সোণক আমি প্ৰায়েই বিপদৰ সংগী বুলি গণ্য কৰোঁ । যেতিয়া কোনো বিপদ আহে আৰু জৰুৰীভাৱে নগদ ধন (emergency Cash)ৰ প্ৰয়োজন হয়, সেই সময়ত বহু লোকে তেওঁলোকৰ সোণৰ গহনা (gold jewellery) বিক্ৰী কৰাৰ সিদ্ধান্ত লয়। কিন্তু সোণৰ গহনা বিক্ৰীৰ ক্ষেত্ৰত বহু ক্ৰেতাই বিক্ৰেতাৰ দুৰ্যোগৰ সুযোগ লোৱাৰ আশংকা থাকে। গতিকে কেনেকৈ ইয়াৰ উচিত মূল্য পাব পাৰে, সেই সন্দৰ্ভত আৰু অধিক কথা জানি লোৱা দৰকাৰ।
সঠিক ওজন আৰু কেৰেট পৰীক্ষা কৰক
গহনা বিক্ৰী কৰাৰ পূৰ্বে গহনাবোৰৰ সঠিক ওজন আৰু কেৰেট জানি লওক। ইয়াৰ বাবে সদায় ৰচিদ লোৱাটো ভাল। যদি আপোনাৰ কোনো ৰচিদ নাই বা ৰচিদত উল্লেখ কৰা হোৱা নাই, তেন্তে প্ৰথমে ইয়াৰ ওজন–কেৰেট বিচাৰি উলিয়াওক। আপুনি কেৰেট মিটাৰ থকা জুৱেলাৰীৰ সৈতে যোগাযোগ কৰিব পাৰে। এইটো নিশ্চিত কৰিবলৈ দুই বা ততোধিক জুৱেলাৰীত পৰীক্ষা কৰাটো উচিত হ'ব।
গহনাসমূহৰ হলমাৰ্কিং চাওক
যদি আপুনি অলংকাৰবোৰৰ বিশুদ্ধতাৰ বিষয়ে নিশ্চিত নহয়, আপুনি ইয়াক এক বা একাধিক কেৰেট মিটাৰ থকা জুৱেলাৰীৰ জৰিয়তে পৰীক্ষা কৰাব পাৰে। গহনাবোৰৰ হলমাৰ্কিঙে ইয়াৰ বিশুদ্ধতা নিৰূপণ কৰে আৰু ক্ৰেতাই সদায় এনে গহনা পছন্দ কৰিব। যদি গহনাবোৰ হলমাৰ্ক কৰা হয়, ই সহজ হৈ পৰে, কিয়নো হলমাৰ্ক ষ্টাম্পত কেৰেটবোৰ উল্লেখ কৰা হয়।
সঠিক ক্ৰেতা বাছনি কৰক
আপুনি য'ত গহনা কিনিছিল, তাতেই বিক্ৰী কৰিবলৈ চেষ্টা কৰক। কিছুমান দোকানত কেৱল তেওঁলোকে বিক্ৰী কৰা গহনাবোৰহে ক্ৰয় কৰাৰ নীতি আছে। এটা প্ৰতিষ্ঠিত ব্ৰেণ্ডৰ জুৱেলাৰীৰ ওচৰলৈ যোৱাটো সদায়ে ভাল।
বহুতো জুৱেলাৰীৰ সৈতে কথা পাতক
চূড়ান্ত মূল্যত উপনীত হোৱাৰ আগতে জুৱেলাৰীয়ে অপচয় হিচাপে এক নিৰ্দিষ্ট ওজন হ্ৰাস কৰিব পাৰে। বিক্ৰী কৰাৰ পূৰ্বে জুৱেলাৰীয়ে অপচয়ৰ বাবে হ্ৰাস কৰা ওজন হিচাপ কৰক। কেতিয়াবা এজন জুৱেলাৰীয়ে ২০%লৈকে অপচয়ৰ বাবে ধন কৰ্তন কৰিব পাৰে। যদি অলংকাৰত পাথৰ থাকে, তেওঁলোকে অধিক অপচয় গণনা কৰিব পাৰে। তৈয়াৰৰ খৰচৰ বাবে আপুনি সেই ধন পুনৰ নাপাব, যিমান টকা আপুনি গহনা ক্ৰয়ৰ ক্ষেত্ৰত পৰিশোধ কৰিছিল।
অভিজ্ঞসকলে কি কয়?
অভিজ্ঞসকলৰ মতে, যদি আপুনি ১০,০০০ টকাৰ অধিক মূল্যৰ গহনা বিক্ৰী কৰি আছে, জুৱেলাৰীয়ে কেৱল চেকৰ জৰিয়তেহে পৰিশোধ কৰিব পাৰে। সেয়েহে, নিশ্চিত কৰিব যে জুৱেলাৰীয়ে চেকৰ দ্বাৰা ধন পৰিশোধ কৰিবলৈ সক্ষম হ'ব। লগতে, দোকান আৰু সোণ ক্ৰেতাৰ পৰা সাৱধান হ'ব যি প্ৰায়ে ভুল পৰামৰ্শ দি নিজৰ সুবিধা আদায় কৰে। গতিকে আপুনি এটা প্ৰতিষ্ঠিত ব্ৰেণ্ডৰ জুৱেলাৰীৰ ওচৰলৈ যোৱাটো ভাল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|