১৫ আৰু ১৬ মাৰ্চত বেংক ধৰ্মঘট, কি প্ৰভাৱ পৰিব বেংকৰ কাম-কাজত? জানি লওক সবিশেষ ....
১৫ আৰু ১৬ মাৰ্চত বেংক ধৰ্মঘট, কি প্ৰভাৱ পৰিব বেংকৰ কাম-কাজত? জানি লওক সবিশেষ ....
ৰাজহুৱা খণ্ডৰ বেংকৰ লগতে অতি পূৰণি ব্যক্তিগত বেংকৰ প্ৰায় ১০ লাখ কৰ্মচাৰীয়ে আগন্তুক ১৫ আৰু ১৬ মাৰ্চত ধর্মঘটত কাৰ্যসূচী ৰূপায়ণ কৰিব। কিহৰ বাবে এই ধৰ্মঘট ? এই ধৰ্মঘটে বেংকৰ সেৱাসমূহক প্ৰভাৱিত কৰিব নেকি ?
ৰাজহুৱা খণ্ডৰ বেংকৰ লগতে অতি পূৰণি ব্যক্তিগত বেংকৰ প্ৰায় ১০ লাখ কৰ্মচাৰীয়ে আগন্তুক ১৫ আৰু ১৬ মাৰ্চত ধর্মঘটত কাৰ্যসূচী ৰূপায়ণ কৰিব। কিহৰ বাবে এই ধৰ্মঘট ? এই ধৰ্মঘটে বেংকৰ সেৱাসমূহক প্ৰভাৱিত কৰিব নেকি ?
দেশৰ ৰাজহুৱা খণ্ডৰ বেংকক ব্যক্তিগতকৰণৰ বিৰোধিতাৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ধৰ্মঘট নামিব বেংক কৰ্মচাৰীসকল | দেশৰ বেংকিং সেৱা খণ্ডক প্ৰভাৱিত কৰিব পৰাকৈ ৰাজহুৱা খণ্ডৰ বেংকৰ লগতে অতি পুৰণি ব্যক্তিগত বেংকৰ প্ৰায় ১০ লাখ কৰ্মচাৰীয়ে আগন্তুক ১৫ আৰু ১৬ মাৰ্চত ধর্মঘটত কাৰ্যসূচী ৰূপায়ণ কৰিব ।
দৰাচলতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত সংসদত কেন্দ্ৰীয় বাজেট উত্থাপন কৰাৰ সময়তে ১.৭৫ লাখ কোটি টকা উদ্ধাৰৰ বাবে চৰকাৰে বিনিয়োগ কাৰ্য বন্ধ কৰা অভিযানৰ অংশ হিচাপে ৰাজহুৱা খণ্ডৰ বেংক ব্যক্তিগতকৰণৰ কথা ঘোষণা কৰিছিল । আই.ডি.বি.আই. বেংকৰ বাহিৰে চৰকাৰে ২০২১-২২ বৰ্ষত দুটাকৈ ৰাজহুৱা খণ্ডৰ বেংক আৰু এটা সাধাৰণ বীমা কোম্পানীৰ ব্যক্তিগতকৰণৰ প্ৰস্তাৱ দিছিল । যাৰ বাবে ৯টাকৈ বেংক ইউনিয়নৰ মূখ্য সংস্থা ইউনাইটেড ফ'ৰাম অ'ৰ বেংক ইউনিয়ন (ইউএফবিইউ)য়ে এই সিদ্ধান্তৰ বিৰোধিতাৰে চৰকাৰৰ বিৰুদ্ধে ১৫ আৰু ১৬ মাৰ্চ অৰ্থাত্ আগন্তুক সোমবাৰ আৰু মঙলবাৰে দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘটৰ আহ্বান জনাইছে ।
যিহেতু ১৫ আৰু ১৬ মাৰ্চৰ ধৰ্মঘটৰ পূৰ্বে দ্বিতীয় শনিবাৰ আৰু দেওবাৰ উপলক্ষে ১৩ আৰু ১৪ মাৰ্চত বেংক বন্ধ থাকিব। তেনেস্থলত আগন্তুক চাৰিটা দিন ধৰি বেংক সেৱা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে এই চাৰি দিনত এটিএম সেৱা কাৰ্যকৰী হৈ থকা সম্ভাৱনা আছে।
চেক ক্লিয়াৰেন্স, নতুন একাউণ্ট খোলাৰ লগতে ডিমাণ্ড ড্ৰাফ্ট জাৰি কৰা আৰু ঋণ প্ৰক্ৰিয়া আদি সেৱাসমূহ ১৭ মাৰ্চলৈকে প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে । ভাৰতীয় ষ্টেট বেংকে এই সম্পৰ্কত জনায় যে বেংকে সকলো শাখা আৰু কাৰ্যালয়ত স্বাভাৱিক কাৰ্যকলাপৰ ব্যৱস্থা কৰিছে, কিন্তু ধর্মঘটৰ বাবে কামকাজ প্ৰভাৱিত হ'ব পাৰে ।