PAN-Aadhaar Linking : আধাৰৰ সৈতে আপোনাৰ পেন কাৰ্ডক লিংক কৰিছে নে নাই? অন্যথাই ভৰিব বৃহৎ পৰিমাণৰ জৰিমনা ! জানক Step by Step নিয়ম

News18 Assam | News18-Assam
Updated:March 31, 2021, 2:06 PM IST
PAN-Aadhaar Linking : আধাৰৰ সৈতে আপোনাৰ পেন কাৰ্ডক লিংক কৰিছে নে নাই? অন্যথাই ভৰিব বৃহৎ পৰিমাণৰ জৰিমনা ! জানক Step by Step নিয়ম
PAN-Aadhaar Linking : পেন কাৰ্ডক আধাৰৰ সৈতে লিংক কৰাৰ সময়সীমা ৩১ মাৰ্চলৈকে নিৰ্ধাৰণ কৰিছে দিছে আয়কৰ বিভাগে । যদি আপুনি এতিয়াও আপোনাৰ পেন কাৰ্ডক আধাৰৰ সৈতে লিংক কৰোৱা নাই, তেন্তে কৰক এইসমূহ কাম ৷ অন্যথা ভৰিব লগীয়া হ’ব পাৰে বৃহৎ পৰিমাণৰ জৰিমনা।

PAN-Aadhaar Linking : পেন কাৰ্ডক আধাৰৰ সৈতে লিংক কৰাৰ সময়সীমা ৩১ মাৰ্চলৈকে নিৰ্ধাৰণ কৰিছে দিছে আয়কৰ বিভাগে । যদি আপুনি এতিয়াও আপোনাৰ পেন কাৰ্ডক আধাৰৰ সৈতে লিংক কৰোৱা নাই, তেন্তে কৰক এইসমূহ কাম ৷ অন্যথা ভৰিব লগীয়া হ’ব পাৰে বৃহৎ পৰিমাণৰ জৰিমনা।

  • Share this:
আধাৰ কাৰ্ড আৰু পেন কাৰ্ড হৈছে দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ document অৰ্থাৎ নথিপত্ৰ । আয়কৰ ৰিটাৰ্ণ (ITR) দাখিল কৰাৰ পৰা আদি কৰি বৃহৎ বেংকিং লেনদেনলৈ, প্ৰয়োজন হয় পেন কাৰ্ডৰ । ইয়াৰ উপৰিও, আন বহুতো বিত্তীয় কাৰ্যকলাপৰ বাবে পেন কাৰ্ড থকাটো বাধ্যতামূলক। ইফালে বহুতো কাম সম্পাদন কৰিবলৈ আৰু নিজৰ পৰিচয়ৰ বাবে দেশজুৰি এতিয়া আধাৰ কাৰ্ড ব্যৱহাৰ কৰা হয় । তেনেস্থলত শেহতীয়াকৈ পেন কাৰ্ডক আধাৰৰ সৈতে লিংক কৰাৰ সময়সীমা ৩১ মাৰ্চলৈকে নিৰ্ধাৰণ কৰিছে দিছে আয়কৰ বিভাগ (Income Tax Department)এ । যদিহে আপুনি এতিয়াও আপোনাৰ পেন কাৰ্ডক আধাৰৰ সৈতে লিংক কৰোৱা নাই, তেন্তে শীঘ্ৰেই কৰি লওক এই কাম ৷ অন্যথা আপুনি ভৰিবলগীয়া হ’ব পাৰে বৃহৎ পৰিমাণৰ জৰিমনা ।

৩১ মাৰ্চৰ পিছত অচল হৈ পৰিব আপোনাৰ পেন কাৰ্ড -
যদি আপুনি চৰকাৰে নিৰ্ধাৰণ কৰা অন্তিম তাৰিখলৈকে আধাৰৰ সৈতে পেনৰ লিংক নকৰে, তেন্তে আপুনি সৰ্বাধিক ১,০০০ টকা জৰিমনা ভৰিবলগীয়া হ’ব পাৰে । ইয়াৰোপৰি, যিসকলে ৩১ মাৰ্চ ২০২১ লৈকে পেন কাৰ্ডক আধাৰৰ সৈতে লিংক নকৰে, তেওঁলোকৰ পেন কাৰ্ড ১ এপ্ৰিল ২০২১ৰ পৰা অকাৰ্যকৰী অৰ্থাৎ অচল হৈ পৰিব ।

অনলাইন এনেধৰণে কৰিব পাৰে লিংক -

>> প্ৰথমে আয়কৰ বিভাগৰ Websiteলৈ যাওক ।
>> আধাৰ কাৰ্ডত থকা নাম, পেন নম্বৰ আৰু আধাৰ নম্বৰ প্ৰবিষ্ট কৰক ।
>> আধাৰ কাৰ্ডত কেৱল জন্মৰ বছৰ দিয়া হ'লে ইয়াত Right Tick কৰক।

>> এতিয়া Captcha কোড প্ৰবিষ্ট কৰক।
>> Link Aadhaar বুটামত ক্লিক কৰক
>> আপোনাৰ পেন আধাৰৰ সৈতে লিংক হৈ যাব ।

SMSৰ জৰিয়তেও কৰিব পাৰে লিংক -
আপুনি আপোনাৰ ফোনত UIDPAN টাইপ কৰিব লাগিব। তাৰ পিছত ১২টা সংখ্যাযুক্ত আধাৰ নম্বৰ টাইপ কৰক। ১০টা সংখ্যাযুক্ত পেন নম্বৰ টাইপ কৰক। আৰু 567678 বা 56161 নম্বৰত SMSটো প্ৰেৰণ কৰক।

অকাৰ্যকৰী পেন কাৰ্ডক কেনেদৰে পুনৰ কাৰ্যকৰী কৰিব -(Activate PAN card)


অকাৰ্যকৰী পেন কাৰ্ডক পুনৰ কাৰ্যকৰী কৰিব পৰা হ'ব। ইয়াৰ বাবে আপুনি এটা SMS কৰিব লাগিব। SMS Boxত আপোনাৰ পঞ্জীভূক্ত ম'বাইলৰ পৰা ১২টা সংখ্যাযুক্ত পেন নম্বৰ আৰু ১০টা সংখ্যাযুক্ত আধাৰ নম্বৰ প্ৰবিষ্ট কৰাৰ পিছত আপুনি 567678 বা 56161 নম্বৰলৈ আৰু SMS প্ৰেৰণ কৰিব লাগিব।

এই পাঁচটা কামৰ বাবে অতি গুৰুত্বপূৰ্ণ পেন কাৰ্ড -

1. ৰিয়েল ইষ্টেট ক্ৰয় কৰিবলৈ
2. ক্ৰেডিট কাৰ্ডৰ বাবে
3. বীমাৰ প্ৰিমিয়ামৰ বাবে
4. ৫০ হাজাৰতকৈ অধিক ধনৰ লেনদেনৰ বাবে
5. TD বা FDৰ বাবে
First published: March 27, 2021, 12:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি