• Home
  • »
  • News
  • »
  • explained
  • »
  • Explainer: IMC 2022 আৰম্ভ, জানক 5G কি আৰু ইয়াৰ পৰা কি লাভ হ’ব ব্যৱহাৰকাৰীৰ

Explainer: IMC 2022 আৰম্ভ, জানক 5G কি আৰু ইয়াৰ পৰা কি লাভ হ’ব ব্যৱহাৰকাৰীৰ

আপলোডৰ ক্ষেত্ৰত 4G নেটৱৰ্কত 50Mbps আপলোড স্পীডৰ তুলনাত 5G নেটৱৰ্কত 1Gbpsলৈ আপলোড স্পীড লাভ কৰাৰ অনুমান কৰা হৈছে।

আপলোডৰ ক্ষেত্ৰত 4G নেটৱৰ্কত 50Mbps আপলোড স্পীডৰ তুলনাত 5G নেটৱৰ্কত 1Gbpsলৈ আপলোড স্পীড লাভ কৰাৰ অনুমান কৰা হৈছে।

আপলোডৰ ক্ষেত্ৰত 4G নেটৱৰ্কত 50Mbps আপলোড স্পীডৰ তুলনাত 5G নেটৱৰ্কত 1Gbpsলৈ আপলোড স্পীড লাভ কৰাৰ অনুমান কৰা হৈছে।

  • Share this:
আৰম্ভ হ’ল ইণ্ডিয়া ম’বাইল কংগ্ৰেছ (IMC)ৰ ষষ্ঠ সংস্কৰণ। IMC 2022 ১ৰ পৰা ৪ অক্টোবৰলৈ ‘নিউ ডিজিটেল ইউনিভাৰ্ছ’ৰ থীমৰ সৈতে আগবঢ়োৱা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২২ৰ আয়োজনস্থলীত 5G সেৱাৰ কাম–কাজৰ ডেম’ প্ৰত্যক্ষ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কিছু সময় পিছতে 5G সেৱাৰ শুভাৰম্ভ কৰিব। 5G প্ৰযুক্তিৰ সহায়ত নিৰন্তৰ কভাৰেজ, হাই ডাটা ৰেট আৰু অতি বিশ্বস্ত যোগাযোগ লাভ কৰিব পৰা যাব। ইয়াৰ দ্বাৰা শক্তিৰ কাৰ্যক্ষমতা, স্পেকট্ৰাম কাৰ্যক্ষমতা আৰু নেটৱৰ্ক কাৰ্যক্ষমতা বৃদ্ধি পাব। আহক জানো 5G কি আৰু কিদৰে মানুহে লাভান্বিত হ’ব।

5G এক শেহতীয়া নেটৱৰ্ক যিয়ে পূৰ্বতকৈ বহুগুণে দ্ৰুত ইণ্টাৰনেট স্পীড প্ৰদান (মাল্টি Gbps পীক স্পীড), আল্ট্রা লো লেটেন্সি অফাৰ (অতি কম বাধা) কৰে। ইয়াত ব্যৱহাৰকাৰীয়ে বিশ্বাসযোগ্য বৃহৎ নেটৱৰ্ক ক্ষমতা লাভ কৰে।

5Gক লো–বেণ্ড, মিড–বেণ্ড বা হাই–বেণ্ড মিলিমিটাৰ–ৱেভ 24GHzত 54Ghzলৈ কাৰ্যকৰী কৰিব পাৰি। লো–বেণ্ডে 5G, 600Mhzৰ পৰা 900Hhzৰ মাজত 4Gৰ সমান ফ্ৰিকুৱেঞ্চী ৰেঞ্জৰ ব্যৱহাৰ কৰে, মিড বেণ্ডে 5G 1.7GHzৰ পৰা 4.7 GHzৰ মাজত mmWavesৰ ব্যৱহাৰ কৰে, আৰু হাই–বেণ্ডে 5G 24-47 GHzৰ ফ্ৰিকুৱেঞ্চী ব্যৱহাৰ কৰে।

4Gৰ তুলনাত 5G প্ৰযুক্তিয়ে অধিক সুন্দৰ ইণ্টাৰফেচৰ সৈতে আহিব। য’ত 4Gত 150Mbpsৰো অধিক স্পীড লাভ কৰিব পৰা যাব। আনহাতে, 5Gত 10Gbps পৰ্যন্ত ডাউনলোড স্পীড থাকিব বুলি কোৱা হৈছে। অৰ্থাৎ ব্যৱহাৰকাৰীয়ে 5G স্পীডৰ সৈতে এক সম্পূৰ্ণ HD ফিল্ম মাত্ৰ কেইটামান ছেকেণ্ডতে ডাউনলোট কৰিব পাৰিব।

কিমান হ’ব আপলোড স্পীড
আপলোডৰ ক্ষেত্ৰত 4G নেটৱৰ্কত 50Mbps আপলোড স্পীডৰ তুলনাত 5G নেটৱৰ্কত 1Gbpsলৈ আপলোড স্পীড লাভ কৰাৰ অনুমান কৰা হৈছে। ইয়াৰ উপৰি 4Gৰ তুলনাত 5G বহু বেছি ডিভাইচৰ সৈতে সংযোগ কৰিব পৰা যাব। 5Gক স্মাৰ্টফোনৰ তুলনাত আন বিভিন্ন ধৰণৰ ডিভাইচৰ সৈতে সংলগ্ন কৰাৰ বাবে ডিজাইন কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, 5Gয়ে ব্যৱহাৰকাৰীসকলৰ নেটৱৰ্ক সংযোগ উন্নত কৰাতকৈও অধিক কাম কৰিব। 5Gয়ে কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিং স্থানতো বহু সুযোগ আনিব, কিয়নো বিজ্ঞানীসকলে তেওঁলোকৰ ছিষ্টেমত অধিক তথ্য প্ৰগ্ৰেম কৰিব পাৰিব, যাৰ ফলাফল আৰু সমাধান অতি সোনকালে সন্মুখলৈ আহিব। দামৰ সন্দৰ্ভত আশা কৰা হৈছে যে 4Gৰ বাবে যিখিনি পৰিশোধ কৰি থকা হৈছে, 5Gৰ বাবে অলপ তাতকৈ কিছু বেছিকৈ দিব লাগিব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি