• Home
  • »
  • News
  • »
  • explained
  • »
  • EXPLAINED: জনসংখ্যাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু খিলঞ্জীয়াক সুৰক্ষা প্ৰদান কৰাৰ ধাৰণা অলীক কল্পনা! 

EXPLAINED: জনসংখ্যাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু খিলঞ্জীয়াক সুৰক্ষা প্ৰদান কৰাৰ ধাৰণা অলীক কল্পনা! 

জনসংখ্যাৰ ভিত্তিত যদিহে সমষ্টি সংৰক্ষণ কৰিব পৰা যায় তেতিয়া খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত হোৱাৰ ধাৰণাটোৰ আংশিক গ্রহণযোগ্যতা থাকিব পাৰে । কিন্তু প্ৰাকৃতিক তথা নিম্নগামী জনসংখ্যা বৃদ্ধিৰে এইসকলৰ কাৰণে সমষ্টি সংৰক্ষণ কিমান সম্ভৱ হ’ব ক’ব পৰা নাযায়

জনসংখ্যাৰ ভিত্তিত যদিহে সমষ্টি সংৰক্ষণ কৰিব পৰা যায় তেতিয়া খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত হোৱাৰ ধাৰণাটোৰ আংশিক গ্রহণযোগ্যতা থাকিব পাৰে । কিন্তু প্ৰাকৃতিক তথা নিম্নগামী জনসংখ্যা বৃদ্ধিৰে এইসকলৰ কাৰণে সমষ্টি সংৰক্ষণ কিমান সম্ভৱ হ’ব ক’ব পৰা নাযায়

জনসংখ্যাৰ ভিত্তিত যদিহে সমষ্টি সংৰক্ষণ কৰিব পৰা যায় তেতিয়া খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত হোৱাৰ ধাৰণাটোৰ আংশিক গ্রহণযোগ্যতা থাকিব পাৰে । কিন্তু প্ৰাকৃতিক তথা নিম্নগামী জনসংখ্যা বৃদ্ধিৰে এইসকলৰ কাৰণে সমষ্টি সংৰক্ষণ কিমান সম্ভৱ হ’ব ক’ব পৰা নাযায়

  • Share this:
পৃথিৱীত কোনো ব্যৱস্থাই স্থায়ী নহয়। পৰিৱৰ্তন অৱধাৰিত। এই ধ্যান-ধাৰণা সাৰোগত কৰি সংবিধান প্ৰণেতাসকলে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সন্নিৱিষ্ট কৰিছিল। প্ৰতিটো সমষ্টিত সমানুপাতিক ভোটাৰ নিৰ্ধাৰণ তথা জনপ্ৰতিনিধিৰে গঠিত পৰিষদখনত (বিধানসভা, লোকসভা) পৰিসংখ্যাৰ দিশেৰে বৰ্ধিত জনসংখ্যাৰ প্ৰতিফলনৰ উদ্দেশ্যে প্ৰতি ১০ বছৰৰ অন্তত শেহতীয়া লোকপিয়ল (Census)ৰ ভিত্তিত সমষ্টিৰ সীমাৰ সাল-সলনি আৰু সংখ্যা বৃদ্ধিৰ নিয়ম প্ৰণয়ন কৰি হৈছিল। এই গণতন্ত্ৰক মসৃণ কৰাৰ প্ৰক্ৰিয়া পৰিচালিত হয় সংবিধানৰ অনুচ্ছেদ ৮১, ৮২, ১৭০, ৩৩০, ৩৩২ আৰু সংবিধানৰ ৪২, ৮৪ আৰু ৮৭সংখ্যক সংশোধনীৰ যোগেদি।

অনুচ্ছেদ ৮১য়ে লোকসভাৰ পৰিসাংখ্যিকীয় গঠন বিশ্লেষণ কৰে, অনুচ্ছেদ ৮২য়ে লোকপিয়লৰ ভিত্তিত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ ব্যাখ্যা কৰে। অনুচ্ছেদ ৩৩০ আৰু ৩৩২য়ে সংসদ আৰু বিধানসভাত অনুসূচিত জাতি তথা জনাজাতিৰ কাৰণে আসন সংৰক্ষণৰ বিধি ব্যৱস্থাৰ বৰ্ণনা প্ৰদান কৰে। ১৯৭৬ চনত গৃহীত হোৱা সংবিধানৰ ৪২সংখ্যক সংশোধনীৰ যোগেদি সমষ্টি পুনৰ নিৰ্ধাৰণ ২০০০ চনলৈকে স্থগিত কৰি ৰখা হৈছিল। ইন্দিৰা গান্ধী(Indira Gandhi)ৰ শাসনকালত দেশত জৰুৰীকালীন ব্যৱস্থা চলি থাকোঁতে এই সংশোধনী বিধেয়ক সংসদত গৃহীত হৈছিল। পিতৃ জৱাহৰলাল নেহৰুৱে ১৯৫২ চনতে আৰম্ভ কৰা জনসংখ্যা নিয়ন্ত্ৰণ নীতি ৰাজ্য ভেদে অসমান ৰূপত  কাৰ্যকৰী হোৱাৰ কাৰণে এনে পদক্ষেপৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল ইন্দিৰা গান্ধীৰ কেবিনেটে।

২০০০ চনলৈও সমানুপাতিক জনসংখ্যা নিয়ন্ত্ৰণ বাস্তৱায়িত নোহোৱাত বাজপেয়ী চৰকাৰে জৰুৰীকালীন সময়ত প্ৰণয়ন হোৱা আইনখনকে আংশিকভাৱে সাৰোগত কৰি  সংবিধানৰ ৮৪সংখ্যক সংশোধনী ৰূপায়ণ কৰি ২০২৬লৈ সমষ্টিৰ সংখ্যা বৃদ্ধিত নিষেধাজ্ঞা আৰোপ কৰে । অৱশ্যে সংবিধানৰ ৮৭সংখ্যক সংশোধনীৰে ২০০১চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টিৰ সীমা সালসলনিত অনুমোদন জনোৱা হয় । ইয়াৰ পিছতে তাৎক্ষণিকভাৱে সংসদৰ মজিয়াত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ আইন ২০২২ গৃহীত হয়।

এই আইনৰ অধীনত উচ্চতম ন্যায়ালয়ৰ (Supreme Court) প্ৰাক্তন ন্যায়াধীশ কুলজিৎ সিঙৰ নেতৃত্বত সমষ্টি পুনৰ নিৰ্ধাৰণ কমিটী এখন গঠন কৰা হয়। কমিটীখনে ২০০৭-০৮ বৰ্ষত প্ৰতিবেদন দাখিল কৰি বিধানসভা, লোকসভা সমষ্টিৰ সীমা সালসলনিৰ পৰামৰ্শ আগবঢ়ায়। কমিটিৰ পৰামৰ্শ ২০০৮ চনত কাৰ্যকৰী কৰা হয়। কিন্তু অসম আৰু উত্তৰ-পূবৰ ৩ ৰাজ্য ক্ৰমে অৰুণাচল, নাগালেণ্ড আৰু মণিপুৰৰ সমষ্টিৰ পৰিৱৰ্তন নঘটিল । অসমৰ বেলিকা অসম্পূৰ্ণ নাগৰিকপঞ্জীৰ দোহাই দি সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰা হৈছিল। সদৌ অসম ছাত্ৰ সন্থা আৰু বিজেপিয়েও প্ৰতিবাদ সাব্যস্ত কৰা দল-সংগঠনৰ অন্যতম আছিল। তদানীন্তন চৰকাৰে  সময় সেই কাৰ্যৰ কাৰণে অনুকূল নহয় বুলি কেন্দ্ৰক প্ৰতিবেদন দাখিল কৰাত সমগ্ৰ প্ৰক্ৰিয়া অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া। গতিকে ১৯৭১ চনৰ লোকপিয়লৰ ভিত্তিতে অসমত ৭০ দশকত অন্তিমতো সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিল।

পাঁচটা দশক বাগৰিল। ব্ৰহ্মপুত্ৰৰ বুকুৰে বহু পানী সৰকিল । কিন্তু অসমত ৫০বছৰ পূৰ্বে নিৰ্ধাৰিত সমষ্টিৰেই ৯টা বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ল । জনসংখ্যা অসন্তুলিত নিয়ন্ত্ৰণ আৰু সীমান্ত জিলাত অনিয়ন্ত্ৰিত প্ৰৱজনৰ ফলত সমষ্টিসমূহৰ জনসংখ্যাত ক্ৰমান্বয়ে বৃহৎ তাৰতম্য ঘটিবলৈ ধৰিলে । উদাহৰণস্বৰূপে ধুবুৰী লোকসভা সমষ্টিত ভোটাৰৰ সংখ্যা ১৮ লক্ষ হোৱাৰ বিপৰীতে ডিব্ৰুগড়ত এই সংখ্যা ১৩ লক্ষ। ইফালে ৰাজ্যৰ সবাতোকৈ জনবহুল বিধানসভা সমষ্টি দিছপুৰৰ ভোটাৰৰ সংখ্যা হৈছে প্ৰায় ৪ লক্ষ ১১ হাজাৰ । ইয়াৰ বিপৰীতে থাউৰাত এই সংখ্যা সৰ্বনিম্ন ১,১১,৩৬৪ । ২০২১লৈ অসমৰ এটা সমষ্টিত গড় ভোটাৰ হ’ব লাগে ১,৮৮,১৮১ । ১৯৭১ চনত ১০শতাংশ কম-বেছি হোৱাকৈ একক জনসংখ্যা ৰাখি সমষ্টিবোৰ নতুনকৈ গঠন কৰা হৈছিল আৰু প্রয়োজন অনুসৰি নতুন সমষ্টিৰ সৃষ্টি কৰা হৈছিল। কিন্তু যোৱা ৫০ বছৰত সমষ্টিসমূহৰ জনসংখ্যাত বৃহৎ তফাতে দেখা দিলে। ফলত শেহতীয়া জনগণনাৰে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰবল প্ৰয়োজনীয়তা আহি পৰিছে। কিন্তু অসমত আজিও নাগৰিকপঞ্জী অসম্পূৰ্ণ।

সমষ্টিৰ পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবনে? 

সমষ্টিৰ পুনৰ নিৰ্ধাৰণ (Delimitation constituencies) সাংবিধানিক বাধ্যবাধকতা। ইয়াৰ একমাত্র উদ্দেশ্য হৈছে জনপ্ৰতিনিধিৰ সংখ্যাত বৰ্ধিত জনসংখ্যাৰ প্ৰতিফলন। অৰ্থাত্‍ প্ৰতিটো সমষ্টিত ১০ শতাংশ গ্ৰহণযোগ্য ত্ৰুটিৰে সমান জনসংখ্যা সুনিশ্চিত কৰা। অসমতো অতি সম্প্ৰতি স্তব্ধ ডিলিমিটেচনৰ চকৰিটো পুনৰ ঘূৰাবলৈ অগ্ৰসৰ হৈছে নিৰ্বাচন আয়োগ। কেন্দ্ৰৰ অনুৰোধ মৰ্মে, অসম চৰকাৰৰ পৰামৰ্শত অসমত আৰম্ভ হৈছে এই প্ৰক্ৰিয়া। ২০০১ চনৰ জনসংখ্যাৰ ভিত্তিত ২০২২ চনত অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ’ব। সংবাদ মাধ্যমত শিৰোনাম দখল কৰা একাধিক বিশেষ সমষ্টি বিলুপ্তকৰণ আৰু নতুন সমষ্টি গঠনৰ বাতৰিসমূহৰ ভিত্তি ২০০৭ চনৰ প্রতিবেদনখন। নিৰ্বাচন আয়োগে তেতিয়াৰ কমিটীখনৰ  প্ৰতিবেদনখন গ্ৰহণ কৰাৰ অৱকাশ নাই। অৱশ্যে ২০০১ৰ লোকপিয়লৰ ভিত্তিতে যিহেতু প্ৰতিবেদনখন প্ৰস্তুত হৈছিল, গতিকে তুলনামূলক বিশ্লেষণৰ কাৰণে সেইখন উত্তম নথি।

অসমত উজনিৰ জিলাসমূহৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ নামনিতকৈ কম। নামনি অসমত এক বৃহৎ সংখ্যা বাংলাভাষী মুছলমানৰ। উজনিত পুৰণি অসমীয়া (১৮২৬ৰ পূৰ্বৰ) আৰু আদিবাসী সংখ্যাগৰিষ্ঠ। আনহাতে অসমত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ প্ৰাকৃতিক বা নিম্নগামী। তেনেস্থলত জনসংখ্যাৰ ভিত্তিত সমষ্টি নিৰ্ধাৰণ হ’লে সন্তুলিতভাৱে সন্তান জন্ম দি চৰকাৰৰ আহ্বানৰ সঁহাৰি জনোৱাসকলৰ সমষ্টি বিলুপ্ত হ’ব বা একত্ৰিত হ’ব; ইয়াৰ বিপৰীতে অধিক সন্তান জন্ম দি জনসংখ্যা বৃদ্ধিত উজান দিয়া সম্প্ৰদায় অধিক সমষ্টিৰ গৰাকী হ’ব।  আনহাতে খিলঞ্জীয়া হিচাপে চিহ্নিত লোকৰ অধ্যুষিত স্থানক সংযোজন কৰি প্ৰব্ৰজিত লোকসকলৰ অঞ্চলক খণ্ডিত কৰি সমষ্টিৰ সীমা নিৰ্ধাৰণ বাস্তৱসন্মত ধাৰণা নহয়। অনুসূচিত জাতি আৰু জনজাতিৰ কাৰণে জনসংখ্যাৰ ভিত্তিত যদিহে সমষ্টি সংৰক্ষণ কৰিব পৰা যায়, তেতিয়া খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত হোৱাৰ ধাৰণাটোৰ আংশিক গ্রহণযোগ্যতা থাকিব পাৰে। কিন্তু প্ৰাকৃতিক তথা নিম্নগামী জনসংখ্যা বৃদ্ধিৰে এইসকলৰ কাৰণে সমষ্টি সংৰক্ষণ কিমান সম্ভৱ হ’ব ক’ব পৰা নাযায়। অৱশ্যে অসমৰ একাংশ জনগোষ্ঠীক নতুনকৈ জনাজাতিৰ মৰ্যাদা প্ৰদান কৰি এই কাৰ্যসিদ্ধি কৰিব পৰা গ’লহেঁতেন। এই কাৰ্যৰ কাৰণে কিন্তু হেঙাৰ হিচাপে আত্মপ্ৰকাশ কৰিলে পুৰণি জনাজাতিৰ মৰ্যাদা পোৱা জনগোষ্ঠীসমূহে। খিলঞ্জীয়া অধিকাৰ সুৰক্ষিত কৰিব পৰা আন পৰামৰ্শসমূহ আওকাণ কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰে অসমীয়াৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাটো কল্পনাপ্ৰসূত ধাৰণা।

জনসংখ্যাৰ ভিত্তিত ডিলিমিটেচন হ’ব নালাগে! 

জনসংখ্যাৰ  ভিত্তিত সমষ্টিৰ সীমা সলনি কৰিব নালাগে। এই পৰামৰ্শ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Dr. Himanta Biswa Sarma)ৰ । অৱশ্যে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু দাক্ষিণাত্যৰ ৰাজ্যৰ ৰাজনীতিক সকলে এই দাবী পূৰ্বৰ পৰা উত্থাপন কৰি আহিছে ।

২০৩১চনৰ জনসংখ্যাৰ (২০২৬ৰ পিছৰ প্রথমটো লোকপিয়ল) ভিত্তিত যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব তেতিয়া লাভান্বিত হ’ব উত্তৰ ভাৰতৰ ৰাজ্য সমূহ। কাৰণ উত্তৰ ভাৰতত চৰকাৰৰ আহ্বান নেওচি অবাধে সন্তান জন্ম হ’ল আৰু দক্ষিণৰ ৰাজ্যত জনসংখ্যা নিয়ন্ত্ৰিতভাৱে বৃদ্ধি হ’ল। ২০৩১ চনৰ জনসংখ্যাৰ (প্ৰক্ষেপিত পৰিসংখ্যা) আধাৰত হ’বলগীয়া সমষ্টি পুনৰ নিৰ্ধাৰণত উত্তৰ প্ৰদেশৰ লোকসভাৰ আসনৰ সংখ্যা ৮০ৰ পৰা বাঢ়ি হ’বগৈ ১৪৩। কিন্তু ইয়াৰ বিপৰীতে কেৰেলাৰ আসনৰ সংখ্যা ২০খনেই থাকিব। আৰু যদি ২০১১ৰ লোকপিয়ল মতে এই কাম কৰা হয় উত্তৰ প্ৰদেশ আৰু বিহাৰত আসনৰ সংখ্যা বাঢ়িব ২১খন আৰু তামিলনাডু আৰু কেৰেলাৰ মিলি হেৰুৱাব ১৬খন আসন।

যদিহে উত্তৰ ভাৰতত আসনৰ সংখ্যা বাঢ়ে, তেতিয়া এইকেইখন ৰাজ্যৰ ৰাজনৈতিক প্ৰভুত্ব বৃদ্ধি পাব আৰু কেন্দ্ৰৰ কম আসন থকা ৰাজ্যসমূহক গুৰুত্ব নিদিয়াৰ প্ৰৱণতা বৃদ্ধি পাব । ইয়াৰ পৰিত্ৰাণৰ এক উপায় হৈছে লোকসভাত আসনৰ সংখ্যা জনসংখ্যাৰ অনুপাতৰ ঊৰ্ধ্বত গৈ বৃদ্ধি কৰা। আজিৰ তাৰিখত জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰি এই জটিল সমস্যাৰ সমাধান পোৱা নাযাব। কাৰণ ইতিমধ্যে ক্ষতি হৈ গৈছে। এয়া এক জটিল সন্ধিক্ষণ। সমষ্টিৰ পুনৰ নিৰ্ধাৰণে অসমৰ সমাজ জীৱনত তথা ৰাজনৈতিক মানচিত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। ২০৩১লৈ হয়তো নিয়ম সলনি। কিন্তু তেতিয়ালৈ বহু দেৰি হৈ যাবগৈ। উত্তৰ-পূবৰ আন তিনি ৰাজ্যই এতিয়াও এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ চৰ্চা আৰম্ভ হোৱা নাই। অসমৰ নিচিনা এখন নৃগোষ্ঠীয় সংবেদনশীল ৰাজ্যত এনে এক বিলম্বিত পদক্ষেপ সকলো অংশীদাৰক আস্থাত লৈ আগবাঢ়িলে ভাল।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি