• Home
  • »
  • News
  • »
  • explained
  • »
  • Explained: দুই আদালতৰ মত-অমতৰ মাজত জিগনেশ মেৱানী গ্ৰেপ্তাৰ কাণ্ড, বৰপেটাৰ আদালতৰ পৰ্যৱেক্ষণত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ, মুখ্যমন্ত্ৰীৰ প্ৰশংসা

Explained: দুই আদালতৰ মত-অমতৰ মাজত জিগনেশ মেৱানী গ্ৰেপ্তাৰ কাণ্ড, বৰপেটাৰ আদালতৰ পৰ্যৱেক্ষণত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ, মুখ্যমন্ত্ৰীৰ প্ৰশংসা

Jignesh Mevani Case: গুজৰাট পোৱাৰ পিছতে মেৱানীয়ে দিছে গুজৰাট বন্ধৰ ভাবুকি 

Jignesh Mevani Case: গুজৰাট পোৱাৰ পিছতে মেৱানীয়ে দিছে গুজৰাট বন্ধৰ ভাবুকি 

Jignesh Mevani Case: গুজৰাট পোৱাৰ পিছতে মেৱানীয়ে দিছে গুজৰাট বন্ধৰ ভাবুকি 

  • Share this:
গুজৰাটৰ দলিত নেতা তথা বিধায়ক জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰৰ প্ৰসংগত তথা জামিন প্ৰদানৰ সময়ত বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতৰ  পৰ্যৱেক্ষণত স্থগিতাদেশ জাৰি কৰে  গুৱাহাটী উচ্চ ন্যায়ালয়ে।

সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati High Court) উল্লেখ কৰে যে বৰপেটাৰ আদালতে কৰা পৰ্যবেক্ষণমূলক মতামতে ''ইয়াৰ সীমা অতিক্ৰম কৰিছে" আৰু আৰক্ষী বাহিনী আৰু অসম চৰকাৰক "নিৰুৎসাহিত" কৰিছে।  পৰৱৰ্তী ৰায়দান পৰ্যন্ত পূৰ্বৰ ৰায়ত স্থগিতাদেশ জাৰি কৰে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে। অৱশ্যে বিধায়ক জিগনেশ মেৱানীৰ জামিনৰ ৰায় বাহাল ৰাখে উচ্চ ন্যায়ালয়ে।

উল্লেখ্য, বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশে মেৱানীক (Gujarat MLA Jignesh Mevani) জামিন প্ৰদান কৰাৰ পিছত স্থানীয় আদালতৰ পৰ্যৱেক্ষণমূলক ৰায়ক প্ৰত্যাহ্বান জনাই অসম চৰকাৰে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে সোমবাৰে এনেদৰে উল্লেখ কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুনানিক লৈ মুখ্যমন্ত্ৰীৰ অভিমত

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মন্তব্যৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) কয়- ''বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ মতামত গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগিত ৰাখে। কিয়নো সত্ৰ ন্যায়াধীশৰ এই মতামত গোচৰটো সাপেক্ষে সামঞ্জস্যহীন আছিল। মই ভাবোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এয়া সঠিক ৰায়দান।''

বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশে কি ৰায়দান কৰিছিল

দীঘলীয়া শুনানিৰ অন্তত বৰপেটাৰ সত্ৰ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীৰ আদালতে মহিলা কনিষ্টবলগৰাকীৰ এজাহাৰ  ভুৱা  বুলি অভিহিত কৰি বিধায়ক মেৱানীক ১ হাজাৰ টকা ব’ণ্ডত জামিন দিয়ে। বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতে  মহিলা আৰক্ষী বিষয়াগৰাকীয়ে দণ্ডাধীশৰ আদালতত এজাহাৰৰ বিপৰীতে¸ ঘটনাৰ বিৱৰণ দিয়া বুলি উল্লেখ কৰে৷ বিধায়কজনে তেওঁক বেয়া শব্দৰে গালি পৰা,  শালীনতা হানিৰ চেষ্টা চলোৱা অভিযোগৰো সুদুত্তৰ দিয়াত ব্যৰ্থ হয় বুলি ৰায়দানত উল্লেখ কৰিছিল আদালতখনে।  বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আনকি ৰাজ্যিক আৰক্ষীক (Assam Police) সমালোচনা কৰিছিল আৰু উচ্চ ন্যায়ালয়ক "বৰ্তমানৰ গোচৰৰ দৰে মিছা এজাহাৰ পঞ্জীয়ন প্ৰতিহত কৰিবলৈ আৰু আৰক্ষী কৰ্মীয়ে গুলীচালনা আৰু অভিযুক্তক হত্যা বা আঘাত কৰা প্ৰতিহত কৰিবলৈ" বিবেচনা কৰিবলৈ উচ্চ ন্যায়ালয়ক অনুৰোধ জনাইছিল।

কিন্তু এই প্ৰসংগত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশিস বৰুৱাই (Justice Debashis Barua) এই পৰ্যৱেক্ষণসমূহ নিম্ন ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰৰ বাহিৰত বুলি উল্লেখ কৰে সোমবাৰে। লগতে উচ্চ ন্যায়ালয়ে (Gauhati high court ) মেৱানী আৰু মহিলা আৰক্ষী বিষয়ালৈ জাননী প্ৰেৰণ কৰে, যিয়ে গুজৰাটৰ বিধায়কজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল আৰু শুনানিৰ পৰৱৰ্তী তাৰিখ ২৭ মে' নিৰ্ধাৰণ কৰে।

কিয় গ্ৰেপ্তাৰ কৰা হৈছিল মেৱানীক?

উল্লেখ্য, প্ৰধানমন্ত্ৰীৰ ওপৰত কৰা টুইটৰ বাবে কোকৰাঝাৰত মেৱানীৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন হোৱাৰ পিছত ২০ এপ্ৰিলত গুজৰাটৰ পালানপুৰ চহৰৰ পৰা তেওঁক প্ৰথমে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ২৫ এপ্ৰিলত কোকৰাঝাৰৰ এখন আদালতে তেওঁক গোচৰটোত জামিন মঞ্জুৰ কৰাৰ পিছত গুৱাহাটীৰ পৰা কোকৰাঝাৰলৈ অনাৰ সময়ত মহিলা আৰক্ষী বিষয়াক আক্ৰমণ কৰাৰ অভিযোগত তেওঁক পুনৰ বৰপেটা আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

গুজৰাট পোৱাৰ পিছতে মেৱানীয়ে দিছে গুজৰাট বন্ধৰ ভাবুকি 

বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন প্ৰসংগত মেৱানীয়ে কয়- "ন্যায়ালয়ে কৰা পৰ্যৱেক্ষণত লাজ অনুভৱ কৰাৰ পৰিৱৰ্তে, বিবেকক প্ৰশ্ন কৰা আৰু ইয়াৰ চৰিত্ৰ পুনৰীক্ষণ কৰাৰ পৰিৱৰ্তে, অসম চৰকাৰে ইয়াৰ স্থগিতাদেশৰ বাবে  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে, যাতে সত্ৰ ন্যায়াধীশৰ সেই পৰ্যৱেক্ষণমূলক মতামত প্ৰকাশযোগ্য নহয়।"

দলিত নেতা জিগনেশ মেৱানী অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ প্ৰায় দুসপ্তাহ পিছত মঙলবাৰে গুজৰাটত উপস্থিত হয়। তাত তেওঁ ৰাজ্যখনৰ ভাৰতীয় জনতা পাৰ্টী (বিজেপি) চৰকাৰক "অপ্ৰয়োজনীয়" বুলি অভিহিত কৰি চোকা সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে ৰাজ্যখনৰ বিজেপি চৰকাৰে একো কৰা নাছিল, যেতিয়া ৰাজ্যখনৰ এজন বিধায়কক "অপহৰণ" কৰা হৈছিল আৰু ইয়াৰ পৰা লৈ যোৱা হৈছিল। তেওঁ কয়- "মই গুজৰাট চৰকাৰক ক'ব বিচাৰোঁ যে আপোনালোক ইমান 'মূল্যহীন' যে যেতিয়া অসম আৰক্ষীয়ে গুজৰাটৰ গৌৰৱক পদদলিত কৰিবলৈ আহিছিল, তেতিয়া একো কৰিব নোৱাৰিলে। ইয়াৰ বাবে লজ্জিত হোৱা উচিত।'' মেৱানীয়ে লগতে কয়- ''অসম আৰক্ষীয়ে গুজৰাটৰ এজন বিধায়কক অপহৰণ কৰি তেওঁক অসমলৈ লৈ যোৱাটো গুজৰাটৰ ৬.৫ কোটি লোকৰ বাবে অপমানজনক।''

অসমৰ পৰা গুজৰাট পোৱাৰ পিছতে  বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰা মেৱানীয়ে চৰকাৰক কেইবাটাও দাবী পূৰণৰ চৰ্ত আৰোপ কৰিছে আৰু ১ জুনত 'গুজৰাট বন্ধ'ৰ আহ্বান জনোৱাৰ সতৰ্কবাণী দিছে।
Published by:Gautam Barman
First published: