কোভিডৰ দ্বিতীয় ঢৌৰ সংহাৰী ৰূপে সকলোকে চিন্তিত কৰি ৰাখিছে । প্ৰতিদিনৰ বৰ্ধিত কোভিড সংক্ৰমণৰ ঘটনাৰ পিছতেই কোভিডক লৈ সকলোৰে মাজত আতংকই বিৰাজ কৰিছে । কোভিডকালৰ এনে সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ টেষ্টৰ সংখ্যাও বৃদ্ধি পাইছে । সেয়েহে কোভিড টেষ্ট কৰাৰ পূৰ্বেই আপুনিও জানি লওক টেষ্ট সংক্ৰান্তীয় এই কেইটা বিশেষ কথা ।
১. কোভিড১৯ চিনাক্ত কৰিবলৈ কি কি পদ্ধতি উপলব্ধ?
কোভিড সৃষ্টিকাৰী ভাইৰাছ চিনাক্ত কৰিবলৈ সচৰাচৰ ব্যৱহৃত দুটা পদ্ধতি হৈছে আৰটিপিচিআৰ (RTPCR) আৰু ৰেপিড এন্টিজেন টেষ্ট (RAT) ।
২. RTPCR কি?
RTPCRৰ অৰ্থ হৈছে ৰিভাৰ্চ ট্ৰেন্সক্ৰিপটেজ পলিমেৰেজ চেইন ৰিয়েকচন । ইয়াক লগতে ৰিয়েল টাইম পিচিআৰ বুলিও জনা যায়। অতি কম পৰিমাণৰ ভাইৰাছ থকা নমুনাত RNAৰ একাধিক প্ৰতিলিপি বঢ়াবলৈ এই পদ্ধতি টো ব্যৱহাৰ কৰা হয় যাতে প্ৰদান কৰা নমুনাত সঠিকভাৱে আৰু কম সময়ত ভাইৰাছৰ উপস্থিতি চিনাক্ত কৰিব পাৰি। যদিও এই যন্ত্ৰটোৱে ফলাফল দিবলৈ মাত্ৰ ৩-৬ ঘণ্টা সময় লয়, কিন্তু বৃহৎ সংখ্যক নমুনা থকিলে ইয়াৰ ৰিপোৰ্টত পলম হ'ব পাৰে।
৩. পজিটিভ আৰু নিগেটিভ ৰিপোৰ্টৰ অৰ্থ কি?
প্ৰকৃত পজিটিভ মানে পৰীক্ষাত ভাইৰাছটো চিনাক্ত কৰা হৈছে ।
মিছা পজিটিভৰ অৰ্থ হৈছে যেতিয়া নমুনাত ভাইৰাছ প্ৰকৃততে নাথাকে কিন্তু পৰীক্ষাত ভাইৰাছ ভুলভাৱে চিনাক্ত কৰিছে ।
প্ৰকৃত নিগেটিভ অৰ্থ হৈছে পৰীক্ষাত কোনো ভাইৰাছ চিনাক্ত কৰা হোৱা নাই আৰু নমুনাটোত প্ৰকৃততে কোনো ভাইৰাছ নাই।
মিছা নিগেটিভ হৈছে পৰীক্ষাত ভাইৰাছটো চিনাক্ত কৰা নাই যদিও নমুনাত ভাইৰাছ আছে।
গতিকে পজিটিভ RTPCR ৰিপোৰ্টে ভাইৰাছৰ উপস্থিতি হিচাপে গণ্য কৰা হয় কিন্তু নিগেটিভ ৰিপোৰ্টে নিশ্চিতভাৱে ক'ব নোৱাৰে যে ভাইৰাছটো শৰীৰত নাই।
৪. RTPCR কিমান সংবেদনশীল?
সংবেদনশীলতাৰ অৰ্থ হৈছে ভাইৰাছ থকা নমুনাত ভাইৰাছ চিনাক্ত কৰাৰ বাবে পৰীক্ষাৰ শক্তি ।
নাক আৰু ডিঙিৰ পৰা লোৱা স্বাবৰ নমুনাত SARS COV 2 চিনাক্ত কৰিবলৈ RTPCR ৰ সংবেদনশীলতা প্ৰায় ৮৫%। ইয়াৰ অৰ্থ হৈছে ১০০টা নমুনাৰ ভিতৰত ৮৫টা নমুনাই সঠিক ফলাফল দিয়ে । ১৫টা নমুনাত ভাইৰাছ থাকিব পাৰে কিন্তু RTPCRৰ দ্বাৰা চিনাক্ত নকৰাৰ সম্ভাৱনা আছে। এনে ক্ষেত্ৰত পুনৰ RTPCR টেষ্টৰ দ্বাৰা ভাইৰাছটো চিনাক্ত কৰিব পাৰি ।
৫. RTPCR পৰীক্ষা কিমান নিৰ্দিষ্ট ?
নাক আৰু ডিঙিৰ পৰা স্বাবৰ নমুনাত SARS COV 2 চিনাক্ত কৰিবলৈ RTPCR ৰ নিৰ্দিষ্টতা হৈছে প্ৰায় ৯৮%। ইয়াৰ অৰ্থ হৈছে যে RTPCR পৰীক্ষাৰ ক্ষেত্ৰত ১০০টাৰ ভিতৰত কেৱল ২টা পৰীক্ষাৰ ফলাফলহে মিছা হ'ব পাৰে । সেয়েহে এই পৰীক্ষাৰ ফলাফলত পোৱা পজিটিভ ৰোগীক প্ৰকৃতাৰ্থত পজিটিভ বুলি গণ্য কৰা হয়।
৬. RTPCR প্ৰতিবেদনত "CT Value"ৰ অৰ্থ কি?
কোভিড পৰীক্ষাত "CT Value" হৈছে সংক্ৰমণৰ মাত্ৰা গণনা । "CT Value" হৈছে চক্ৰৰ সংখ্যা যাৰ পিছত ভাইৰাছটো চিনাক্ত কৰা হয় । "CT Value"যিমানেই কম হয়, ভাইৰাছৰ সংক্ৰমণ সিমানেই বেছি হয় ।
৭. অধিক "CT Value" অৰ্থ ৰোগটো অধিক গুৰুতৰ নেকি?
নহয়, "CT Value" আৰু ৰোগৰ তীব্ৰতাৰ মাজত কোনো সম্পৰ্ক নাই। "CT Value"এ ভাইৰেল বোজাৰ বিষয়ে কয়। কম "CT Value"ৰ অৰ্থ হৈছে ৰোগীৰ ক্ষেত্ৰত অধিক ভাইৰেল বোজা আৰু সেয়েহে অধিক সংক্ৰমণশীলতা অৰ্থাৎ ৰোগীয়ে ৰোগটো আনলৈ অধিক বিয়পাই দিয়ে । ২৪তকৈ কম "CT Value" থকা ৰোগীয়ে ২৪তকৈ অধিক "CT Value"থকা ৰোগীৰ তুলনাত ৰোগটো অধিক বিয়পাব পাৰে।
৮. RAT অৰ্থাত্ ৰেপিড এন্টিজেন পৰীক্ষা কি ?
- RAT অৰ্থাত্ ৰেপিড এন্টিজেন পৰীক্ষা হৈছে দ্ৰুততাৰে সম্পন্ন কৰা এক পৰীক্ষা ।
- RTPCRৰ টেষ্টত যিদৰে নিউক্লিক এচিড (RNA) চিনাক্ত কৰা হয়, ইয়াৰ বিপৰীতে RATএ স্বাবৰ নমুনাত প্ৰ'টিন চিনাক্ত কৰে।
৯. RAT টেষ্টৰ সুবিধা -
RAT টেষ্টৰ নামটোৱে বুজাই যে ই এক দ্ৰুত পৰীক্ষা আৰু ইয়াৰ ফলাফল ১৫-৩০ মিনিটতে লাভ কৰিব পাৰি ।
১০. RTPCRৰ বিপৰীতে RAT টেষ্টত দেখা দিয়া কিছু অসুবিধা?
RAT টেষ্টৰ সংবেদনশীলতা ৫০ % তকৈও কম । গতিকে লক্ষণযুক্ত ৰোগীসকলৰ ক্ষেত্ৰত ঋণাত্মক RAT পৰীক্ষাক ঋণাত্মক বুলি গণ্য কৰিব নোৱাৰি আৰু নিশ্চিত কৰিবলৈ RTPCRৰ বাবে যাব লগীয়া হয় ।
১১. এই পৰীক্ষাবোৰ সম্পাদন কৰিবলৈ শৰীৰৰ পৰা কি নমুনাৰ প্ৰয়োজন ?
নাক আৰু ডিঙিৰ পৰা স্বাবৰ নমুনাৰ প্ৰয়োজন হয় এই পৰীক্ষাৰ বাবে ।
১২. এগৰাকী লোকে কোভিড পৰীক্ষা কেতিয়া কৰিব লাগে ?
লক্ষণবোৰ দেখা দিয়াৰ লগে লগে বা যদি কোভিড ৰোগীৰ সংস্পৰ্শলৈ আহিলে পৰীক্ষা কৰা উচিত ।
১৩. পুনৰ কেতিয়া পৰীক্ষা কৰিব লাগে?
- যদি ৰোগীগৰাকী আৰোগ্য হৈ উঠে আৰু লক্ষণবোৰ মুক্ত হয়, তেনেহ'লে পুনৰ পৰীক্ষা কৰাৰ কোনো প্ৰয়োজন নাই। যিহেতু পৰীক্ষাত ভাইৰাছহে চিনাক্ত কৰা হয়, ৰোগ নহয় । গতিকে যদি ৰোগী সুস্থ হৈ থাকে তেন্তে পৰীক্ষা পজিটিভ হ'লেও চিন্তা কৰাৰ প্ৰয়োজন নাই।
- যদি নিয়োগকৰ্তাই কৰ্তব্যত যোগদান কৰিবলৈ কয়, তেতিয়াহে পৰীক্ষা পুনৰ কৰিব পাৰে ।
- লগতে ভ্ৰমণৰ উদ্দেশ্যে থাকিলে ।
FIRST PUBLISHED : May 27, 2021, 16:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।