কোৰোণাৰ প্ৰথমটো ঢৌৰ সময়ত বহু লোক কোভিডত আক্ৰান্ত হৈছিল যদিও মিউকৰ্মাইকোচিছ অৰ্থাৎ ব্লেক ফাংগাছৰ ঘটনা পোহৰলৈ অহা নাছিল । কিন্তু কোভিডৰ দ্বিতীয় ঢৌৰ কবলত পৰা দেশত এতিয়া ব্লেক ফাংগাছৰ দৰে ৰোগৰ বৰ্ধিত ঘটনাই চিন্তিত কৰিছে সকলোকে। দৰাচলতে দ্বিতীয় ঢৌৰ এই সময়ত দেশত দেখা দিয়া অক্সিজেনৰ নাটনিৰ বাবেই দেশত বৃদ্ধি পাইছিল ঔদ্যোগিক অক্সিজেনৰ ব্যৱহাৰ। সেয়েহে সম্প্ৰতি মিউকৰ্মাইকোচিছ অৰ্থাৎ ব্লেক ফাংগাছৰ বৰ্ধিত ঘটনাৰ সৈতে ঔদ্যোগিক অক্সিজেনৰ ব্যৱহাৰৰ ঘটনা জড়িত থকাৰ সন্দেহ কৰাত এই বিষয়টো পুনৰ চৰ্চালৈ আহিছে।
যোৱা ২০ বছৰ ধৰি চিকিৎসক হিচাপে অনুশীলন কৰি থকা চকু, কাণ আৰু নাকৰ বিশেষজ্ঞ ডাঃ ৰুচিৰ শ্বাহে এই সম্পৰ্কত কয় যে গুজৰাটত কোৰোণাৰ দ্বিতীয় ঢৌৰ পিছতে এতিয়া মিউকৰ্মাইকোচিছ এক নতুন মহামাৰীৰূপে উদ্ভৱ হৈছে। ৰাজ্য চৰকাৰেও এই ৰোগক মহামাৰী বুলি ঘোষণা কৰিছে। আজিৰ দিনত গুজৰাটত সৰ্বাধিক সংখ্যক মিউকৰ্মাইকোচিছৰ ঘটনা পোৱা গৈছে । তেনেস্থলত মিউকৰ্মাইকোচিছৰ বৰ্ধিত ঘটনাৰ বাবে ঔদ্যোগিক অক্সিজেনকেই দায়বদ্ধ কৰি ইয়াৰ ওপৰত আলোচনা কৰা হৈছে ।
কিন্তু ঔদ্যোগিক অক্সিজেনৰ ব্যৱহাৰকেই ব্লেক ফাংগাছৰ ঘটনা বৃদ্ধিৰ একমাত্ৰ কাৰণ বুলি কোৱাটো কঠিন। অক্সিজেনৰ চিলিণ্ডাৰত ব্যৱহৃত পানী, লেতেৰা মাস্কো ইয়াৰ কাৰণ হ'ব পাৰে। জ্যেষ্ঠ চিকিৎসক ডাঃ বসন্ত পেটেলে এই সম্পৰ্কত কয়– "বৰ্তমান গুজৰাটত মিউকৰ্মাইকোচিছৰ সংখ্যা বৃদ্ধি পাইছে। এইটো আমাৰ চিকিৎসকসকলৰ বাবেও চিন্তাৰ বিষয়। ঔদ্যোগিক অক্সিজেনৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে এই ঘটনা বৃদ্ধি হোৱা বুলি আলোচনা কৰা হৈছে, কিন্তু সংক্ৰমণ বিশেষজ্ঞসকলে এই সম্ভাৱনাবোৰক লৈ বৰ্তমানেও গৱেষণা চলাই আছে।"
এনে সত্ত্ৱেও কেইটামান দিশক লৈ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। ব্লেক ফাংগাছৰ বৰ্ধিত ঘটনাৰ লগত ইয়াৰ সম্পৰ্ক নুই কৰিব নোৱাৰি।
এটা গৱেষণাৰ বিষয়–
অক্সিজেন চিলিণ্ডাৰ এটা ভৰ্তি কৰাৰ পূৰ্বে ভেকুৱাম চাপেৰে পৰিষ্কাৰ কৰিব লাগে । অক্সিজেন ৰিফিলিঙৰ সময়ত এচিটিলিন আৰু অন্যান্য গেছ পৰীক্ষা কৰিব লাগে। চিলিণ্ডাৰত তেনে গেছ নাথাকিলেহে অক্সিজেন পুনৰ ভৰ্তি কৰিব লাগে। এই নিয়মসমূহ বৰ্তমানো পালন কৰা হোৱা নাই বুলি অনুমান কৰা হৈছে। যি সম্প্ৰতি গৱেষণাৰ ডাঙৰ বিষয় হিচাপে বিবেচিত হৈছে।
চিকিৎসাত ব্যৱহৃত অক্সিজেন আৰু উদ্যোগিক খণ্ডৰ অক্সিজেন আৰু SOPৰ বিশুদ্ধতাৰ স্তৰ
চিকিৎসা খণ্ডত ব্যৱহৃত অক্সিজেন চিলিণ্ডাৰৰ অক্সিজেন বিশুদ্ধতা ৯৯.৯০ শতাংশতকৈ অধিক আৰু ঔদ্যোগিক অক্সিজেন চিলিণ্ডাৰৰ অক্সিজেনৰ বিশুদ্ধতা হৈছে ৯৯.৬০ শতাংশ। লগতে চিকিৎসাত ব্যৱহূত অক্সিজেন চিলিণ্ডাৰত কিছুমান SOP অনুসৰণ কৰা হয়। কিন্তু ঔদ্যোগিক ব্যৱহাৰৰ বাবে ব্যৱহৃত অক্সিজেনৰ বাবে কোনো SOP নাই।
পৰিবহণৰ নিয়ম
অক্সিজেন ৰিফিলিং প্ৰকল্পৰ পৰা চিকিৎসালয় বা ঘৰলৈ অক্সিজেন চিলিণ্ডাৰ পৰিবহণ কৰাৰ বাবেও কিছুমান নিয়ম আছে । এই চিলিণ্ডাৰবোৰৰ পৰিবহণ কেৱল মুকলি বাহন অৰ্থাৎ টেম্পো, ট্ৰাক বা ট্ৰেক্টৰতহে হ'ব পাৰে। ইয়াক স্কুটাৰ, ৰিক্সা বা গাড়ীত পৰিবহণ কৰিব নোৱাৰি। বহু লোকে কোৰোণাৰ সময়ত গাড়ী বা অন্যান্য বন্ধ বাহনত চিলিণ্ডাৰ পৰিবহণ কৰিছিল । আনফালে অক্সিজেন যোগানৰ সময়ত কিছুমান ঠাইত ব্যৱহাৰ কৰা পানীৰ বিশুদ্ধতাক লৈও প্ৰশ্ন আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|