உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • explained
    • »
    • EXPLAINER: ক’ভিড-১৯ত আক্ৰান্ত লোকসকলে টিকাকৰণ কৰাটো প্ৰয়োজনীয় নে? জানক এই বিষয়ে

    EXPLAINER: ক’ভিড-১৯ত আক্ৰান্ত লোকসকলে টিকাকৰণ কৰাটো প্ৰয়োজনীয় নে? জানক এই বিষয়ে

    এইসকল লোকে টিকা লোৱা উচিত নে এই সম্পৰ্কে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যদিও শেহতীয়াকৈ এক নতুন অধ্যয়নত ইয়াৰ উত্তৰ পোৱা গৈছে।

    এইসকল লোকে টিকা লোৱা উচিত নে এই সম্পৰ্কে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যদিও শেহতীয়াকৈ এক নতুন অধ্যয়নত ইয়াৰ উত্তৰ পোৱা গৈছে।

    এইসকল লোকে টিকা লোৱা উচিত নে এই সম্পৰ্কে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যদিও শেহতীয়াকৈ এক নতুন অধ্যয়নত ইয়াৰ উত্তৰ পোৱা গৈছে।

    • Share this:
    সংযুক্ত যুক্তৰাষ্ট্ৰত এতিয়ালৈকে প্ৰায় ৩০ মিলিয়নতকৈও অধিক লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। এইসকল লোকৰ ভিতৰত অধিকাংশৰ এতিয়ালৈকে ৰোগৰ কাৰণ নিৰ্ণয় কৰিব পৰা হোৱা নাই। এইসকল লোকে টিকা লোৱা উচিত নে এই সম্পৰ্কে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যদিও শেহতীয়াকৈ এক নতুন অধ্যয়নত ইয়াৰ উত্তৰ পোৱা গৈছে।

    এই সম্পৰ্কে কৰা এক গৱেষণাই পৰামৰ্শ দিয়ে যে ভেকছিনৰ মাত্ৰ এটা পালিয়ে এইসকল লোকৰ দেহত এণ্টিবডি গঠন কৰিবলৈ আৰু ক’ৰণা ভাইৰাছৰ লগতে আন কিছুমান সংক্ৰামক প্ৰকাৰৰ ভাইৰাছ ধ্বংস কৰিবলৈ পৰ্যাপ্ত।

    উল্লেখযোগ্য যে এই নতুন অধ্যয়নৰ ফলাফল বিগত কেইসপ্তাহজুৰি প্ৰকাশিত আন দুটা ফলাফলৰ সৈতে সামঞ্জস্যপূৰ্ণ। একেলগে এই গৱেষণাসমূহে পৰামৰ্শ দিয়ে যে ক’ভিড-১৯ৰ দ্বাৰা সংক্ৰমিত লোকসকলকৰ বাবে টিকাকৰণ প্ৰয়োজনীয় আৰু ভেকছিনৰ এটা পালিয়েই যথেষ্ট।

    টৰণ্টো বিশ্ববিদ্যালয়ৰ ইমিউন’ল'জিষ্ট জেনিফাৰ গোমাৰমেনে কয়, "মই ভাবো পূৰ্বতে ক’ৰণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা লোকসকলে কিয় ভেকছিন লাভ কৰিব লাগে সেই সম্পৰ্কে এইটো সঁচাকৈয়ে এক শক্তিশালী যুক্তি।"

    প্ৰাকৃতিক সংক্ৰমণৰ প্ৰতি এজন ব্যক্তিৰ ৰোগ প্ৰতিৰোধ প্ৰতিক্ৰিয়াৰ পাৰ্থক্য থকে। বেছিভাগ লোকে বহু মাহ ধৰি চলি থকা প্ৰচুৰ পৰিমাণৰ এণ্টিবডি তৈয়াৰ কৰে। আহনাতে কিছুমান লোক যাৰ মৃদু লক্ষণ বা ক’ৰণা ভাইৰাছৰ কোনো লক্ষণ নাছিল তেওঁলোকে কেইটামান এণ্টিবডি প্ৰস্তুত কৰে, যি সোনকালে অগম্য স্তৰত পৰে।

    গোমাৰমেনে কয় যে যিসকলে ইতিমধ্যে ক’ৰণা ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিছে তেওঁলোকৰ শৰীৰে এই ভাইৰাছৰ বিৰুদ্ধে পৰ্যাপ্ত পৰিমানে এণ্টিবডি গঠন কৰে।
    শেহতীয়াকৈ প্ৰকাশ পোৱা অধ্যয়নটোৱে ক’ৰণা ভাইৰাছত সংক্ৰিত লোকসকলৰ পৰা তেজৰ নমুনা বিশ্লেষণ কৰিছিল।

    ফলাফলত এইটো পোৱা যায় যে এইসকল লোকৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে B1351 ৰুদ্ধ কৰাত অসক্ষম হ'ব। ক’ৰণা ভাইৰাছৰ এই প্ৰকাৰটো প্ৰথমে দক্ষিণ আফ্ৰিকাত চিনাক্ত কৰা হৈছিল। অৱশ্যে Pfizer-BioNTech নাইবা মডেৰ্না ভেকচিন ব্যৱহাৰ কৰাৰ পিছত এই দৃশ্যপট সলনি হয়। ই এইসকল লোকৰ দেহত বহুগুণে এণ্টিবডি নিৰ্মাণ কৰিবলৈ সক্ষম হয়। এই অশ্যয়নৰ লগত জড়িত এজন ইমিউনল’জিষ্টে এনেদৰে কয়।

    আন এটা নতুন অধ্যয়নত, নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ গৱেষকসকলে দেখিছিল যে ক’ৰণা ভাইৰাছত আক্ৰান্ত লোকসকলৰ বাবে ভেকছিনৰ দ্বিতীয় পালিটোৱে একেবাৰে বেছি লাভ যোগ কৰা নাছিল। একেটা ঘটনা আন ভাইৰাছৰ বাবে প্ৰয়োগ কৰা ভেকছিনৰ ক্ষেত্ৰতো দেখা গৈছে। ক’ৰণা ভাইৰাছৰ নতুন প্ৰকাৰটো লাহে লাহে পৰিৱৰ্ত হয়, কিন্তু এতিয়া ভাইৰাছৰ একাধিক প্ৰকাৰ আছে যি বোৰ অধিক সংক্ৰামক বা ৰোগ প্ৰতিৰোধ প্ৰণালী বিফল কৰিবলৈ বিকশিত হোৱা দেখা গৈছে।
    First published: