• Home
  • »
  • News
  • »
  • explained
  • »
  • How To Hide Your Personal Photos: ব্যক্তিগত ফটো বা ভিডিঅ'ক লৈ আৰু চিন্তিত নহ'ব ! এনেকৈ Googleৰ Locked Folderএ লুকুৱাই ৰাখিব সকলো, জানক সবিশেষ

How To Hide Your Personal Photos: ব্যক্তিগত ফটো বা ভিডিঅ'ক লৈ আৰু চিন্তিত নহ'ব ! এনেকৈ Googleৰ Locked Folderএ লুকুৱাই ৰাখিব সকলো, জানক সবিশেষ

এতিয়াৰ পৰা Google ব্যৱহাৰকাৰীসকলে নিজৰ সংবেদনশীল ফটো বা ভিডিঅ'বোৰ পাছক'ড বা ফিংগাৰপ্ৰিণ্টৰ (Pass code or Fingerprint)ৰ সহায়ত সুৰক্ষিত স্থানত ৰাখিব প?

এতিয়াৰ পৰা Google ব্যৱহাৰকাৰীসকলে নিজৰ সংবেদনশীল ফটো বা ভিডিঅ'বোৰ পাছক'ড বা ফিংগাৰপ্ৰিণ্টৰ (Pass code or Fingerprint)ৰ সহায়ত সুৰক্ষিত স্থানত ৰাখিব প?

এতিয়াৰ পৰা Google ব্যৱহাৰকাৰীসকলে নিজৰ সংবেদনশীল ফটো বা ভিডিঅ'বোৰ পাছক'ড বা ফিংগাৰপ্ৰিণ্টৰ (Pass code or Fingerprint)ৰ সহায়ত সুৰক্ষিত স্থানত ৰাখিব প?

  • Share this:
প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান গুগলে (Google) যোৱা মাহত Google I/O সন্মিলনৰ সময়ত গুগল ফটোৰ বাবে কেইবাটাও নতুন সুবিধা ঘোষণা কৰিছিল। ইয়াৰ অধীনত কোম্পানীটোৱে গুগল ফটোৰ বাবে লকড্ ফ'ল্ডাৰ ফিচাৰ (Locked Folder Feature) সুবিধা মুকলি কৰিছে যাতে ব্যৱহাৰকাৰীসকলে নিজৰ সংবেদনশীল ফটো বা ভিডিঅ'বোৰ পাছক'ড বা ফিংগাৰপ্ৰিণ্টৰ (Passcode or Fingerprint)ৰ সহায়ত সুৰক্ষিত স্থানত ৰাখিব পাৰিব।

লকড্ কৰা ফ'ল্ডাৰত সংৰক্ষিত ফটো বা ভিডিঅ'বোৰ ফটো গ্ৰিড, সন্ধান, এলবাম আৰু স্মৃতি আদি শিতানত প্ৰদৰ্শিত নহ'ব। সেইবোৰ আনকি তৃতীয় পক্ষৰ এপতো দেখা পোৱা নাযাব। অৱশ্যে লুকুৱাই ৰখা ফটোবোৰ ক্লাউডত বেক আপ কৰিব নোৱাৰি। যদি ইতিমধ্যে সেই ফটো/ভিডিঅ' বেক আপ কৰা হৈছে, তেতিয়া গুগলে সেইবোৰ ক্লাউডৰ পৰা আঁতৰাই দিব আৰু সেইবোৰ কেৱল স্থানীয়ভাৱে ফ'ল্ডাৰত মজুত থাকিব।

এইদৰে কৰিব পাৰিব ব্যৱহাৰ

ব্যৱহাৰকাৰীসকলে এই নতুন লকড্ কৰা ফ'ল্ডাৰটো ব্যৱহাৰ কৰিবৰ বাবে লাইব্ৰেৰী> ইউটিলিটি> লকড্ ফ'ল্ডাৰলৈ গৈ সুবিধা গ্ৰহণ কৰিব পাৰে। ব্যৱহাৰকাৰীসকলে ইয়াক ছেট আপ কৰাৰ পিছত, আপোনাৰ ফটো বা ভিডিঅ'সমূহ লাইব্ৰেৰীত যোগ দিয়া আৰম্ভ কৰিব পাৰে।

গুগল কেমেৰা এপো ছেট কৰিব পাৰে

ব্যৱহাৰকাৰীসকলে নতুন ফটো বা ভিডিঅ' পোনপটীয়াকৈ লকড্ কৰা ফ'ল্ডাৰত সংৰক্ষণ কৰিবলৈ গুগল কেমেৰা এপো ছেট আপ কৰিব পাৰে। ব্যৱহাৰকাৰীসকলে এই সুবিধাটো গ্ৰহণ কৰিবলৈ কেমেৰা এপটো খুলিব লাগিব। ওপৰৰ সোঁফালে কোণত থকা গেলেৰী আইকনটো টেপ কৰক আৰু তালিকাৰ পৰা 'লকড্ ফ'ল্ডাৰ' বাচনি কৰক।

বৰ্তমান কেৱল Google Pixel স্মাৰ্টফোনত উপলব্ধ হ'ব এই সুবিধা

এই সুবিধাটো কেৱল গুগল পিক্সেল স্মাৰ্টফোনৰ (Google Pixel) বাবে মুকলি কৰা হৈছে, যাৰ ভিতৰত আছে গুগল পিক্সেল ৩ শৃংখলা, পিক্সেল ৪ শৃংখলা আৰু পিক্সেল ৫। অৱশ্যে, এই সুবিধাটো এতিয়া কেৱল পিক্সেল স্মাৰ্টফোনৰ বাবেই একচেতিয়া হৈ আছে। কোম্পানীটোৱে কৈছে যে ই অন্যান্য এণ্ড্ৰইড ডিভাইচৰ বাবেও লকড্ ফ'ল্ডাৰবোৰ মুকলি কৰিব আৰু সকলোৱে এই বছৰৰ ভিতৰতে ইয়াক ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব।
First published: