মুখ্যপৃষ্ঠা » খবৰ

» Explained

»Explainer: হৃদযন্ত্ৰ সুস্থ–সৱল কৰি ৰাখিব খুজিছে যদি জানক দৈনিক কিমান সময় ব্যায়াম কৰাৰ প্ৰয়োজন?

Explainer: হৃদযন্ত্ৰ সুস্থ–সৱল কৰি ৰাখিব খুজিছে যদি জানক দৈনিক কিমান সময় ব্যায়াম কৰাৰ প্ৰয়োজন?

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:25 PM IST
Explainer: হৃদযন্ত্ৰ সুস্থ–সৱল কৰি ৰাখিব খুজিছে যদি জানক দৈনিক কিমান সময় ব্যায়াম কৰাৰ প্ৰয়োজন?
৯০ হাজাৰতকৈও অধিক প্ৰাপ্তবয়স্কৰ ব্যায়ামৰ উদ্দেশ্য বিষয়ক তথ্যৰ ওপৰত কৰা অধ্যয়নৰ পৰা লাভ কৰা গৈছে যে যিকোনো পৰিমাণৰ শাৰীৰিক কাৰ্যকলাপ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল।

৯০ হাজাৰতকৈও অধিক প্ৰাপ্তবয়স্কৰ ব্যায়ামৰ উদ্দেশ্য বিষয়ক তথ্যৰ ওপৰত কৰা অধ্যয়নৰ পৰা লাভ কৰা গৈছে যে যিকোনো পৰিমাণৰ শাৰীৰিক কাৰ্যকলাপ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল।

  • Share this:
যদিহে আপুনিও এক সুস্থ-সবল, স্বাস্থ্যকৰ হৃদযন্ত্ৰ বিচাৰে তেন্তে আপুনি যিমানেই শাৰীৰিক ব্যায়াম কৰিব সিমানেই ভাল। কিয়নো শাৰীৰিক কাৰ্যকলাপ আৰু কাৰ্ডিওভাস্কুলাৰ ৰোগৰ মাজৰ সম্পৰ্কক লৈ কৰা এক অধ্যয়নত প্ৰমানিত হৈছে যে, প্ৰায়ে ব্যায়াম কৰা আৰু সক্ৰিয় থকা লোকসকলৰ মাজত আন লোকৰ তুলনাত হৃদৰোগ হোৱাৰ সম্ভাৱনা খুবেই কম। সেই ব্যায়ামত দিনত কেই মিনিট জগিং হয় নে সপ্তাহত একাধিক ঘণ্টা খোজ কাঢ়ে।

৯০ হাজাৰতৈ অধিক প্ৰাপ্তবয়স্কৰ ওপৰত তেওঁলোকৰ ব্যায়ামৰ ওপৰত কৰা এক অধ্যয়নৰ পৰা প্ৰমাণিত হৈছে যে যিকোনো প্ৰায় পৰিমাণৰ শাৰীৰিক কাৰ্যকলাপ কাৰ্ডিওভাস্কুলাৰ স্বাস্থ্যৰ বাবে ভাল।

যিহেতু আমি পূৰ্বৰ পৰাই জানো যে, সক্ৰিয় লোকসকলৰ শক্তিশালী হৃদয় থাকে । ১৯৪০ৰ শেষভাগত আৰু ১৯৫০ৰ আৰম্ভণিতে, ব্ৰিটিছ এপিড'মিঅ'লজিষ্ট জেৰেমি মৰিছে লাভ কৰিছিল যে, ব্ৰিটিছ বাছ কনডাক্টৰসকলে দিনটো যেনেদৰে ঘূৰি ফুৰিছিল আৰু ডবল-ডেকাৰ বাহনৰ ওপৰত খোজ কাঢ়িছিল সেইবাবে সিঁহতৰ মাজত হৃদৰোগৰ কোনো বেমাৰ নাছিল কিন্তু বিপৰীতে বাছৰ চালকসকলে যিহেতু দিনটো বহি থাকে। সেয়েহে তেওঁলোকৰ মাজত এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক আছিল।

তেতিয়াৰ পৰাই অধিকাংশ গৱেষকে অধ্যয়নত শাৰীৰিক কাৰ্যকলাপ আৰু কাৰ্ডিও'ভাস্কুলাৰ সমস্যাৰ মাজত একে ধৰণৰ সম্পৰ্কই চিনাক্ত কৰিছিল । বেছিভাগতেই হৃদৰোগৰ কম বিপদাশংকাৰ সৈতে অধিক পৰিমাণৰ শাৰীৰিক কাৰ্যকলাপ ঘনিষ্ঠভাৱে জড়িত হৈ থাকে ।

ইপিনে একাংশ গৱেষণাত কিন্তু এটা সীমা আছিল। যিহেতু মানুহৰ ব্যায়ামৰ পৰিমাণ আৰু তীব্ৰতা বৃদ্ধি পাইছে। তেনেস্থলত তেওঁলোকৰ হৃদয়ৰ কেতিয়াবা লাভ হৈছে আৰু কেতিয়াবা বেয়া । আন কিছু অধ্যয়নত আকৌ, দীৰ্ঘসময়জুৰি কৰা তীব্ৰ ব্যায়ামে হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি কৰিছে | লগতে তেওঁলোকে পৰামৰ্শ দিছিল যে অত্যাধিক ব্যায়ামে হৃদযন্ত্ৰৰ ক্ষতিও কৰিব পাৰে । কিন্তু এই অধ্যয়ন আনবোৰৰ তুলনাত সাধাৰণতে সৰু পৰিসৰৰ মাজতহে আছিল আৰু নিৰ্দিষ্ট লোকৰ গোটৰ ওপৰত মনোনিবেশ কৰিছিল, যেনে পুৰুষ মাষ্টাৰ খেলুৱৈ ।

সেয়েহে শাৰীৰিক কাৰ্যকলাপ আৰু কাৰ্ডিও'ভাস্কুলাৰ স্বাস্থ্যৰ মাজৰ সম্পৰ্কৰ কিছুমান দিশ এতিয়াও অস্পষ্ট হৈ আছে। আমি আমাৰ হৃদয়ৰ বাবে অত্যাধিক কাম কৰিব লাগে নে? পুৰুষ আৰু মহিলাসকলে একে পৰিমাণৰ শাৰীৰিক কাৰ্যকলাপৰ দ্বাৰা হৃদৰোগৰ বিপদৰ হাত সাৰিব পাৰিব নে? আমি এটা দিনত প্ৰকৃততে কিমান চলা-ফুৰা কৰো ?

সেই প্ৰশ্নবোৰৰ ওপৰত আগ্ৰহ প্ৰা

কাশ কৰিছিল ইংলেণ্ডৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এমিৰিটাছ অধ্যাপক ডা: টেৰেন্স ডয়ৰ আৰু তেওঁৰ সহকৰ্মীসকলে, যিয়ে দীৰ্ঘদিন ধৰি জীৱনশৈলী আৰু ৰোগৰ বিপদাশংকাৰ মাজৰ খেলখনৰ ওপৰত অধ্যয়ন কৰিছিল । তেওঁলোকে ইউকে বায়'বেংকত সাম্ভাব্য উত্তৰবোৰৰ বিষয়ে বৰ্ধিত স্পষ্টতাৰ এক সম্ভাৱ্য উৎসৰ বিষয়ে গম পাইছিল ।

ইউকে বায়'বেংক হৈছে ব্ৰিটেইনৰ ৫ লাখ তকৈও অধিক প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলাৰ স্বাস্থ্য আৰু জীৱনশৈলীৰ তথ্যৰ এক আকৰ্ষণীয় ডাঙৰ তথ্যৰ ভাণ্ডাৰ । ২০০৬ চনৰ আৰম্ভণিতে এই স্বেচ্ছাসেৱকসকলে জেনেটিক আৰু চিকিৎসা পৰীক্ষাৰ বাবে তেজ, প্ৰস্ৰাৱ আৰু লালটিৰ নমুনা প্ৰদান কৰে, তেওঁলোকৰ জীৱনৰ বিষয়ে দীঘলীয়া প্ৰশ্নাৱলীৰ উত্তৰ দিছিল আৰু সম্পৰ্ণ স্বাস্থ্য আৰু চিকিৎসা স্ক্ৰীণিং সম্পন্ন কৰিছিল। ১ লাখৰো অধিক লোক তেওঁলোকে কিমান চলা-ফুৰা কৰিছিল সেয়া সাৱধানে জোখাৰ বাবে এসপ্তাহৰ বাবে কাৰ্যকলাপ ট্ৰেকাৰ পিন্ধিবলৈও সন্মত হৈছিল |

ডাঃ ডয়ৰ আৰু তেওঁৰ সহকৰ্মীসকলে ট্ৰেকাৰ পিন্ধা ৯০হাজাৰ তকৈ অধিক পুৰুষ আৰু মহিলাক ৰেকৰ্ড কৰিছিল | তেওঁলোকক চাৰিটা গোটত বিভক্ত কৰি তেওঁলোকে প্ৰতি সপ্তাহত কিমান চলা-ফুৰা কৰিছিল, ক্ৰুটি নকৰাকৈ তাৰ সম্পূৰ্ণ নিৰীক্ষণ কৰিছিল |

অৱশেষত গৱেষকসকলে চিকিৎসালয় আৰু মৃত্যুৰ ৰেকৰ্ডৰ পৰা তথ্য সংগ্ৰহ কৰিছিল যে, অধ্যয়নত যোগদান কৰাৰ এবছৰ পাচত ৯০ হাজাৰ স্বেচ্ছাসেৱকৰ ভিতৰত কিমানজনে হৃদৰোগত আক্ৰান্ত হৈছিল আৰু তেওঁলোকৰ কাৰ্যকলাপৰ অভ্যাসৰ ওপৰত অধ্যয়ন আৰম্ভ কৰিছিল।

তথ্য লাভ কৰা গৈছিল সক্ৰিয় হৈ থকাটো হৃদৰোগৰ বিৰুদ্ধে সুৰক্ষামূলক আছিল । অতি কম সক্ৰিয় গোটৰ লোক, যিসকলে খুব কমেই চাৰিওফালে খোজ কাঢ়িছিল বা ব্যায়াম কৰিছিল তেওঁলোকৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা দুগুণতকৈ অধিক আছিল ।

গৱেষকসকলেও লাভালাভৰ কোনো উচ্চ সীমা লাভ কৰা নাছিল । যিসকল পুৰুষ আৰু মহিলাই আটাইতকৈ বেছি চলা-ফুৰা কৰে, সপ্তাহত ১,১০০ মিনিট বা দিনত দুঘণ্টাতকৈ অধিক খোজ কাঢ়ে, লগতে প্ৰায়ে সপ্তাহত ৫০ মিনিট বা অধিক সময়ৰ বাবে তীব্ৰভাৱে কাম কৰা তেনে লোকৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি হোৱাৰ আশংকা দেখা নাযায় । ইয়াৰ পৰিৱৰ্তে, এই গোটটোৱে এই ৰোগৰ পৰা আটাইতকৈ সকাহ লাভৰ লগতে পুৰুষ আৰু মহিলা উভয়ৰ লাভালাভ সমান পৰিমাণৰ আছিল ।

যিয়ে ফলাফলে পূৰ্বে লাভ কৰা তথ্যক আৰু অধিক শক্তিশালী কৰি তোলে যে "তীব্ৰ শাৰীৰিক কাৰ্যকলাপসহ শাৰীৰিক কাৰ্যকলাপে হৃদৰোগৰ আশংকা হ্ৰাস কৰাৰ বাবে গুৰুত্বপূৰ্ণ।
First published: March 3, 2021, 1:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি