অহা ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬এপ্ৰিলত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব অসমত বিধানসভা নিৰ্বাচন। ভোটগ্ৰহণৰ নীতি–নিয়মাৱলীৰ নিৰ্বাচন আয়োগে ইতিমধ্যে ঘোষণা কৰিছে। ইয়াৰ পূৰ্বেই নিৰ্বাচন আয়োগে স্পষ্ট কৰিছিল যে যিসকলৰ নাম সদ্য এনআৰচি তালিকাত (NRC list) বাদ পৰিছে তেওঁলোকৰ নাম যদি ভোটাৰ তালিকাত আছে তেনেহ’লে তেওঁলোকে এইবাৰ বিধানসভা নিৰ্বাচনত ভোটদান কৰিব। শাসকীয় বিজেপিয়ে এইক্ষেত্ৰত আপত্তি প্ৰদৰ্শন কৰিলেও এআইইউডিএফ আৰু কংগ্ৰেছে (AIUDF & CONGRESS) এই সিদ্ধান্তক স্বাগতম জনাইছে। বিৰোধীয়ে এনআৰচিত বাদ পৰাসকলৰ লগতে বিদেশী ন্যায়াধীকৰণে বিদেশী আখ্যা নিদিয়া বিচাৰাধীন ডি ভোটাৰসকলকো ভোটাধিকাৰ দিবলৈ দাবী কৰিছিল।
উল্লেখ্য যে, ২০১৯চনৰ ৩১ আগষ্টত প্ৰকাশ পোৱা এনআৰচিৰ চূড়ান্ত তালিকাত মুঠ ৩.১৯ কোটি আৱেদকৰ মাজত বাদ পৰিছিল প্ৰায় ১৯লাখ লোকৰ নাম। উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ শুদ্ধতাক লৈ শাসকীয় বিজেপি সহ বিভিন্ন জনে অসন্তুষ্টি প্ৰকাশ কৰি শুদ্ধ কৰাৰ দাবী উত্থাপন কৰিছিল। ন্যায়ালয়ৰো কাষ চাপিছিল অসন্তুষ্ট পক্ষ।
অৱশ্যে নাগৰিকপঞ্জীত নাম নথকাসকলে ভোটদান কৰিব পাৰিলেও ভোট দিব নোৱাৰিব ডি ভোটাৰসকলে। বৰ্তমান ৰাজ্যত থকা ১.০৮ লাখ ডি ভোটাৰ বঞ্চিত হ’ব ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা। মুখ্য নিৰ্বাচন বিষয়া নিতীন খাড়েই যোৱা শনিবাৰে এই কথা স্পষ্ট কৰে। উল্লেখ্য যে, যোৱাবছৰ বিধানসভাত দাখিল কৰা ১.১৩ লাখ ডি ভোটাৰৰ তুলনাত এই সংখ্যা চলিত বৰ্ষত হ্ৰাস পাইছে।
ইয়াৰ পূৰ্বে জানুৱাৰী মাহত মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই কৈছিল যে ভোটাৰ তালিকাত নাম থকা কিন্তু এনআৰচিত নাম নহাসকলে এইবাৰ বিধানসভা নিৰ্বাচনত ভোটদান কৰিব পাৰিব।
ইফালে ভোটগ্ৰহণক লৈ অতিৰিক্ত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাহুল দাসে আজি জনায় কেতবোৰ বিশেষ নীতি–নিৰ্দেশনা, এই অনুসৰিঃ
> ক'ভিড আক্ৰান্তই শেষৰ ঘণ্টাত পাব ভোটদানৰ সুবিধা।
> ক'ভিড আক্ৰান্ত ৰ লগতে প'লিং বিষয়াৰ বাবে থাকিব পি পি ইকীট
> ভোটৰ সময় হ'ব পুৱা ৭ বজাৰ পৰা ৬ বজালৈ।
> বি এল অ ৰ পৰা লাভ কৰিব পোষ্টেল বেলটৰ আবেদন।
> অধিসূচনা জাৰি কৰাৰ ৫ দিনৰ ভিতৰত দাখিল কৰিব লাগিব আবেদন।
> প্ৰতিটো ভোটকেন্দ্ৰত ভোটাৰৰ বাবে থাকিব থাকিব থাৰ্মেল স্কেনৰ ব্যৱস্থা
> ঘৰে ঘৰে পাঁচ জনকৈ যোৱাৰ অনুমতি।
> ছ'চিয়েল মিডিয়াৰ ওপৰত থাকিব কঠোৰ নিৰীক্ষণ।
> কনভয়ত পাঁচখন বাহনৰ মাজত থাকিব লাগিব দূৰত্ব।
> প'লিং বিষয়াসকলক নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা হ'ব ক'ভিড ভেকচিন।
> ইয়াৰ বাবে প্ৰয়োজন হ'ব প্ৰায় ৪ লাখ ভেকচিনৰ।
> প্ৰতিজন প্ৰাৰ্থীয়ে অৱগত কৰিব লাগিব ছ'ছিয়েল মিডিয়াৰ একাউণ্টৰ সবিশেষ।
> অপিনিয়ন পোলৰ ক্ষেত্ৰত নাই বাধ্যবাধকতা।
> ষ্টাৰ কেমম্পেনাইৰ পঞ্জীয়ন ভুক্ত দলৰ বাবে ৪০ জন।
> অপঞ্জীয়নভু দলৰ বাবে ষ্টাৰ কেম্মেনাইনাৰ ২০ দিন।
> ষ্টাৰ কেম্পেইনাৰৰ ব্যয় দলৰ নামত ধৰা হয়।
> জেদ প্লাছ নিৰাপত্তা থকা কেম্পেনাইৰে অতিৰিক্ত ভাবে লাভ কৰিব আন এখন বাহন।
> ষ্টাৰ কেম্পেনাইৰৰ ব্যয নিজৰ সমষ্টিত হ'লে প্ৰাৰ্থীৰ একাউণ্টতে ধৰা হ'ব।
> ব্যক্তিগত পৰ্যায়ত প্ৰাৰ্থীক সমালোচনা কৰিব নোৱাৰিব
ৰাজনৈতিক নেতাই।
এইবাৰ নিৰ্বাচনত মুঠ ২,৩২,৪৪,৪৫৪ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগ পাব। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যাঃ ১,১৭,৪২,৬৬১ জন, মহিলা ভোটাৰঃ ১,১৪,৪৩,২৫৯ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰঃ ৪৪২জন। ক’ভিড প্ৰটকলৰ মাজত মুঠ ৩৩,৫৩০টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|