পেলোচীৰ পূৰ্বে ১৯৯৭ চনত ৰিপাব্লিকান পাৰ্টিৰ হাউছ স্পীকাৰ নিউট গিংৰিচে টাইৱান (Taiwan) ভ্ৰমণ কৰিছিল আৰু সেই সময়ছোৱাতো চীনে আমেৰিকাক সকীয়াই দিছিল। ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত লেখা অনুসৰি গিংৰিচে ''নিউয়ৰ্ক টাইমছ''ত প্ৰকাশ কৰিছিল- আমি মাত্ৰ চীনক বুজাব বিচাৰিছোঁ যে আমি টাইৱানক ৰক্ষা কৰিম।
কিন্তু তেতিয়াৰ পৰা পৰিস্থিতি বহু পৰিৱৰ্তন হৈছে। চীনে (China) আজি বিশ্ব ৰাজনীতিত এক অতি শক্তিশালী শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। চীন চৰকাৰে ২০০৫ চনত এখন আইন প্ৰণয়ন কৰিছিল, য’ত বেইজিঙক সামৰিক ব্যৱস্থা গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছিল। যোৱা কিছু বছৰত টাইৱান চৰকাৰে কেৱল কৈ আহিছে যে দ্বীপটোৰ ২ কোটি জনসাধাৰণে নিজৰ ভৱিষ্যত বাচি লোৱাৰ অধিকাৰ আছে আৰু যিকোনো ধৰণৰ আক্ৰমণৰ ক্ষেত্ৰত নিজকে ৰক্ষা কৰিব। ২০১৬ চনৰ পৰা টাইৱানে স্বাধীনতা সমৰ্থক দল এটা নিৰ্বাচন কৰি আহিছে।
চীনক লৈ পেলোছিৰ মতামত কি?
হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছ (আমেৰিকাৰ কংগ্ৰেছৰ নিম্ন সদন)ৰ অধ্যক্ষ নেন্সি পেলোচী উপ-ৰাষ্ট্ৰপতিৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে দ্বিতীয়গৰাকী প্ৰতিদ্বন্দ্বী। তেওঁৰ ৰাজনৈতিক জীৱনত প্ৰায়ে চীনক সমালোচনা কৰি আহিছে। বিশেষকৈ যদি মানৱ অধিকাৰ উলংঘাৰ কথা আহে, তেন্তে তেওঁ সদায়ে চীনক দোষাৰোপ কৰি আহিছে। বছৰ বছৰ ধৰি পেলোচীৰ ৱেবছাইটত ‘চীনত মানৱ অধিকাৰৰ বাবে এক শক্তিশালী কণ্ঠস্বৰ’ শীৰ্ষক এটা শিতানত নিজৰ স্থিতি জাহিৰ কৰি আহিছে। যোৱা তিনিটা দশক ধৰি মানৱ অধিকাৰৰ বাবে লাগি থকা আটাইতকৈ উগ্ৰ আৰু শক্তিশালী ব্যক্তি হিচাপে তেওঁৰ নাম আমেৰিকাৰ কংগ্ৰেছৰ শীৰ্ষত আছে।
'চীনত গণতন্ত্ৰৰ বাবে মৃত্যু হোৱাসকলৰ বাবে'
১৯৯১ চনত পেলোচী আৰু অন্যান্য ৰাজনীতিবিদসকলে চীন ভ্ৰমণ কৰে। এই সময়ছোৱাত তেওঁ ইয়াত টিয়ানানমেনত হোৱা হিংসাত্মক কাৰ্যৰ ২ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে এখন বেনাৰ জোকাৰিছিল, য’ত লিখা আছিল ‘চীনত গণতন্ত্ৰৰ হকে মৃত্যু হোৱাসকলৰ বাবে।’