ভাৰতত মহামাৰী কোৰোণা ভাইৰাছৰ সংক্ৰমণ হ্ৰাস কৰিবলৈ যুদ্ধংদেহী ৰূপেৰে অব্যাহত আছে টিকাকৰণ অভিযান । কিন্তু ইয়াৰ মাজতে এক অধ্যয়নত দাবী কৰা হৈছে যে ভাৰতত ভেকচিন (Covishield Vaccine) লোৱা লোকসকলৰ মাজত এক গুৰুতৰ লক্ষণ দেখা দিয়াৰ অভিযোগ উত্থাপিত গৈছে । এক অধ্যয়নত কোৱা হৈছে যে অক্সফ'ৰ্ড-এষ্ট্ৰজেনেকাৰ টিকা গ্ৰহণকাৰীসকলৰ ক্ষেত্ৰত স্নায়ৱিক বিকাৰ পোৱা গৈছে। এই লক্ষণটোৰ নাম হৈছে গুলিয়ান বেৰী (Guillain-Barre Syndrome)। এই ৰোগটো স্নায়ুতন্ত্ৰৰ সৈতে সম্পৰ্কিত। যদি ৰোগটো গোটেই শৰীৰত বিয়পি পৰে, ই ব্যক্তিজনক পক্ষাঘাতগ্ৰস্ত কৰিব পাৰে।
অধ্যয়নটোৱে দাবী কৰে যে গুলিয়ান বেৰী চিণ্ড্ৰোম এটা অতি বিৰল ৰোগ। ইয়াত ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে স্নায়ু প্ৰণালীত থকা স্বাস্থ্যকৰ কোষকলাবোৰক আক্ৰমণ কৰে। ই বিশেষকৈ মুখৰ সিৰাবোৰ দুৰ্বল কৰে। আনফালে সংবাদ মাধ্যমৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ভাৰতত অক্সফোৰ্ড আৰু এষ্ট্ৰজেনেকাৰ টিকাকৰণৰ পিছতেই ১০-২২ দিনৰ ভিতৰত সাতগৰাকী লোকৰ ক্ষেত্ৰত গুলিয়ান বেৰী চিণ্ড্ৰোমৰ ঘটনা লাভ কৰা গৈছে।
গুলিয়ান বেৰীৰ লক্ষণবোৰ কি কি?
এনালছ অফ নিউৰোলজীত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে ভেকচিন গ্ৰহণ কৰাৰ পিছত গুলিয়ান বেৰী চিণ্ড্ৰোম দেখা দিয়া লোকসকলৰ মুখৰ দুয়োফাল দুৰ্বল হৈ ওলমি পৰিছিল। এয়া প্ৰায় ২০ শতাংশতকৈ কম ক্ষেত্ৰত পোৱা যায়। ৰোগটোৰ ওপৰত গৱেষণা কৰি থকা বিজ্ঞানীসকলে আচৰিত হৈছিল যে কেনেকৈ ৰোগটো ইমান দ্ৰুতগতিত বিয়পি পৰিছে।
গৱেষকসকলে কয় যে কোৰোণা ভেকচিন সুৰক্ষিত, কিন্তু তাৰ পিছত সতৰ্ক হোৱা প্ৰয়োজন। যদি চিণ্ড্ৰোমৰ কোনো লক্ষণ আছে, মন কৰিব। গুলিয়ান বেৰী চিণ্ড্ৰোমত শৰীৰত দুৰ্বলতা, মুখৰ পেশী দুৰ্বল হোৱা, হাত আৰু ভৰিত জিনজিননি আৰু অনিয়মীয়া হৃদস্পন্দন আদিৰ দৰে লক্ষণ আছে।
লক্ষণীয় যে ভাৰতত এতিয়ালৈকে ৩০,১৬,২৬,০২৮ৰো অধিক ড'জ প্ৰদান কৰা হৈছে । ইয়াত বৃহৎ সংখ্যক কোভিশ্বিল্ডৰ ড'জ প্ৰদান কৰা হৈছে। ভাৰতক বৰ্তমান বায়োটেক নিৰ্মিত কোভাক্সিন, অক্সফৰ্ড আৰু এষ্ট্ৰজেনেকাৰ কোভিশ্বিল্ড আৰু ৰাছিয়ান স্পুটনিক-Vভেকচিন প্ৰদান কৰাৰ অনুমতি দিয়া হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|