உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • explained
    • »
    • Explained: কোভিড ভেকচিনে আপোনাক কিদৰে সুৰক্ষা প্ৰদান কৰিব ? ই কিমান দিনলৈ ধৰি ৰাখিব ৰোগ প্ৰতিৰোধ ক্ষমতা? জানক সবিশেষ ...

    Explained: কোভিড ভেকচিনে আপোনাক কিদৰে সুৰক্ষা প্ৰদান কৰিব ? ই কিমান দিনলৈ ধৰি ৰাখিব ৰোগ প্ৰতিৰোধ ক্ষমতা? জানক সবিশেষ ...

    বিকশিত ভেকছিনবোৰ সাম্প্ৰতিক পৃথিৱীৰ পৰিস্থিতিত ৰোগ প্ৰতিৰোধ কৰাত যথেষ্ট কাৰ্যকৰী আৰু গৱেষণাই পৰামৰ্শ দিয়ে যে ইয়ে সময়ৰ সৈতে ইয়াক কাৰ্যকৰিতা বজাই ৰাখিব ।

    বিকশিত ভেকছিনবোৰ সাম্প্ৰতিক পৃথিৱীৰ পৰিস্থিতিত ৰোগ প্ৰতিৰোধ কৰাত যথেষ্ট কাৰ্যকৰী আৰু গৱেষণাই পৰামৰ্শ দিয়ে যে ইয়ে সময়ৰ সৈতে ইয়াক কাৰ্যকৰিতা বজাই ৰাখিব ।

    বিকশিত ভেকছিনবোৰ সাম্প্ৰতিক পৃথিৱীৰ পৰিস্থিতিত ৰোগ প্ৰতিৰোধ কৰাত যথেষ্ট কাৰ্যকৰী আৰু গৱেষণাই পৰামৰ্শ দিয়ে যে ইয়ে সময়ৰ সৈতে ইয়াক কাৰ্যকৰিতা বজাই ৰাখিব ।

    • Share this:
    আপুনিও সেই ১ কোটি ৭০ লাখ লোকৰ মাজৰ এগৰাকী হ’ব পাৰে, যিসকলে কোৰোণা ভাইৰাছৰ ভেকচিনৰ কমেও এটা পালি গ্ৰহণ কৰিছে ৷ অন্যথা আপুনি এনে লোকৰ ভিতৰতো থাকিব পাৰে যিসকলে এতিয়াও ভেকচিন লাভৰ বাবে অপেক্ষা কৰি আছে । কিন্তু সেয়া যিয়েই নহওক, আপোনাৰ মনত হয়তো এনে এটা প্ৰশ্ন এতিয়াও আছে যে এই ভেকচিনবোৰে কিমান দিনলৈ আমাক কোভিডৰ পৰা সুৰক্ষা প্ৰদান কৰিব?

    বিকশিত ভেকচিনবোৰ সাম্প্ৰতিক পৃথিৱীৰ পৰিস্থিতিত ৰোগ প্ৰতিৰোধ কৰাত যথেষ্ট কাৰ্যকৰী আৰু গৱেষণাই পৰামৰ্শ দিয়ে যে ই সময়ৰ সৈতে ইয়াৰ কাৰ্যকৰিতা বজাই ৰাখিব ।

    কিন্তু এই সময়তে অস্পষ্ট দিশটো হ'ল যে, এই ভেকচিনবোৰে কিমান সময়লৈ ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰিব, যদি ভাইৰাছৰ উদীয়মান প্ৰকাৰবোৰৰ সৈতে যুঁজিবলৈ ভেকচিন সলনি কৰিব লাগিব নেকি, আৰু যদি পিছত বুষ্টাৰ শ্বটৰ প্ৰয়োজন হয়, তেন্তে কি কৰিব? এই সকলোবোৰ জানি লোৱাটো অতি প্ৰয়োজন ৷

    ৰোগ প্ৰতিৰোধ ক্ষমতা কেতিয়া আৰম্ভ হয় ?

    মিচিগান ষ্টেট ইউনিভাৰ্চিটীৰ সংক্ৰামক ৰোগৰ বিশেষজ্ঞ ডাঃ পিটাৰ গুলিকে কয়, ভেকচিন গ্ৰহণৰ পিছত, আপোনাৰ শৰীৰত ৰোগৰ সৈতে যুঁজ দিয়া এণ্টিবডী বিকশিত হ'বলৈ সপ্তাহ লাগে, যিয়ে আপোনাক ভাইৰাছৰ পৰা প্ৰতিৰোধ কৰে। ফাইজাৰ-বায়’এন টেক বা মডাৰ্ণা ভেকচিনৰ দ্বিতীয় পালিৰ দুসপ্তাহ পিছত আৰু জনছন এণ্ড জনছন ভেকচিনে দুসপ্তাহ পিছতহে সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰিব পাৰে।

    ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই প্ৰায় ৪,০০০ স্বাস্থ্য-যত্ন কৰ্মীৰ ওপৰত অধ্যয়ন চলাই বিগত সপ্তাহত প্ৰতিবেদন প্ৰকাশ কৰিছিল যে, ফাইজাৰ আৰু মডাৰ্ণা ভেকচিনৰ এটা ড’জ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত ৮০ শতাংশ কাৰ্যকৰী আৰু দ্বিতীয় পালিৰ পিছত ৯০ শতাংশ কাৰ্যকৰী হয় । সোমবাৰে হোৱাইট হাউছত এক ব্ৰীফিঙৰ সময়ত, ডাঃ এন্থনী ফাউচিয়ে আঙুলিয়াই দিছিল যে কেৱল প্ৰথম শ্বটৰ ওপৰত নিৰ্ভৰ কৰিলে "ক্ষীণ" সুৰক্ষা প্ৰদান কৰে।

    কোৰোণা বিৰুদ্ধে ভেকচিনৰ প্ৰতিৰোধৰ ম্যাদ সম্পৰ্কেও প্ৰশ্ন উত্থাপিত হযৈ আহিছে ৷

    কিমান দিনলৈ ই সুৰক্ষা প্ৰদান কৰিব?

    চিডিচিৰ অফিচিয়েল স্থিতি হৈছে “আমি নাজানো” ৷ আনহাতে গুলিকে ইণ্টেলিজেঞ্চাৰক কৈছিল, "আমি বুজিবলৈ আৰম্ভ কৰিছোঁহে যে কিমান দিনলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা থাকিব পাৰে" ৷ বিগত সপ্তাহত ফাইজাৰৰ পৰা এটা অংশৰ উত্তৰ আহিছিল, যিয়ে ঘোষণা কৰিছিল যে ড’জৰ দ্বাৰা আৰম্ভ হোৱা এণ্টিবডী আৰু তেওঁলোকে প্ৰেৰিত কৰা শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা টীকাকৰণ কৰা ব্যক্তিসকলৰ মাজত অধিক সংক্ৰামক প্ৰকাৰৰ বিপৰীতেও কমেও ছয় মাহ ধৰি অব্যাহত থাকে । নতুন গৱেষণাই এইটোও পৰামৰ্শ দিয়ে যে মডাৰ্ণা ভেকচিনে দিয়া সুৰক্ষা কমেও ছয় মাহৰ বাবে থাকে। ইয়াৰ অৰ্থ এইটো নহয় যে এই শ্বটবোৰৰ প্ৰতিৰোধ ক্ষমতা ছয় মাহতে বন্ধ হয়, ভেকচিনবোৰৰ নিদানিক পৰীক্ষণত স্বেচ্ছাসেৱকসকলক কিমান দিনলৈ অনুসৰণ কৰা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে । গুলিকে কয় যে কিছুমান বিশেষজ্ঞই "এইটো আৰু বেছি দিন থাকিব পাৰে বুলি ক'ব, কিন্তু এতিয়ালৈকে আমাৰ ওচৰত সঠিক উত্তৰ নাই।"

    ইপিনে জীৱবিজ্ঞানী আৰু হাৰ্ভাৰ্ডৰ প্ৰাক্তন অধ্যাপক উইলিয়াম হেচেলটাইনে দ্য আটলাণ্টিকক কৈছিল, "মডাৰ্ণা আৰু ফাইজাৰ ভেকচিনবোৰ প্ৰাকৃতিক সংক্ৰমণৰ আচৰিতভাৱে ভাল অনুকৰণ।" "কিন্তু এই ভেকচিনবোৰ অস্থায়ী সুৰক্ষা হোৱাৰ সম্ভাৱনা থকাৰ ওপৰত জোৰ দিয়াটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ। এবছৰ বা হয়তো দুবছৰ।"

    আনফালে অৰেগন ষ্টেট ইউনিভাৰ্চিটীৰ চেণ্টাৰ ফৰ গ্লোবেল হেল্থৰ সঞ্চালক চুনহুই চিয়ে ৱাশ্বিংটন পোষ্টক কয় যে ভেকচিনবোৰে কিমান সুৰক্ষা প্ৰদান কৰে আৰু কিমান দিনৰ বাবে , সেই সম্পৰ্কত কেইবাটাও কাৰকে প্ৰভাৱ পেলাব পাৰে। উদাহৰণ স্বৰূপে, ভেকচিন এটাৰ প্ৰতি অধিক শক্তিশালী ৰোগ প্ৰতিৰোধ সঁহাৰি থকা লোকসকলে অধিক এণ্টিবডী আৰু মেমৰি কোষ প্ৰস্তুত কৰিব - আৰু সেয়েহে ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ'ব৷ কিন্তু বৰ্তমানে এনে কোনো প্ৰমাণ নাই যে এক শক্তিশালী ৰোগ প্ৰতিৰোধ সঁহাৰিৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ম্যাদ বৃদ্ধি হ'ব।

    আমাক বুষ্টাৰ শ্বটৰ প্ৰয়োজন হ'বনে?

    বিশেষজ্ঞসকলে বিশ্বাস কৰে যে কোৰোণা ভাইৰাছ মহামাৰী শীঘ্ৰেই স্থানীয় হোৱাৰ সম্ভাৱনা আছে ৷ অৰ্থাৎ ভাইৰাছবিধ জনসংখ্যাত লাগি থাকিব, যাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে বুষ্টাৰ শ্বটৰ প্ৰয়োজন হ'ব পাৰে। নৱেম্বৰত ফাউচিয়ে কৈছিল "আমি পৰিকল্পনা কৰিব লাগিব যে এইটো এনেকুৱা এটা বস্তু যাৰ ওপৰত আমি দীৰ্ঘম্যাদীভাৱে নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব।" এইটো এনে এক বস্তু হ'ব পাৰে যি স্থানীয় হৈ পৰিব, যাৰ বিষয়ে আমি কেৱল সাৱধানহে হ'ব লাগিব।"

    ভৱিষ্যতে কোভিড১৯ কেনেকুৱা হ'ব সেই ক্ষেত্ৰত কোৰোণাক ফ্লুৰ(Flu) সৈতে তুলনা কৰিব পাৰি ৷ যি মাজে মাজে উদ্বেগজনক প্ৰকাৰ সৃষ্টি কৰে, যাৰ ফলত মহামাৰীৰ প্ৰাদুৰ্ভাৱ হয়। প্ৰতি বছৰে লাখ লাখ লোকে নিয়মীয়াকৈ ফ্লুৰ শ্বট লাভ কৰে আৰু সেই টীকাকৰণবোৰ ইনফ্লুৱেঞ্জা ভাইৰাছৰ শেহতীয়া পৰিৱৰ্তনৰ সৈতে যুঁজিবলৈ প্ৰস্তুত কৰা হয়।

    বৰ্তমানে, ফাইজাৰ আৰু মডাৰ্ণাই প্ৰাৰম্ভিক টীকাকৰণৰ পিছত কোভিড১৯ সুৰক্ষা বজাই ৰখাত বুষ্টাৰ শ্বট সহায়ক হ'ব পাৰে নেকি, সেই সম্পৰ্কে অধ্যয়ন কৰি আছে। বিশেষকৈ যেতিয়া গ্ৰেট ব্ৰিটেইন(B.1.1.7), দক্ষিণ আফ্ৰিকা (B.1.351), আৰু ব্ৰাজিল (P.1)ত প্ৰথমে ধৰা পৰা প্ৰকাৰৰ কথা আহিছিল । ইপিনে ভেকচিন বিকাশত ফাইজাৰৰ অংশীদাৰ বায়’এনটেকৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক উগুৰ চাহিনে এক প্ৰেছ বিজ্ঞপ্তিত কয়, "আমাৰ স্বত্বাধিকাৰী এমআৰএনএৰ ভেকচিন প্লেটফৰ্মৰ নমনীয়তাই আমাক প্ৰয়োজন হ'লে সপ্তাহৰ ভিতৰত কাৰিকৰীভাৱে বুষ্টাৰ ভেকছিন বিকশিত কৰিবলৈ অনুমতি দিছে" ৷ জনছন এণ্ড জনছনেও নিজৰ বুষ্টাৰ পৰীক্ষা কৰি আছে ।

    Source-https://nymag.com/intelligencer/2021/04/how-long-does-the-covid-vaccine-last.html
    Published by:Manjumoni Borah
    First published: