Best Saving Schemes: সঞ্চয়ৰ চিন্তা-চৰ্চা কৰিছে নেকি? ৭.৬% লৈকে নিশ্চিত ৰিটাৰ্ণ প্ৰদান কৰি আছে এই ৫খন চৰকাৰী সঞ্চয় আঁচনিয়ে ! জানি লওক

News18 Assam | News18-Assam
Updated:March 22, 2021, 4:00 PM IST
Best Saving Schemes: সঞ্চয়ৰ চিন্তা-চৰ্চা কৰিছে নেকি? ৭.৬% লৈকে নিশ্চিত ৰিটাৰ্ণ প্ৰদান কৰি আছে এই ৫খন চৰকাৰী সঞ্চয় আঁচনিয়ে ! জানি লওক
(Income Tax Act 80C) আয়কৰ আইনৰ ৮০c ধাৰাৰ অধীনত আপুনি পিপিএফ, (PPF) ইপিএফ, (EPF) এলআইচি প্ৰিমিয়াম, (LIC PREMIUM) সুকন্যা সমৃদ্ধি যোজনা (SUKANYA SAMRIDHI YOJNA) আদিত বিনিয়োগ কৰি লাভ কৰিব পাৰে কৰ লাভালাভ (Tax Benefit)

(Income Tax Act 80C) আয়কৰ আইনৰ ৮০c ধাৰাৰ অধীনত আপুনি পিপিএফ, (PPF) ইপিএফ, (EPF) এলআইচি প্ৰিমিয়াম, (LIC PREMIUM) সুকন্যা সমৃদ্ধি যোজনা (SUKANYA SAMRIDHI YOJNA) আদিত বিনিয়োগ কৰি লাভ কৰিব পাৰে কৰ লাভালাভ (Tax Benefit)

  • Share this:
দেশৰ নাগৰিকসকলৰ মাজত বিনিয়োগৰ অভ্যাস (INVESTMENT HABIT) বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ১২খনৰো অধিক সঞ্চয় (SAVINGS) আৰু পেঞ্চন আঁচনি (PENSION SCHEME) আৰম্ভ কৰিছে, য'ত বিনিয়োগ কৰি আপুনি নিশ্চিত ৰিটাৰ্ণ লাভ কৰিব পাৰে । চৰকাৰৰ দ্বাৰা জাৰি কৰাৰ বাবে এই আঁচনিসমূহক চিন্তাৰ কোনো কাৰণ নাই অৰ্থাৎ ইয়াত বিনিয়োগকাৰীৰ জমা ধন মাৰ যোৱাৰ কোনো আশংকাও নাই । একে সময়তে ইয়াত বিনিয়োগ কৰি আপুনি কৰ লাভালাভো পাব পাৰে ।

(Income Tax Act 80C) আয়কৰ আইনৰ ৮০c ধাৰাৰ অধীনত আপুনি পিপিএফ, (PPF) ইপিএফ, (EPF) এলআইচি প্ৰিমিয়াম, (LIC PREMIUM) সুকন্যা সমৃদ্ধি যোজনা (SUKANYA SAMRIDHI YOJNA), ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ (NSC), জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি (SCSS), ইউলিপ (ULIP), কৰ সঞ্চয় এফডি আদিত বিনিয়োগ কৰি ষ্টাম্প শুল্ক আৰু সম্পত্তি ক্ৰয় পঞ্জীয়ন মাচুলৰ ওপৰত কৰ লাভ প্ৰাপ্ত কৰিব পাৰিব । লগতে বছৰি ৭.৬% লৈকে নিশ্চিত ৰিটাৰ্ণৰ বাবে এই ৫খনেই হৈছে সৰ্বশ্ৰেষ্ঠ চৰকাৰী সঞ্চয় আঁচনি...

১.সুকন্যা সমৃদ্ধি যোজনা (SUKANYA SAMRIDHI YOJNA) -

কেন্দ্ৰীয় চৰকাৰে কন্যা সন্তানৰ ভৱিষ্যত উন্নত কৰিবলৈ এই আঁচনিখন তৈয়াৰ কৰিছে । এই আঁচনিৰ অধীনত কৰা বিনিয়োগক আয়কৰৰ ধাৰা ৮০cৰ অধীনত ৰেহাই দিয়া হৈছে। সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্ট মাত্ৰ ২৫০ টকাৰে খুলিব পৰা যায়। অৰ্থাৎ আপুনি প্ৰতিদিনে ১ টকা সঞ্চয় কৰিলেও এই আঁচনিৰ লাভ উঠাব পাৰিব । ইয়াত ৭.৬ শতাংশ হাৰত সুত পৰিশোধ কৰা হয় । ইয়াৰ দ্বাৰা কন্যা শিশুৰ উচ্চ শিক্ষা ব্যয়ৰ বাবে ৫০ শতাংশলৈকে ধন উলিয়াব পৰা যায় । এই আঁচনি এগৰাকী ছোৱালীৰ ২১ বছৰলৈ কৰা হয় বা তেওঁলোকৰ বিবাহৰ পূৰ্বলৈ কৰা হয় ।

২.ৰাজহুৱা ভৱিষ্য নিধি (PPF) -

ৰাজহুৱা ভৱিষ্য নিধি (পিপিএফ) হৈছে ভাৰতত উপলব্ধ আটাইতকৈ জনপ্ৰিয় দীৰ্ঘম্যাদী বিনিয়োগৰ আঁচনি । পিপিএফৰ আটাইতকৈ ডাঙৰ সুবিধাটোৱে হৈছে যে ই নিশ্চিত কৰ-মুক্ত ৰিটাৰ্ণ প্ৰদান কৰে, যিটো আপুনি এনপিএছ, মিউচুৱেল ফাণ্ডৰ দৰে অন্যান্য দীৰ্ঘম্যাদী বিনিয়োগ আঁচনিবোৰত লাভ নকৰিব । পিপিএফত প্ৰতি বছৰে ১.৫ লাখ টকালৈকে বিনিয়োগৰ ওপৰত আয়কৰ আইনৰ ধাৰা ৮০c ৰ অধীনত কৰ ৰেহাই প্ৰদান কৰা আছে। পিপিএফত উপাৰ্জন কৰা সুত আৰু মুলধন দুয়োটাৰে পৰিমাণৰ ওপৰত কৰ ৰেহাই দিয়া হয় । গ্ৰাহকসকলে পিপিএফ একাউণ্টত উপযুক্ত সুতৰ হাৰত ঋণো লাভ কৰিব পাৰে। এয়া বিশেষকৈ সেইসকলৰ বাবে অধিক লাভজনক যিসকলে চুটিম্যাদী ঋণৰ বাবে আবেদন কৰিব বিচাৰে । ইপিএফঅ'ৰ দ্বাৰা অন্তৰ্ভূক্ত নোহোৱা স্ব-নিযুক্ত পেছাদাৰী আৰু কৰ্মচাৰীসকলৰ বাবে পিপিএফ হৈছে আটাইতকৈ উপযুক্ত বিকল্প।

৩.জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি (SCSS)-

জ্যেষ্ঠ নাগৰিক সংৰক্ষণ আঁচনিৰ অধীনত বৃদ্ধ নাগৰিকসকলে ৫ বছৰলৈকে ধন জমা কৰিব পাৰে আৰু পৰিপক্কতাৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছতো ৩ বছৰৰ বাবে ইয়াৰ ম্যাদ বৃদ্ধি কৰিব পাৰে । এই আঁচনিত জ্যেষ্ঠ নাগৰিকসকলে ৭.৪% সুত লাভ কৰে । প্ৰতি তৃতীয় মাহত ইয়াৰ সুত উপলব্ধ হয় | ৬০ বছৰৰ অধিক বয়সৰ লোকসকলে ইয়াত ১০০০ টকাৰ পৰা ১৫ লাখ টকালৈ জমা কৰিব পাৰে । এই আঁচনিখনে ধন জমা কৰা লোকসকলক আয়কৰ আইনৰ ধাৰা ৮০cৰ অধীনত কৰ ৰেহাইৰ লাভালাভ প্ৰদান কৰা হয় । এই আঁচনিখনে ম্যাদৰ সময়ৰ পূৰ্বে অৰ্থাৎ ৫ বছৰৰ পূৰ্বে একাউণ্ট বন্ধ কৰিলে পেনাল্টী আৰোপ কৰা হয়, যি মূখ্য ধনৰ ৌ% ৰ পৰা ১.৫% হ'ব পাৰে।

৪. বেংক ফিক্সড ডিপোজিট (BANK FD)

দেশৰ প্ৰায় প্ৰতিটো বেংকে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিশেষ এফডি আঁচনি চলাই আছে। য'ত জ্যেষ্ঠ নাগৰিকসকলে সাধাৰণ গ্ৰাহকতকৈ কমেও ০.৫% অধিক সুত লাভ কৰে। একাংশ ব্যক্তিগত বেংকে ১%লৈ অধিক সুত পৰিশোধ কৰে। গ্ৰাহকসকলে বেংকত ন্যূনতম ৭ দিনৰ পৰা ১০ বছৰৰ বাবে এফডি কৰিব পাৰে। বেংকে ১ বছৰৰ তলৰ এফডিত প্ৰায় ৪% সুত প্ৰদান কৰে, ৫ বছৰীয়া এফডিত গড় ৫.৫% ৰ পৰা ৬% সুত প্ৰদান কৰে । অন্যহাতে কিছুমান ব্যক্তিগত বেংকে আৰু সৰু বিত্তীয় বেংকে এফডিৰ ওপৰত ৮% লৈকে সুত প্ৰদান কৰে। বেংক এফডিৰ ওপৰত সুত আপুনি বিচৰিলে প্ৰতি মাহে ল'ব পাৰে ।

৫. ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ (NSC) -

ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ (এনএছচি)ত ৫ বছৰৰ বাবে বিনিয়োগ কৰিলে জমাকাৰীসকলে নিশ্চিত ৰিটাৰ্ণ লাভ কৰে। এনএছচিয়ে বৰ্তমানে বছৰি ৬.৮% হাৰত সুত লাভ প্ৰদান কৰি আছে, যি পৰিপক্কতা সম্পূৰ্ণ হোৱাৰ পিছত উপলব্ধ | কিন্তু ইয়াৰ ওপৰত লাভ কৰিবলগীয়া ৰিটাৰ্ণবোৰ বাৰ্ষিকভাৱে চক্ৰবৃদ্ধি সুতৰ ওপৰত গণনা কৰা হয়। যাতে যিসকলে ইয়াত বিনিয়োগ কৰে তেওঁলোকে অত্যাধিক ৰিটাৰ্ণ লাভ কৰে। অৱশ্যে, ম্যাদ ওকলাৰ পাচত লাভ কৰা ধনৰ পৰিমাণৰ ওপৰত কৰ প্ৰযোজ্য হয় । অৱশ্যে, যদি আপুনি সুতৰ ধনখিনিক পুনৰ বিনিয়োগ কৰে তেন্তে ই কৰ মুক্ত হৈ পৰে । ইয়াত আপুনি ন্যূনতম ১০০০ টকা জমা কৰিব পাৰে ।
First published: March 16, 2021, 12:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি