কৰা হয়। বিবাহ বিচ্ছেদৰ ধাৰণাটোৰ সৈতে ভিন্ন দিশ জড়িত হৈ থাকে। বিবাহ বিচ্ছেদৰ প্ৰকাৰো ভিন্ন থাকে। পাৰস্পৰিক বুজাপৰাৰ মাজেৰে বিবাহ বিচ্ছেদ গ্ৰহণ হৈছে বিবাহ বিচ্ছেদৰ এটা প্ৰকাৰ, যাৰ জৰিয়তে সম্পৰ্কত তিক্ততাপূৰ্ণ ভাৱ ভৱিষ্যতলৈ থাকি নায়ায়।

সেয়েহে প্ৰথমে জানি লও আহক দৰাচলতে পাৰস্পৰিক বুজাপৰা অথবা সন্মতিৰ দ্বাৰা বিবাহ বিচ্ছেদ কি?

যেতিয়া আপুনি আৰু আপোনাৰ পত্নী অথবা স্বামীয়ে পৃথককৈ সৌহাদ্যপূৰ্ণভাৱে বিচ্ছেদৰ চৰ্তসমূহ সমাধান কৰে, তেন্তে আপোনালোকে পাৰিবাৰিক আদালতৰ সন্মুখত হিন্দু বিবাহ আইন, ১৯৫৫ ৰ ধাৰা ১৩বিৰ অধীনত আৰু বিশেষ বিবাহ আইন, ১৯৫৪ৰ ধাৰা ২৪ৰ অধীনত পাৰস্পৰিক সন্মতিযুক্ত বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিব পাৰে।

২. বিবাহ বিচ্ছেদৰ আবেদন ক'ত দাখিল কৰা হৈছে ?
বিবাহ বিচ্ছেদৰ আবেদন অঞ্চলটোৰ পাৰিবাৰিক আদালতত দাখিল কৰিব পাৰিব | য'ত আপোনালোকৰ বিবাহ সম্পন্ন হৈছিল, য'ত আপুনি আৰু আপোনাৰ পত্নী অথবা স্বামীয়ে একেলগে বাস কৰিছিল আৰু য'ত আপোনাৰ পত্নীয়ে বাস কৰে ।

৩. আপুনি নিজে পাৰস্পৰিক সন্মতি বিবাহ বিচ্ছেদ দাখিল কৰিব পাৰিব নে ?

যদিও আইনে ইয়াক নিষিদ্ধ কৰা নাই , কিন্তু ইয়াৰ বাবে বিশেষ খচৰা প্ৰস্তুত কৰাৰ প্ৰয়োজন হয় আৰু পৃথকীকৰণৰ সময়ত আপোনাৰ অধিকাৰ সুৰক্ষিত হৈ থকাৰ বিষয়টো নিশ্চিত কৰিবলৈ আপুনি এগৰাকী অধিবক্তাৰ সৈতে আলোচনা কৰা উচিত।

৪. পাৰস্পৰিক সন্মতি বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াসমূহ কি কি ?

পাৰস্পৰিক সন্মতিৰ বাবে সাধাৰণতে আদালতত দুখনকৈ মুখ্য আবেদন দাখিলৰ প্ৰয়োজন |

প্ৰথমে হিন্দু বিবাহ আইন, ১৯৫৫ৰ ১৩বি(১)ধাৰাৰ অধীনত প্ৰথম প্ৰণালীৰ বাবে আবেদন কৰিব লাগিব | প্ৰথম প্ৰস্তাৱত সাক্ষ্য ৰেকৰ্ডিং কৰাৰ পাচত দুয়োপক্ষক তেওঁলোকৰ সিদ্ধান্তৰ ওপৰত পুনৰ চিন্তা চৰ্চা কৰিবলৈ ন্যূনতম ৬ মাহ আৰু সৰ্বাধিক ১৮ মাহৰ এক 'কুলিং পিৰিয়ড' সময়সীমা বান্ধি দিয়া হয় | তাৰ পাচতো যদি তেওঁলোকে বিবাহ বিচ্ছেদ বিচাৰে, তেন্তে তেওঁলোকে পৰৱৰ্তী পদক্ষেপলৈ আগবাঢ়িব লাগিব আৰু হিন্দু বিবাহ আইন, ১৯৫৫ৰ ১৩বি(২)ধাৰাৰ অধীনত দ্বিতীয় প্ৰণালীৰ বাবে আবেদন কৰিব লাগিব |

৫. এই ৬ৰ পৰা ১৮ মাহৰ "কুলিং পিৰিয়ড" ৰেহাই দিব পাৰি নে ?

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০১৭ চনত (https://indiankanoon.org/doc/79830357/)ত উল্লেখ কৰে যে, ৪ টা নিৰ্দিষ্ট চৰ্তৰ অধীনত এই সময়চোৱা ৰেহাই দিব পাৰি আৰু যদি তথ্য আৰু পৰিস্থিতিয়ে এনে দাবী কৰে তেন্তে সংশ্লিষ্ট ন্যায়ালয়ে ৰেহাই দিব পাৰে । ইয়াৰ বাবে দ্বিতীয় প্ৰণালীৰ আবেদনৰ সৈতে এখন অতিৰিক্ত আবেদন দাখিল কৰিব লাগিব, যিয়ে আপোনাৰ ক্ষেত্ৰত এই সময় কিয় প্ৰযোজ্য নহয় সেয়া তালিকাভুক্ত কৰিব ।

৬. এগৰাকী অধিবক্তাই পাৰস্পৰিক সন্মতিযুক্ত বিবাহ বিচ্ছেদত দুয়োপক্ষক প্ৰতিনিধিত্ব কৰিব পাৰে নেকি?

হয়, এনেক্ষেত্ৰত নিশ্চয়কৈ পাৰে |

৭. পাৰস্পৰিক সন্মতিৰ জৰিয়তে বিবাহ বিচ্ছেদ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন ?

যদিও প্ৰতিদ্বন্দ্বিতামূলক বিবাহ বিচ্ছেদ বাবে বহু সময়ৰ প্ৰয়োজন। কিন্তু পাৰস্পৰিক সন্মতিৰ জৰিয়তে ১ ৰ পৰা ২ মাহৰ কম সময়ৰ ভিতৰতে বিবাহ বিচ্ছেদ লাভ কৰিব পাৰি।

(লেখিকা প্ৰাচী মিশ্ৰা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা)
First published: March 10, 2021, 10:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি