নিৰ্বাচনৰ বতৰত হঠাৎ হিমন্ত বিশ্ব শৰ্মাৰ অফিচিয়েল টুইটাৰ একাউন্টত স্থান পালে তেওঁৰ অসম আন্দোলনৰ সময়ৰ দুখন ক’লা-বগা ফটো । এখনত শৰ্মাক দেখা পোৱা গ’ল আন্দোলনৰ নেতা সদৌ অসম ছাত্ৰ সন্থাৰ তেতিয়াৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনৰ সৈতে । ফটোখন দি তেওঁ লিখিলে “জেষ্ঠ সতীৰ্থৰে অসম আন্দোলনৰ সময়ৰ স্মৃতি ।" নিৰ্বাচনৰ বতৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘প্ৰফুল্ল-ভৃগু’ৰ সৈতে এন নিৰ্বাচিত স্মৃতি ৰোমন্থনে স্বাভাৱিকতে ৰাজনৈতিক বিশ্লেষকক আলোচনাৰ মহলা মাৰিবলৈ খোৰাক প্ৰদান কৰিছে ।
হিমন্ত বিশ্ব শৰ্মাৰ জন্ম ১৯৬৯ চনত । অসম আন্দোলনৰ (১৯৭৯-৮৫) ভৰপকত শৰ্মা ১২-১৩ বছৰীয়া বালক – এক প্ৰকাৰৰ পখিলা খেদাৰ বয়স । কিন্তু এই কম বয়সীয়া শিশুজন প্ৰত্যক্ষ ভাৱে জড়িত হৈ আছিল অসম আন্দোলনৰ সৈতে । অতি ঘনিষ্ঠ আছিল আন্দোলনৰ শীৰ্ষ নেতৃত্বৰ । বিস্ময় বালকৰ উপাধি পাইছিল বর্তমানৰ প্ৰতাপী মন্ত্ৰী গৰাকীয়ে ।
জেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰি কয় – “প্ৰফুল্ল, ভৃগুৰ যথেষ্ট মৰমৰ আছিল শিশু হিমন্ত বিশ্ব শৰ্মাৰ । দুয়ো তেওঁক ঘৰুৱা নামেৰে সম্বোধন কৰিছিল । সম্ভৱতঃ মোমায়েকৰ যোগেদি হিমন্ত প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু ফুকনৰে সংযুক্ত হৈছিল ।“ সেই সময়ৰ কথা মনত পেলাই মহন্তই কয় – “হিমন্তৰ অধ্যয়নৰ প্ৰতি থকা আগ্ৰহ আৰু আন্দোলনৰ বিভিন্ন দিশ সমূহৰ প্ৰতি থকা অনুসন্ধিৎসু মনোভাৱে মোহিত কৰিছিল বিশেষকৈ ভৃগু ফুকনক । ফুকন নিজেও এজন অধ্যয়নশীল ব্যক্তি আছিল । তেওঁৰ বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ কোঠাত থকা বিশাল গ্ৰন্থৰ ভাণ্ডাৰ প্ৰায়ে লিৰিকি বিদাৰি চাইছিল বালক হিমন্তই । সেয়ে ফুকনে এক প্ৰকাৰ groom কৰিছিল বৰ্তমানৰ প্ৰৱল প্রতাপী মন্ত্ৰী জনক । "
সেই ঠুনুকা বয়সতে ‘প্ৰফুল্ল-ভৃগু’ৰ পৰা ৰাজনীতিৰ আদি পাঠ গ্ৰহণ কৰিছিল শর্মাই । ছাত্ৰ সন্থাত সেই সময়ত চলা লবী কেন্দ্ৰিক ৰাজনীতিৰ হিমন্ত প্ৰথম শাৰীৰ দর্শক আছিল; কেৱল দর্শকেই নহয়, সেইবোৰৰ পৰা তীক্ষ্ণ হিমন্তই আয়ত্ত কৰিছিল ৰাজনীতিৰ আদি পাঠ বুলি ক’ব খোজে মহন্তই ।
শিশু অৱস্থাতে হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ সামাজিক আৰু ৰাজনৈতিক অৱস্থাৰ বোধ-শক্তিৰ বিষয়ে অনুধাৱন কৰি ভৃগু ফুকনে হিমন্তক পৰৱৰ্তী পৰ্যায়ত গুৰুত্বপূৰ্ণ দায়িত্বৰ কাৰণে প্ৰক্ষেপ কৰিছিল । মহন্তৰ মতে তাৰে পৰিপ্ৰেক্ষিততে শৰ্মা কটন কলেজত একাধিক বাৰ নিৰ্বাচন জয়ী হৈ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈছিল । সদৌ গুৱাহাটী ছাত্ৰ সন্থাটো তেওঁক গুৰু দায়িত্ব অপৰ্ণ কৰা হৈছিল । হিমন্তৰ ৰাজনৈতিক পৰিপক্কতাৰ উমান পাই পিছত সেয়ে হিতেশ্বৰ শইকীয়াই তেওঁক আঁকোৱালি লৈছিল ।
নিৰ্বাচনৰ বতৰত অসম আন্দোলনৰ ফটো ৰাজহুৱা কৰাৰ কি উদ্দেশ্য ? উল্লেখযোগ্য যে, শিশু অৱস্থাতে ৰাজনীতি শিকোৱা ভৃগু ফুকনকে ২০০১ চনৰ অসম বিধান সভা নিৰ্বাচনত পৰাজিত কৰিছিল হিমন্ত বিশ্ব শৰ্মাই । আনহাতে অসম আন্দোলনৰ অৱসান ঘটাই সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তি স্বাক্ষৰ কৰাই আজি ৩৫বছৰত ভৰি দিলে । শৰ্মাই এই সময়ছোৱাত কংগ্ৰেছ; বিজেপি দুয়ো দলৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰী হ’ল । অসম চুক্তি ৰূপায়ণ বিভাগো তেওঁক দিয়া হ’ল । কিন্তু এতিয়াও চুক্তি ৰূপায়ণ সুদূৰপৰাহত । আগন্তুক অসম বিধান সভা নিৰ্বাচনত দ্বিতীয় বাৰৰ বাবে বিজেপিক জয়ী কৰোৱাৰ দায়িত্বও তেওঁৰ হাততে । তাৰ মাজতে কৌশল গত ভাৱে তেওঁ প্ৰক্ষেপ কৰিছে আন্দোলনৰ ফটো ।
মহন্তৰ মতে – শৰ্মাই সমাজৰ খাটি খোৱা শ্ৰেণীক যি ধৰণে সহজ ভাষাত বার্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰে ঠিক তেনেধৰণে বৌদ্ধিক মহলকো কৰ্ম-কাণ্ডৰে engage কৰি ৰাখিব বিচাৰে । মহন্তই কয় – শৰ্মাই চাগৈ ক’ব বিচাৰিছে তেওঁক জাতীয়তাবাদ কোনেও শিকাব নালাগে; অসম আন্দোলনৰ ৮৫৫জন শ্বহীদৰ বলিদান এতিয়াও তেওঁৰ মনত সজীৱ; সেই স্মৃতি তেওঁ এতিয়াও বুকুত লৈ ফুৰিছে ।
আজিও বহু জনে প্ৰফুল্ল মহন্ততকৈ ভৃগু ফুকন কাৰ্যক্ষম মুখ্যমন্ত্ৰী হ’লহেতেনে বুলি ক’ব খোজে । গতিকে এই ফটোৰ যোগেদি হিমন্তই অসমৰ ৰাইজক এইবাৰ সেই ঐতিহাসিক ভুল নকৰিবলৈও আহ্বান জনোৱাৰো থল আছে বুলি মন্তব্য কৰিব বিচাৰে মহন্তই ।
উল্লেখযোগ্য যে, ২০২০চনৰ ১০ ডিচেম্বৰ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী হিমন্তই অসম আন্দোলনৰ সময়ত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত হোৱা গোপন যোগাযোগ সমূহ ৰাজহুৱা কৰিবলৈ দাবী জনাইছিল । চুক্তি ৰূপায়ণত তৎপৰতা প্ৰদৰ্শন নকৰিলেও বা নিৰ্বাচনী প্রচাৰত প্ৰতিশ্ৰুতি নিদিলেও সেই সময়ৰ স্মৃতি ৰাজহুৱাকৈ ৰোমন্থন কৰাত কিন্তু কোনো ধৰণৰ কৃপনালি কৰা নাই শৰ্মাই । উজনি অসম দখল কৰিবলৈ তেওঁৰ এইয়া আৱেগি সৰ্বস্ব কৌশলে বুলিও বহু জনে ক’ব বিচাৰে ।
FIRST PUBLISHED : March 15, 2021, 18:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।