• Home
  • »
  • News
  • »
  • explained
  • »
  • সময়ৰ পূৰ্বে আপুনিও PFৰ ধন উলিয়াইছে নেকি? সন্মুখীন হ'ব বৃহৎ লোকচানৰ... সবিশেষ জানি লওক

সময়ৰ পূৰ্বে আপুনিও PFৰ ধন উলিয়াইছে নেকি? সন্মুখীন হ'ব বৃহৎ লোকচানৰ... সবিশেষ জানি লওক

নতুন কোম্পানীত যোগদান কৰাৰ পিছত পিএফ (PF)ৰ পুৰণি কোম্পানীৰ সৈতে সংযোগ কৰাটো হ'ব লাভজনক।

নতুন কোম্পানীত যোগদান কৰাৰ পিছত পিএফ (PF)ৰ পুৰণি কোম্পানীৰ সৈতে সংযোগ কৰাটো হ'ব লাভজনক।

নতুন কোম্পানীত যোগদান কৰাৰ পিছত পিএফ (PF)ৰ পুৰণি কোম্পানীৰ সৈতে সংযোগ কৰাটো হ'ব লাভজনক।

  • Share this:

ব্যক্তিগত খণ্ডত (Private Employee) কাম কৰা কৰ্মচাৰীসকলৰ দুইৰ পৰা তিনি বছৰৰ ভিতৰত চাকৰি সলনি কৰাৰ প্ৰৱণতা আহে। কিন্তু চাকৰি সলনি কৰাৰ সৈতে পূৰ্বৰ কোম্পানীৰ পিএফ (PF)ৰ সম্পূৰ্ণ ধন উলিওৱাটো আপোনাৰ বাবে হ'ব পাৰে বৃহৎ লোকচান। ই আপোনাৰ ভৱিষ্যতৰ পুঁজি আৰু সঞ্চয় নাইকিয়া কৰে। লগতে পেঞ্চনৰ কোনো ধাৰাবাহিকতা নাথাকে। নতুন কোম্পানীটোত যোগদান কৰাৰ পিছত পিএফ (PF)ৰ পুৰণি কোম্পানীৰ সৈতে সংযোগ কৰাটো হ'ব লাভজনক। অৱসৰৰ পিছতো যদি আপোনাক ধনৰ প্ৰয়োজন নহয়, তেন্তে আপুনি কেইবছৰমানৰ বাবে পিএফ এৰিব পাৰে।


কোভিড-১৯ অগ্ৰিম আঁচনিৰ সুবিধা ভাবি-চিন্তি লওক


কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাই (EPFO) পুনৰ এবাৰ কোভিড-১৯ৰ অগ্ৰিম আঁচনি আৰম্ভ কৰিছে। ইয়াৰ অধীনত আপুনি আপোনাৰ ভৱিষ্যত নিধিৰ (PF account) পৰা ৩ মাহৰ দৰমহাৰ সমান ধন উলিয়াব পাৰে। অৱশ্যে এই আঁচনিৰ লাভালাভ কেৱল প্ৰয়োজন হ'লেহে ল'ব লাগে, কিয়নো পিএফ পুঁজিৰ পৰা ধন উলিয়ালে আপোনাৰ অৱসৰ পুঁজিৰ এক ডাঙৰ ক্ষতি হ'ব পাৰে।


তিনি বছৰ ধৰি লাভ কৰিব সুত


যদি আপুনি অৱসৰৰ পিছতো পিএফৰ ধন উলিয়াব নোৱাৰে, তেন্তে আপুনি তিনি বছৰৰ বাবে সুত লাভ কৰি থাকিব। ইয়াক তিনি বছৰৰ পিছতহে নিষ্ক্ৰিয় একাউণ্ট বুলি গণ্য কৰা হয়। পিএফৰ পৰিমাণ বেছিভাগ লোকে ভৱিষ্যতৰ বাবে এক সুৰক্ষিত পুঁজি হিচাপে সংগ্ৰহ কৰি ৰাখে। উল্লেখ্য যে যদি আপুনি প্ৰয়োজনৰ বাবে টকা উলিয়াব লগা হয়, তেন্তে কে ৱাই চি (KYC) থকাটো অতি গুৰুত্বপূৰ্ণ।


যদি এজন ব্যক্তি দুমাহৰ বাবে নিবনুৱা হৈ থাকে, তেন্তে তেওঁ সমগ্ৰ পিএফৰ ধন উলিয়াব পাৰে, আনহাতে চাকৰি এৰি দিয়াৰ এমাহ পিছত ৭৫ শতাংশ ধন উলিয়াব পাৰিব। যদি তেওঁ চাকৰিৰ সময় দহ বছৰতকৈ কম হয়, তেন্তে পেঞ্চনৰো সমুদায় ধন উলিয়াব পাৰে। সাধাৰণতে অৱসৰৰ পিছতহে সমগ্ৰ পিএফৰ ধন উলিয়াব পাৰি।


উল্লেখ্য যে ভৱিষ্যত নিধি অৰ্থাৎ পিএফ সম্পৰ্কীয় নিয়মবোৰত এক ডাঙৰ সাল-সলনি হৈছে। নতুন নিয়ম অনুসৰি, প্ৰতিজন গৰাকীয়ে পিএফ একাউণ্ট আধাৰৰ সৈতে লিংক কৰিব লাগিব। নিয়োগকৰ্তাৰ দায়িত্ব হ'ব কৰ্মচাৰীসকলক তেওঁলোকৰ পিএফ আধাৰ পৰীক্ষা কৰিবলৈ কোৱা। এই নতুন নিয়ম ১ জুনৰ পৰা কাৰ্যকৰী হৈছে। EPFOএ এই সন্দৰ্ভত নিয়োগকৰ্তাসকলৰ বাবে এটা জাননী জাৰি কৰিছে। যদি নিয়োগকৰ্তাই এনে কৰিবলৈ সক্ষম নহয়, তেতিয়া গ্ৰাহকৰ একাউণ্টত নিয়োগকৰ্তাৰ অৱদান বন্ধ কৰা হ'ব পাৰে। একে সময়তে গ্ৰাহকসকলৰ UAN নম্বৰো আধাৰৰ সৈতে পৰীক্ষা কৰিব লাগিব।

Published by:Gautam Barman
First published: