কোৰোণা ভাইৰাছৰ বৰ্ধিত ঘটনাৰ মাজতে যদি আপুনি আপোনাৰ পৰিয়ালৰ স্বাস্থ্য পৰীক্ষা কৰায়, তেন্তে আপুনি কৰ ৰেহাই লাভ কৰিবলৈ সক্ষম হ'ব । ইয়াৰ বাবে আপুনি চলিত বৰ্ষৰ ১ মাৰ্চৰ পূৰ্বেই এই স্বাস্থ্য পৰীক্ষা কৰিব লাগিব । ইয়াৰ বাবে বহু চিকিৎসালয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা পেকেজো ডিজাইন কৰিছে। মহিলা, পুৰুষ আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে আছে পৃথক পৃথক পেকেজ। যাৰ দ্বাৰা আপুনি আপোনাৰ স্বাস্থ্য পৰীক্ষা আৰু আয়কৰৰ ৰেহাইৰ সৈতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে ।
আয়কৰৰ ধাৰা ৮০ডিৰ অধীনত চিকিৎসা বীমাৰ বাবে পৰিশোধ কৰা প্ৰিমিয়ামৰ ওপৰত কৰ ৰেহাই লাভ কৰিব পাৰি। আপুনি আপোনাৰ সংগী অথবা শিশুৰ বাবে প্ৰিমিয়াম পৰিশোধ কৰক আৰু ২৫ হাজাৰ টকালৈকে কৰ ৰেহাই লাভ কৰিব পাৰিব । ইয়াৰোপৰি আপুনি আপোনাৰ ৬০ বছৰৰ উৰ্ধৰ পিতৃ-মাতৃৰ বাবেও স্বাস্থ্য বীমাৰ প্ৰিমিয়াম পৰিশোধৰ কৰি ৫০ হাজাৰ টকালৈকে কৰ ৰেহাই লাভ কৰিব পাৰে । যদি আপোনৰ পিতৃ-মাতৃ দুয়ো জ্যেষ্ঠ নাগৰিক হয়, তেন্তে এটা বিত্তীয় বৰ্ষত আপুনি সৰ্বাধিক ১ লাখ টকা দাবী কৰিব পাৰিব ।
নগদ পৰিশোধৰ দ্বাৰা নাপাব কোনো লাভালাভ -
এয়া গুৰুত্বসহকাৰে লব যে যদি আপুনি যিকোনো পলিচী নগদ ধনৰ বিনিময়ত ক্ৰয় কৰে, তেতিয়া আপুনি ইয়াৰ কোনো লাভ নাপাব। এয়া সুবিধা আপুনি কেৱল তেতিয়াহে পাব যেতিয়া আপুনি নগদ ধনৰ উপৰিও প্ৰিমিয়াম পৰিশোধ কৰিবলৈ আন বিকল্প যেনে চেক, নেটবেকিং বা অন্যান্য ডিজিটেল বিকল্প বাছনি কৰে । অৱশ্যে স্বাস্থ্য পৰীক্ষাৰ বাবে ৫ হাজাৰ টকালৈকে নগদ পৰিশোধৰ ওপৰত কৰ লাভালাভ প্ৰাপ্ত কৰিব পাৰি । যদিহে আপুনি এই ধৰণৰ স্বাস্থ্য পৰীক্ষাত ধন খৰচ কৰিব নিবিচাৰে, তেন্তে আন এটা উপায় আছে ৷ বহু বীমা কোম্পানীয়ে প্ৰতি তিনি বা চাৰি বছৰত এবাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ বিকল্প প্ৰদান কৰে, যদিহে পলিচীৰ ওপৰত কোনো দাবী কৰা নাই তেন্তে আপুনি সম্পূৰ্ণ শৰীৰ পৰীক্ষা কৰিবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰে ।
বীমা কোম্পানীবোৰেও স্বাস্থ্য পৰীক্ষা কৰোৱায় -
বীমা কোম্পানীয়ে স্বাস্থ্য বীমা পলিচী জাৰি কৰাৰ পূৰ্বে পলিচী ক্ৰেতাৰ স্বাস্থ্য পৰীক্ষা কৰে । বিশেষকৈ য'ত পলিচী ক্ৰেতা ৪৫ বছৰ বয়সৰ অধিক হয় । আৰু যদি বীমাৰ ধনৰ পৰিমাণ বৃহৎ হয়, তেতিয়া ৪৫ বছৰতকৈ কম বয়সৰ লোকসকলৰো স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । আপুনি আপোনাৰ চিকিৎসাৰ ৰিপোৰ্ট বীমা কোম্পানীক বিচাৰিব পাৰে, কিয়নো কোম্পানীয়ে এই ৰিপাৰ্টি পলিচীৰ গৰাকীৰ সৈতে শ্বেয়াৰ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|