দুখন মাস্ক ব্যৱহাৰৰ কাৰণ হৈছে কাপোৰৰ স্তৰ যোগ কৰা নহয়, যাতে আপোনাৰ মুখ আৰু নাকৰ অংশ সম্পূৰ্ণৰূপে কোনো ব্যৱধান নথকাকৈ ঢাক খাই থাকে, তাৰ বাবেহে সতৰ্ক হোৱাটো প্ৰয়োজন ৷ দুখন মাস্ক ব্যৱহাৰৰ কাৰণ হৈছে কাপোৰৰ স্তৰ যোগ কৰা নহয়, যাতে আপোনাৰ মুখ আৰু নাকৰ অংশ সম্পূৰ্ণৰূপে কোনো ব্যৱধান নথকাকৈ ঢাক খাই থাকে, তাৰ বাবেহে সতৰ্ক হোৱাটো প্ৰয়োজন ৷ দুখন টানকৈ পিন্ধা ফেচ মাস্কেহে আপোনাক SARS-COV-2ৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰিব ৷ কিয়নো এনেদৰে মাক্স পৰিধানেহে কণাবোৰক ফিল্টাৰ কৰাৰ কাৰ্যকৰীতা প্ৰায় দুগুণ কৰিব পাৰে, যাতে ই আপোনাৰ নাক আৰু মুখলৈ যোৱাৰ লগতে কোভিড১৯ সৃষ্টি কৰাত বাধা প্ৰদান কৰিব পাৰে ৷ এক নতুন অধ্যয়নত পোৱা গৈছে এই তথ্য ৷
ডাবল মাস্ক পিন্ধাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত মত প্ৰকাশ কৰি এইমছৰ সঞ্চালক ডাঃ ৰণদ্বীপ গুলেৰিয়াই কয় যে বিশেষকৈ N-95 মাস্ক পিন্ধিব লাগে, কিন্তু সেইবোৰ সহজে উপলব্ধ নহ'বও পাৰে। তেনেস্থলত পৰৱৰ্তী সৰ্বশ্ৰেষ্ঠ বিকল্পটো হ'ল ডাবল মাস্কিং, যাৰ বাবে ৩ টা প্লাইযুক্ত চাৰ্জিকেল মাস্কৰ ওপৰত কাপোৰৰ মাস্ক থাকিব লাগে । যদি প্ৰথম দুয়োটা বিকল্প উপলব্ধ নহয়, তেন্তে কাপোৰৰ দুখন মাস্কে প্ৰয়োজনীয় কাম কৰিব লাগে ৷
যদিও N-95 মাস্কৰ ফিল্টাৰেচন কাৰ্যকাৰীতা ৯০%, চাৰ্জিকেল মাস্ক ৮৫%-৯০% সুৰক্ষামূলক আৰু তাৰ পিছতহে আহে কাপোৰৰ মাস্ক কথা ৷ এইক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে সঠিকভাৱে মাস্ক পৰিধান কৰা । আপুনি নিশ্চিত কৰিব লাগিব যে যদিহে মাস্কৰ ফিল্টাৰিং প্ৰণালীৰ জৰিয়তে বায়ু মুখ কিম্বা নাকলৈ আহে তেন্তে আপুনি সংক্ৰমিত হ'ব পাৰে । দীঘলীয়া উশাহ লোৱাৰ সময়ত আপুনি মাস্ক সঠিকভাৱে পিন্ধিছে নে নাই সেই বিষয়ে নিজেই অনুভৱ কৰিব ৷
ডাবল মাস্ক কিয় প্ৰয়োজন ?
JAMA আভ্যন্তৰীণ ঔষধ আলোচনীত প্ৰকাশিত এক গৱেষণাই দেখুৱাইছে যে দুখন মাস্ক ব্যৱহাৰৰ কাৰণ হৈছে অতিৰিক্ত কাপোৰৰ স্তৰ যোগ কৰা নহয়, যাতে আপোনাৰ মুখ আৰু নাকৰ অংশ সম্পূৰ্ণৰূপে কোনো ব্যৱধান নথকাকৈ ঢাক খাই থাকে ৷ তাৰ বাবেহে সতৰ্ক হোৱা ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থ কেৰোলিনা বিশ্ববিদ্যালয় (UNC)ৰ সহযোগী অধ্যাপক আৰু অধ্যয়নটোৰ মুখ্য লেখিকা এমিলি চিকবাৰ্ট বেনেটে কয়, "চিকিৎসা প্ৰক্ৰিয়াৰ মাক্সবোৰ তেওঁলোকৰ সামগ্ৰীৰ ওপৰত আধাৰিত কৰি অতি ভাল পৰিস্ৰাৱনৰ সম্ভাৱনা ৰখাৰ বাবে প্ৰস্তুত কৰা হৈছে, কিন্তু সেইবোৰ আমাৰ মুখমণ্ডলৰ সৈতে খাপ খোৱাধৰণে নিখুঁত নহয়।
মাস্ক কেতিয়া পিন্ধিব ?
- আপুনি আপোনাৰ ঘৰৰ পৰা ওলাই অহাৰ সময়ত মাস্ক পিন্ধি ওলাই যোৱাটো অতি আৱশ্যক।
- চিকিৎসালয়, বেংক, বজাৰ, উদ্যান, কাৰ্যালয়কে ধৰি ৰাজহুৱা স্থানলৈ অহা লোকসকলে মাস্ক পিন্ধিব লাগিব।
- ৰাজহুৱা পৰিবহনৰ ভিতৰত মাস্ক পৰিধান কৰাটো অতি প্ৰয়োজনীয় ।
- মানুহে ব্যক্তিগত বাহনৰ ভিতৰতো মাস্ক পিন্ধিব লাগে ।
- দৌৰা বা ব্যায়ামৰ সময়ত মাস্ক পৰিহাৰ কৰিব লাগে।
ফেচ মাস্ক পিন্ধাৰ সঠিক উপায় -
- আপোনাৰ মাস্ক পৰিষ্কাৰ হাতেৰে স্পৰ্শ কৰক । আপুনি মাস্ক পিন্ধাৰ আগতে আপোনাৰ হাত ধুই ল’ব ।
- মাস্কখন আপোনাৰ ডিঙিত বা কঁপালত কেতিয়াও নিদিব। ইয়াক আপোনাৰ থুঁতৰিৰ তলত সুৰক্ষিত কৰক।
- মাস্ক আপোনাৰ নাক আৰু মুখৰ ওপৰত পিন্ধিব। ইয়াক আপোনাৰ মুখৰ কাষৰ সৈতে ভালদৰে খাপ খুৱাবলৈ চেষ্টা কৰক। আপোনাৰ নাক মাস্কৰ ভিতৰতেই ৰাখিব ৷
- নিশ্চিত কৰিব যে আপুনি সহজে উশাহ ল'ব পাৰিছে নে নাই ।
- সদায়ে মাস্ক কাণৰ লুপ বা টাইৰ দ্বাৰাহে ধৰিব আৰু মাস্কখন স্পৰ্শ নকৰিব।
- আপুনি ঘৰলৈ অহাৰ পিছতহে মাস্কখন আঁতৰাব ।
- প্ৰতিটো ব্যৱহাৰৰ পিছতেই কাপোৰৰ মাস্ক এখন ধুব লাগিব ।
- প্ৰতিটো ব্যৱহাৰৰ পিছত কাগজৰ মাস্ক পেলাই দিব লাগিব।
- মাস্ক আঁতৰ কৰাৰ পিছতে সেই হাতেৰে আপোনাৰ চকু, নাক আৰু মুখ স্পৰ্শ নকৰাটো নিশ্চিত কৰিব।
- ইয়াক আঁতৰ কৰাৰ লগে লগে আপুনি আপোনাৰ হাত ধুই ল’ব ।
আপোনাৰ মাস্কবোৰ সাৱধানে পেলাই দিব -
মাস্ক কেৱল আপুনি কেনেদৰে পিন্ধিছে,ব্যৱহাৰ কৰিছে সেয়াই নহয় ৷ আপুনি সেইবোৰ কেনেদৰে নিষ্কাশন কৰে সেয়াও অন্তৰ্ভুক্ত ইয়াত হৈ থাকে। কোৰোণা ভাইৰাছ পৰিহাৰ কৰিবলৈ মানুহে ব্যৱহাৰ কৰা মাস্ক আৰু হাতমোজা অসাৱধানতাৰে পেলাই দিয়া কাৰ্যই পৃথিৱীৰ সমুদ্ৰ তীৰত আৱৰ্জনাৰ সৃষ্টি কৰিছে । পি.পি.ই. আৱৰ্জনা হৈছে মহামাৰীৰ এক স্থূল ফলাফল আৰু ১০০% পৰিহাৰযোগ্য। পি.পি.ই. সঠিকভাৱে ব্যৱহাৰ কৰক, তাৰ পিছত ইয়াক আৱৰ্জনাৰ পাত্ৰত সঠিকভাৱে নিষ্কাশন কৰক ৷ নিউ জাৰ্চীৰ ক্লিন অছিয়েন একচন পৰিৱেশ গোটৰ কাৰ্যবাহী সঞ্চালক চিণ্ডি জিপফে কয় এনেদৰে ।
বিগত বছৰ ভাইৰাছটো ব্যাপকভাৱে বিয়পিবলৈ আৰম্ভ কৰাৰ অলপ সময়ৰ পিছতে বৰ্জন কৰা মাস্ক আৰু হাতমোজা সমুদ্ৰ তীৰত দেখিবলৈ পোৱা গৈছিল । মহাসাগৰ সংৰক্ষণ গোটৰ মতে ২০২০ৰ মাজভাগত বিশ্বজুৰি স্বেচ্ছাসেৱকসকলে ১,০৭,০০০ তকৈও অধিক পিপিই সামগ্ৰী সংগ্ৰহ কৰিছিল ।
মাস্ক এনে সামগ্ৰীৰে তৈয়াৰ কৰা হয় যি সহজে মাটিৰ সৈতে মিহলি হৈ নাযায় ৷ অনুমান অনুসৰি কিছুমান পৰিৱেশৰ সৈতে মিলি যাবলৈ ৪৫০ বছৰ লাগিব পাৰে। তেনেস্থলত ইয়াৰ পৰা সাগৰীয় জীৱৰ যথেষ্ট ক্ষতি হ’ব ৷
ভেকছিনে কোভিডৰ প্ৰভাৱ হ্ৰাস কৰিব নকৰালৈ মাস্ক পৰিধান কৰিবই লাগিব -
ইউৰোপিয়ান চেণ্টাৰ ফ'ৰ ডিজিজ কণ্ট্ৰোল (ECDC)ৰ সঞ্চালক এণ্ড্ৰিয়া এমোনে কয় যে, টীকাকৰণে SARS-COV-2 আৰু ইয়াৰ জ্ঞাত প্ৰকাৰৰ বিস্তাৰৰ প্ৰভাৱ সম্পূৰ্ণৰূপে হ্ৰাস নকৰালৈকে সামাজিক দূৰত্বৰ দৰে অনা-ফাৰ্মাচিউটিকেল হস্তক্ষেপবোৰ কঠোৰভাৱে অব্যাহত ৰাখিব লাগিব । যদি এইবোৰ শক্তিশালীৰূপে পালন কৰা নহয় তেন্তে Covid19 সম্পৰ্কীয় ঘটনা আৰু মৃত্যুৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷
Published by: Kokil Sarma
First published: April 22, 2021, 19:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|