• Home
  • »
  • News
  • »
  • explained
  • »
  • Explained: ৩২ৰ পৰা ৮ শতাংশলৈ অৱনমিত বাংলাদেশত হিন্দুৰ জনসংখ্যা, হিন্দু নিৰ্যাতনৰ আঁৰত মৌলবাদেইনে আন কি‍বা?

Explained: ৩২ৰ পৰা ৮ শতাংশলৈ অৱনমিত বাংলাদেশত হিন্দুৰ জনসংখ্যা, হিন্দু নিৰ্যাতনৰ আঁৰত মৌলবাদেইনে আন কি‍বা?

ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ পৰা ইছলামিক ৰাষ্ট্ৰত পৰিণত হৈছিল বাংলাদেশ

ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ পৰা ইছলামিক ৰাষ্ট্ৰত পৰিণত হৈছিল বাংলাদেশ

ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ পৰা ইছলামিক ৰাষ্ট্ৰত পৰিণত হৈছিল বাংলাদেশ

  • Share this:

বিগত কিছুদিন ধৰি বাংলাদেশত ক্ৰমাৎ বৃদ্ধি পাইছে হিন্দু ধৰ্মাৱলম্বীৰ ওপৰত নিৰ্যাতন। শেহতীয়াভাৱে দুৰ্গোৎসৱত হিন্দু ধৰ্মাৱলম্বীৰ ওপৰত হোৱা আক্ৰমণত ১০জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।


দুৰ্গাপূজাত কোৰানক অপমান কৰা বুলি মিছা প্ৰচাৰ চলাই বাংলাদেশত সৃষ্টি কৰা সাম্প্ৰদায়িক সংঘৰ্ষত বহু হিন্দু পৰিয়ালৰ ঘৰ ধ্বংস কৰা হৈছে। কিন্তু এয়াই বাংলাদেশত হিন্দু ধৰ্মাৱলম্বীৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰথম ঘটনা নহয়। ১৯৭১ৰ পিছত ক্ৰমান্বয়ে বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ ফলত দেশখনত ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে হিন্দুৰ জনসংখ্যা।


সাম্প্ৰদায়িক সংঘৰ্ষত বহু হিন্দু ধৰ্মাৱলম্বীৰ মৃত্যু হোৱাৰ উপৰি বহু হিন্দু লোকে প্ৰাণৰ তাড়নাত বাংলাদেশ ত্যাগ কৰি অসম, পশ্চিমবংগ, ত্ৰিপুৰা অথবা ভাৰতৰ আন ৰাজ্যলৈ পলায়ন কৰিবলৈ বাধ্য হৈছে। সম্প্ৰতি ৮ শতাংশ হিন্দু জনবসতি থকা বাংলাদেশ অহা তিনিটা দশকৰ ভিতৰত হিন্দুশূন্য দেশ হোৱাটো প্ৰায় নিশ্চিত।


ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ পৰা ইছলামিক ৰাষ্ট্ৰত পৰিণত হৈছিল বাংলাদেশ:


১৯৭১ত পূব পাকিস্তানৰ পৰা স্বাধীন বাংলাদেশত পৰিণত হোৱা বাংলাদেশে ১৯৭২ চনৰ ৪ নৱেম্বৰত নতুন সংবিধান অনুসৰি ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ ৰূপত আত্মপ্ৰকাশ কৰিছিল। পিছে ৰক্তাক্ত ইতিহাসেৰে সমৃদ্ধ বাংলাদেশ বেছিদিন ধৰ্মনিৰপেক্ষ হৈ থাকিব নোৱাৰিলে। ১৯৮৮ চনৰ ৭ জুনত বাংলাদেশে নিজকে এখন পূৰ্ণাংগ ইছলামিক ৰাষ্ট্ৰ হিচাপে  ঘোষণা কৰে। তাৰ পিছৰে পৰা বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন দ্ৰুতগতিত বৃদ্ধি পালে।


বাংলাদেশত হিন্দুৰ জনসংখ্যা হ্ৰাস পাইছে দ্ৰুতগতিত:


ভাৰত যুক্তৰাষ্ট্ৰই ১৯০১ চনৰ পৰা বাংলাদেশত হিন্দুৰ জনসংখ্যা হ্ৰাস হোৱাৰ ওপৰত কৰা এক সমীক্ষাত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। সমীক্ষা অনুসৰি ১৯০১ চনত বাংলাদেশত মুছলমান জনসংখ্যা আছিল ৬৬.১ শতাংশ আৰু হিন্দুৰ জনসংখ্যা আছিল ৩৩ শতাংশ, ১৯১১ত মুছলমান ৬৭.২ শতাংশ আৰু হিন্দু ৩১.৫ শতাংশ, ১৯২১ত মুছলমান ৬৮.১ শতাংশ আৰু হিন্দু ৩০.৬ শতাংশ, ১৯৩১ত মুছলমান ৬৯.৫ শতাংশ আৰু হিন্দু ২৯.৪ শতাংশ, ১৯৪১ত মুছলমান ৭০.৩ শতাংশ আৰু হিন্দু ২৮ শতাংশ, ১৯৫১ত মুছলমান ৭৬.৯ শতাংশ আৰু হিন্দু ২২ শতাংশ, ১৯৬১ত মুছলমান ৮০. ৪ শতাংশ আৰু হিন্দু ১৮.৫ শতাংশ, ১৯৭৪ত মুছলমান ৮৫.৪ শতাংশ আৰু হিন্দু  ১৩.৫ শতাংশ, ১৯৮১ত মুছলমান ৮৬.৭ শতাংশ আৰু হিন্দু ১২.১ শতাংশ, ১৯৯১ত মুছলমান ৮৮.৩ শতাংশ আৰু হিন্দু  ১০.৫ শতাংশ, ২০০১ত মুছলমান ৮৯.৬ শতাংশ আৰু হিন্দু ৯.৩ শতাংশ আৰু ২০১১ চনত মুছলমান ৯০.৫ শতাংশ আৰু হিন্দু ৮.৫ শতাংশ। এই সংখ্যা চালেই বুজি পোৱা যায় কিদৰে বাংলাদেশত হিন্দু ধৰ্মাৱলম্বীৰ ওপৰত নিৰ্যাতন হৈছে।


কিয় হিন্দুৰ বিৰুদ্ধে বৃদ্ধি পাইছে হিংসা: 


বাংলাদেশৰ ইতিহাসত আটাইতকৈ বেছি হিন্দুৰ মৃত্যু হৈছিল বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত। সেইসময়ত পাকিস্তানী সেনাই বহু হিন্দু লোকক হত্যা কৰাৰ উপৰি ধ্বংস কৰিছিল হিন্দু লোকে বাস কৰা গাঁও। কিন্তু বাংলাদেশ স্বাধীন হোৱাৰ পিছতো বাংলাদেশক হিন্দুমুক্ত কৰাৰ লক্ষ্যৰে চৰম নিৰ্যাতন চলোৱা হ'ল হিন্দু ধৰ্মাৱলম্বীৰ ওপৰত।


হিন্দু লোকক আতংকিত কৰিবলৈ বহু হিন্দু মহিলাক দলবদ্ধ ধৰ্ষণৰ দৰে জঘন্য ঘটনাও সংঘটিত কৰিলে মৌলবাদী সংগঠনে। হত্যা কৰা হ'ল বহু হিন্দু পৰিয়ালক। আতংকিত হিন্দু লোকে বাংলাদেশ এৰি পলায়ন কৰিলে ভাৰতলৈ। হিন্দু লোকে পৰিত্যাগ কৰা ঘৰ-বাৰী দখল কৰিলে বাংলাদেশৰ উগ্ৰ মৌলবাদী লোকসকলে। সেয়ে বহুতে ক'ব খোজে বাংলাদেশৰ হিন্দু বিদ্বেষৰ অন্তৰালত কেৱল ইছলামিক মৌলবাদেই নহয়, ভূমি বিবাদো এক কাৰক হিচাপে বিবেচিত হৈছে। কাৰণ বাংলাদেশৰ পৰা পলায়ন কৰা অধিকাংশ হিন্দু বাঙালী পৰিয়ালেই বৃহৎ সম্পত্তিৰ উত্তৰাধিকাৰী আছিল।

Published by:Gautam Barman
First published: