কংগ্ৰেছ নেতা ৰাহুল গান্ধী আজি প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) সন্মুখত হাজিৰ হৈছে। তেওঁক নেচনেল হেৰাল্ড গোচৰত সোধা-পোছা কৰা হয়। আনহাতে, কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধী ২৩ জুনত হাজিৰ হোৱাৰ কথা আছে ইডিৰ (Enforcement Directorate office) ওচৰত। ছোনিয়া বৰ্তমান কোৰোনাৰ দ্বাৰা সংক্ৰমিত আৰু চিকিৎসালয়ত ভৰ্তি হৈ আছে।
ৰাহুল গান্ধীক ইডিয়ে মাতি পঠিওৱাত আজি সমগ্ৰ দেশৰ কংগ্ৰেছ কৰ্মীসকল (Congress workers) ৰাজপথলৈ ওলাই আহে। প্ৰতিবাদ কৰে। এনে পৰিস্থিতিত এই নেচনেল হেৰাল্ড গোচৰটো (National Herald case) কি জানিবলৈ সকলোৱে আগ্ৰহী। ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰে ইয়াৰ কি সম্পৰ্ক?
নেচনেল হেৰাল্ড কি?
দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ১৯৩৭ চনৰ ২০ নৱেম্বৰত এছ'চিয়েটেড জাৰ্নেল লিমিটেড (AJL) গঠন কৰে। উদ্দেশ্য আছিল বিভিন্ন ভাষাত বাতৰি কাকত প্ৰকাশ কৰা। তাৰ পিছত এজেএলৰ অধীনত ইংৰাজীত নেচনেল হেৰাল্ড, হিন্দীত নৱজীৱন আৰু উৰ্দুত কৌমি আৱাজ বাতৰি কাকত প্ৰকাশিত হয়।
যদিও এজেএল গঠনত জৱাহৰলাল নেহৰুৰ এটা ভূমিকা আছিল, কিন্তু তেওঁ কেতিয়াও ইয়াৰ গৰাকী নাছিল। কাৰণ, এই কোম্পানীটোক ৫০০০ স্বাধীনতা সংগ্ৰামীয়ে সমৰ্থন কৰিছিল আৰু তেওঁলোক ইয়াৰ অংশীদাৰো আছিল। ১৯৯০ৰ দশকত এই বাতৰি কাকতবোৰ লোকচানৰ সন্মুখীন হয় আৰু ২০০৮ চনলৈ এজেএলৰ ৯০ কোটি টকাৰো অধিক ঋণ আছিল। AJL-এ তেতিয়া সিদ্ধান্ত লৈছিল যে বাতৰি কাকত আৰু প্ৰকাশ কৰা নহ'ব। বাতৰি কাকতৰ প্ৰকাশ কৰা বন্ধ কৰি AJL-এ প্ৰপাৰ্টী ব্যৱসায়ত প্ৰৱেশ কৰিছিল।
বিতৰ্কটো ক'ত আৰম্ভ হৈছিল?
২০১০ চনত AJLৰ ১০৫৭ জন অংশীদাৰ আছিল। লোকচানৰ বাবে ইয়াৰ হোল্ডিং ইয়ং ইণ্ডিয়া লিমিটেড (YIL)লৈ স্থানান্তৰ কৰা হৈছিল। ইয়ং ইণ্ডিয়া লিমিটেড একে বছৰতে অৰ্থাৎ ২০১০ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াত কংগ্ৰেছ দলৰ তদানীন্তন সাধাৰণ সম্পাদক ৰাহুল গান্ধীয়ে এজন সঞ্চালক হিচাপে অংশগ্ৰহণ কৰিছিল। কোম্পানীটোৰ ৭৬ শতাংশ অংশ ৰাহুল গান্ধী আৰু তেওঁৰ মাতৃ ছোনিয়া গান্ধীৰ হাতত আছিল। বাকী ২৪ শতাংশ কংগ্ৰেছ নেতা মতিলাল ভোৰা আৰু অস্কাৰ ফাৰ্ণাণ্ডেজৰ হাতত আছিল (দুয়োজনৰ ইতিমধ্যে মৃত্যু হৈছে)।
শ্বেয়াৰ স্থানান্তৰ হোৱাৰ লগে লগে এজেএলৰ শ্বেয়াৰধাৰকসকল আগবাঢ়ি আহিল। প্ৰাক্তন আইন মন্ত্ৰী শান্তি ভূষণ, এলাহাবাদ আৰু মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ মাৰ্কণ্ডেয় কাটজুকে ধৰি কেইবাজনো অংশীদাৰে অভিযোগ কৰিছিল যেতিয়া ইয়ং ইণ্ডিয়া লিমিটেডে এজেএল "অধিগ্ৰহণ" কৰিছিল, তেতিয়া তেওঁলোকক কোনো জাননী দিয়া হোৱা নাছিল। কেৱল এয়াই নহয়, শ্বেয়াৰবোৰ স্থানান্তৰ কৰাৰ আগতে শ্বেয়াৰধাৰকসকলৰ সন্মতিও লোৱা হোৱা নাছিল। উল্লেখ্য, শান্তি ভূষণ আৰু মাৰ্কণ্ডেয় কাটজুৰ দেউতাকৰ নামত এজেএলত শ্বেয়াৰ আছিল।
গোচৰটো পঞ্জীয়ন
২০১২ চনত বিজেপি নেতা তথা দেশৰ প্ৰখ্যাত অধিবক্তা সুব্ৰমণিয়ম স্বামীয়ে নেচনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মতিলাল ভোৰা, অস্কাৰ ফাৰ্ণাণ্ডেজ, সাংবাদিক সুমন ডুবে আৰু টেকনোক্ৰেট ছেম পিত্ৰোদাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। তেতিয়া কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰ আছিল।
সুব্ৰমণিয়ম স্বামীয়ে দাবী কৰিছিল যে ৱাইআইএলে ২,০০০ কোটি টকাৰ অধিক সম্পত্তি আৰু লাভালাভ আহৰণ কৰিবলৈ নিষ্ক্ৰিয় প্ৰিণ্ট মিডিয়া আউটলেটৰ সম্পত্তি "অনৈতিকতাৰে" অধিগ্ৰহণ কৰিছিল।
ছোনিয়া-ৰাহুলে আদালতৰ পৰা জামিন লাভ কৰে
২০১৪ চনত যেতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ শাসনলৈ আহিছিল, প্ৰৱৰ্তন সঞ্চালকালয়ে (ED) গোচৰটোৰ তদন্ত আৰম্ভ কৰিছিল। গোচৰটো সংক্ৰান্তত ছোনিয়া আৰু ৰাহুল গান্ধী আদালতত উপস্থিত হৈছিল। ১৯ ডিচেম্বৰ, ২০১৫ তাৰিখে আদালতে গোচৰটোত দুয়োকে জামিন প্ৰদান কৰে। ২০১৬ চনত, উচ্চতম ন্যায়ালয়ে গোচৰটোৰ পাঁচোজন অভিযুক্তক (ছোনিয়া, ৰাহুল গান্ধী, মতিলাল ভোৰা, অস্কাৰ ফাৰ্ণাণ্ডেজ আৰু সুমন দুবে)ক ব্যক্তিগত উপস্থিতিৰ পৰা ৰেহাই দিছিল।
চৰকাৰে কি পদক্ষেপ লয়?
২০১৮ চনত কেন্দ্ৰীয় চৰকাৰে ৫৬ বছৰ পুৰণি স্থায়ী লীজ বাতিল কৰাৰ সিদ্ধান্ত লয়। এজেএলে কোনো মুদ্ৰণ বা প্ৰকাশন কাৰ্যকলাপ নকৰাৰ ভিত্তিত হেৰাল্ড হাউচ চৌহদৰ পৰা এজেএলক উচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছিল। ভৱনটো ১৯৬২ চনত একে উদ্দেশ্যৰ বাবে আৱণ্টন কৰা হৈছিল। অৱশ্যে, ৫ এপ্ৰিল, ২০১৯ তাৰিখে উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী জাননী নোপোৱালৈকে ৰাজহুৱা চৌহদ (অননুমোদিত অধিবাসীসকলক উচ্ছেদ) আইন, ১৯৭১ৰ অধীনত এজেএলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ওপৰত স্থগিতাদেশ দিছিল। এতিয়া, একেটা ক্ষেত্ৰতে ইডিয়ে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে।
ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰিব পাৰিবনে?
এই প্ৰশ্নটোৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা চন্দ্ৰ প্ৰকাশ পাণ্ডেই কয়- "ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী (Rahul Gandhi) দুয়োনেই নেচনেল হেৰাল্ড গোচৰত জামিনত আছে। এনে পৰিস্থিতিত জেৰাৰ সময়ত যদি ইডিয়ে অনুভৱ কৰে যে ৰাহুলে তদন্তত সহযোগিতা কৰা নাই, তেন্তে ই তেওঁক জিম্মাত ল'ব পাৰে। তাৰ পিছত ৰাহুলক আদালতত হাজিৰ কৰোৱা হ'ব, য'ৰ পৰা তেওঁক ইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হ'ব নে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ব সেই সিদ্ধান্ত লোৱা হ'ব পাৰে।'
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।