উদ্যম পঞ্জীয়ন পৰ্টেলযোগে নতুন কোম্পানীৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক সহজ কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰে। ২০০১ চনত মোদী চৰকাৰে এই পৰ্টেল মুকলি কৰিছিল আৰু ইয়াৰ যোগেদিয়েই নতুন কোম্পানীৰ বাবে পঞ্জীয়নৰ সুবিধা প্ৰদান কৰিছিল। উদ্যম পঞ্জীয়ন পৰ্টেলযোগে নতুন কোম্পানীৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক সহজ কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰে। ২০০১ চনত মোদী চৰকাৰে এই পৰ্টেল মুকলি কৰিছিল আৰু ইয়াৰ যোগেদিয়েই নতুন কোম্পানীৰ বাবে পঞ্জীয়নৰ সুবিধা প্ৰদান কৰিছিল। লঘু আৰু মধ্যম খণ্ডৰ উদ্যোগ চমুকৈ MSMEৰ অধীনত নতুন কোম্পানীৰ পঞ্জীয়ন প্ৰক্ৰিয়াক সহজ কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে ২০২০চনৰ ১ জুলাইত এটা পোৰ্টেল মুকলি কৰিছিল । ইয়াৰ লক্ষ্য আছিল নতুন কোম্পানী আৰম্ভ কৰিবলৈ লোৱাসকলক পঞ্জীয়নৰ কঠিন প্ৰক্ৰিয়াৰ পৰা সুৰক্ষিত কৰি এটা পৃষ্ঠাত পঞ্জীয়নৰ সুবিধা প্ৰদান কৰা । ইয়াৰ জৰিয়তে এমএছএমইৰ অধীনত যিকোনো কোম্পানীৰ পঞ্জীয়ন বাবে সময় সংৰক্ষণৰ সৈতে সহজ পঞ্জীয়ন প্ৰক্ৰিয়া প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে | কেন্দ্ৰই ২৬ নৱেম্বৰ ২০২০ তাৰিখে জাৰি কৰা অধিসূচনা অনুসৰি, ১ এপ্ৰিল ২০২১ ৰ পৰা কাৰ্যকৰী পৰ্টেলত পঞ্জীয়নৰ বাবে জিএছ-টিআইএন (জিএছটিআইএন) বাধ্যতামূলক হ'ব , যি ২০২১ৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব । যদিও শেহতীয়াকৈ কেন্দ্ৰই নতুন কোম্পানী আৰম্ভ কৰিব বিচৰা লোকসকলক ইয়াৰ পৰা কিছু সকাহ প্ৰদান কৰিছে।
দৰাচলতে কেন্দ্ৰই জিএছ-টিন বাধ্যতামূলক কৰাৰ পাচত কেইবাটাও এমএছএমই সংগঠনে কৈছিল যে ই পঞ্জীয়ন প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পেলাইছে । লগতে তেওঁলোকে কৈছিল যে বহু উদ্যোগক জিএছটি ৰিটাৰ্ণ দাখিল কৰাৰ প্ৰয়োজনীয়তাৰ পৰা ৰেহাই দিয়া হৈছে । আনফালে যিহেতু বহু এমএছএমইৰ বাৰ্ষিক লেনদেন ইমান কম যে তেওঁলোকক জিএছটি আইনৰ অধীনত পঞ্জীয়নৰ প্ৰয়োজন নাই । তেনেস্থলত পঞ্জীয়নৰ বাবে জিএছ-টিনৰ প্ৰয়োজনীয়তা এক বাধা হৈ আহিছে ।
এতিয়ালৈকে ২.৫ লাখ এমএছএমইৰ বাবে পোৰ্টেলত পঞ্জীয়ন কৰা হৈছে -
এমএছএমই মন্ত্ৰালয়ে বিষয়টো পৰীক্ষা কৰাৰ পাচতে ৫ মাৰ্চ, ২০২১ তাৰিখে এক অধিসূচনা জাৰি কৰা হৈছিল। য'ত কোৱা হৈছিল যে, জিএছটি ৰিটাৰ্ণ দাখিল কৰা সকলৰ বাবে জিএছ-টিআইএন বাধ্যতামূলক হ'ব । আনফালে যিসকলক জিএছটি ৰিটাৰ্ণ দাখিল কৰাৰ পৰা ৰেহাই দিয়া হৈছে তেওঁলোকে তেওঁলোকৰ কোম্পানী পঞ্জীয়ন কৰাৰ সময়ত তেওঁলোকৰ পেন (PAN) নম্বৰ ব্যৱহাৰ কৰিব পাৰিব ।
উল্লেখ্য যে, উদ্যম পঞ্জীয়ন পৰ্টেলে ব্যৱসায়ীসকলৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । এই পৰ্টেলৰ সহায়ত, অসংগঠিত খণ্ডত কাম কৰা শিল্পী, হস্তশিল্পীসকলে যথেষ্ট সহায় লাভ কৰিছে। পোৰ্টেলটোত ২০২১ চনৰ ৫ মাৰ্চ পৰ্যন্ত ২৫ লাখৰো অধিক এমএছএমইৰ বাবে পঞ্জীয়ন কৰা হৈছে ।
First published: March 10, 2021, 10:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|