உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • explained
    • »
    • Explained: কেনেকৈ নিৰাপত্তা প্ৰদান কৰা হয় দেশৰ প্ৰধানমন্ত্ৰীক?  

    Explained: কেনেকৈ নিৰাপত্তা প্ৰদান কৰা হয় দেশৰ প্ৰধানমন্ত্ৰীক?  

    ১৯৮৪ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক দিল্লী আৰক্ষীৰ পৰা নিয়োজিত দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ পিছতে নিৰাপত্তাৰ দিশত বিশেষ ব্যৱস্থা কৰা হয়।

    ১৯৮৪ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক দিল্লী আৰক্ষীৰ পৰা নিয়োজিত দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ পিছতে নিৰাপত্তাৰ দিশত বিশেষ ব্যৱস্থা কৰা হয়।

    ১৯৮৪ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক দিল্লী আৰক্ষীৰ পৰা নিয়োজিত দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ পিছতে নিৰাপত্তাৰ দিশত বিশেষ ব্যৱস্থা কৰা হয়।

    • Share this:
    পাঞ্জাৱ ভ্ৰমণ কালত প্ৰায় ২০ মিনিট প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ কনভয় অৱৰোধ কৰাৰ পিছত এতিয়া সৰ্বত্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দিশটো । ৰাজনৈতিক মহলত ঘটনাটোক লৈ অভিযোগ আৰু প্ৰতি-অভিযোগৰ ধাৰাবাহিকতা বাহাল থকাৰ সময়তে চৰ্চাৰ তুংগত উঠিছে কোনে কেনেকৈ প্ৰধানমন্ত্ৰীক সুৰক্ষা প্ৰদান কৰে ।

    প্রধানমন্ত্ৰীক কোনে প্ৰদান কৰে নিঃছিদ্ৰ নিৰাপত্তা ?

    ১৯৮৪ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক দিল্লী আৰক্ষীৰ পৰা নিয়োজিত দেহৰক্ষীয়ে গুলিয়াই হত্যা কৰাৰ পিছত দেশৰ প্ৰধানমন্ত্ৰীক নিৰাপত্তা প্রদানৰ কাৰণে এক স্বতন্ত্ৰ গোট গঠন কৰাৰ চিন্তা চৰ্চা চলিল । ১৯৮৫ চনত গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া বিৰবল নাথ কমিটীয়ে অনুৰূপ পৰামৰ্শ আগবঢ়ালে ।

    পৰামৰ্শ মৰ্মে দেশৰ ৰাষ্ট্ৰপতিৰ নিৰ্দেশত ১৯৮৫ চনৰ ৩০ মাৰ্চত গঠন হয় Special Protection Group (SPG) । তিনি বছৰ পিছত ১৯৮৮ ৰাজীৱ গান্ধী চৰকাৰে সংসদত SPG Act গৃহীত কৰি প্ৰক্ৰিয়াটোক আইনী মৰ্যাদা প্ৰদান কৰে ।

    নতুনকৈ প্ৰণয়ন হোৱা আইনখনত কেৱল প্ৰধানমন্ত্ৰী, তেওঁৰ পত্নী/স্বামী আৰু সন্তানক  SPGয়ে নিৰাপত্তা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয় ।

    সেয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল শেষ কৰাৰ পিছত ৰাজীৱ গান্ধীক SPG সুৰক্ষা দিয়া নাছিল । কিন্তু ১৯৯১ চনত গান্ধীৰ হত্যাৰ পিছত আইন সংশোধন কৰি প্রাক্তন প্ৰধানমন্ত্ৰীক পদ এৰাৰ ১০ বছৰলৈকে SPG সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰা হ’ল । ১০ বছৰৰ অন্তত পৰ্যালোচনা কৰি সুৰক্ষা বৰ্জন নতুবা পুনৰ প্রদান কৰাৰ নিয়ম ৰখা হ’ল । সেই মৰ্মে পৰ্যায়ক্ৰমে পৰ্যালোচনা কৰি ৰাজীৱ গান্ধীৰ পত্নী ছোনিয়া গান্ধী, সন্তান ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীয়ে ২০১৯লৈকে ২৮ বছৰৰ SPGৰ সুৰক্ষা লাভ কৰে ।

    SPGয়ে কেনেকৈ সুৰক্ষা প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীক ? 

    প্ৰধানমন্ত্ৰী দিল্লীৰ বাহিৰলৈ ভ্ৰমণলৈ গ'লে তেওঁক নিৰাপত্তা প্রদানৰ বিস্তৃত প্ৰক্ৰিয়া আৰম্ভ হয় ।  সমগ্ৰ প্ৰক্ৰিয়াটোত প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিবলৈ ধার্য কৰা ৰাজ্যখনৰ আৰক্ষীকো জড়িত কৰা হয় । এই সকলোবোৰ প্ৰতিষ্ঠিত নিয়মাৱলী অনুসৰি পৰিচালিত হয় ।

    ভ্ৰমণৰ তিনি দিনৰ পূৰ্বে SPGয়ে Advance Security Liaoning (ASL) কৰে । ইয়াত উপস্থিত থাকে SPGৰ মুৰব্বীৰ লগতে কেন্দ্ৰীয় চোৰাংচোৱা বিভাগ আৰু ৰাজ্যিক আৰক্ষীৰ শীর্ষ বিষয়ববীয়া । নিৰাপত্তা সম্বন্ধীয় সকলো সূক্ষ্ম কথা আলোচনা কৰি পৰিকল্পনা প্রস্তুত কৰা হয় আৰু পৰিকল্পনা অনুসৰি ব্যৱস্থাসমূহ ৰূপায়ণ কৰা হয় ।

    কেন্দ্ৰীয় তথা ৰাজ্যিক চোৰাংচোৱা বিভাগৰ input লৈ ভ্ৰমণসূচী প্ৰস্তুত কৰা হয় । সমাবেশ বা বৈঠক অনুষ্ঠিত হ’বলগীয়া স্থানৰ বতৰৰ বতৰা, অগ্নি নিৰ্বাপক ব্যৱস্থা, মঞ্চৰ স্থিৰত আদি সকলো বিষয়ৰ পৰ্যালোচনা কৰা হয় । উল্লেখ্য যে SPGয়ে প্ৰধানমন্ত্ৰীৰ নৈকট্য সুৰক্ষাহে প্ৰদান কৰে । জনা সমাবেশৰ স্থান, ৰাস্তা আদি সুৰক্ষিত কৰাৰ দায়িত্ব ৰাজ্যৰ আৰক্ষীৰ ।

    গন্তব্য স্থানলৈ প্ৰধানমন্ত্ৰী হেলিকপ্টাৰত যোৱাৰো বিশেষ নিয়ম আছে । পাইলটৰ Visibility ১০০০ মিটাৰৰ অধিক হ'লেহে প্ৰধানমন্ত্ৰী উৰা মাৰিব নতুবা ৰাস্তাৰে যোৱাৰ ব্যৱস্থা কৰা হয় । ৰাস্তাৰ সুৰক্ষা সুনিশ্চিত কৰে ৰাজ্যিক আৰক্ষীয়ে । ৰাজ্যখনৰ DGPৰ সেউজ সংকেত পোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ কনভয় আগবাঢ়ে ।

    কেতিয়াবা জন সমাবেশত প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ মাজলৈ গৈ অভিবাদন গ্ৰহণ কৰে । তেনে সময়ত সাধাৰণ পোছাকত ৰাইজৰ মাজত চোৰাংচোৱা কর্মী উপস্থিত থাকে ।

    কেতিয়াবা আকৌ ভ্ৰমণৰ ৰাস্তা প্ৰতিবাদী সমদলে প্ৰতিৰোধ কৰাৰ অৱকাশ থাকে । তেনে স্থলত চোৰাংচোৱাৰ হাতত যদিহে তথ্য থাকে তেন্তে তেনে সমদলৰ নেতৃত্বক আগতেই আটক কৰা হয় । আৰু যদিহে আকস্মিকভাৱে সমদল ওলাই তেতিয়া ৰাস্তা পৰিৱৰ্তন কৰা হয় ।
    Published by:Gautam Barman
    First published: