বিজেপি নেৰে শিলাদিত্যই, লগতে হোজাইৰ নতুন প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰো চলাব, হিমন্ত বিশ্বৰ সৈতে বৈঠকৰ পিছতে কেনেকৈ হ’ল পট পৰিৱৰ্তন?

News18 Assam | News18-Assam
Updated:March 12, 2021, 2:02 PM IST
বিজেপি নেৰে শিলাদিত্যই, লগতে হোজাইৰ নতুন প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰো চলাব, হিমন্ত বিশ্বৰ সৈতে বৈঠকৰ পিছতে কেনেকৈ হ’ল পট পৰিৱৰ্তন?
ফাইল ফটো

তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে আজিৰ সংবাদমেলত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ ঘোষণা।

  • Share this:
অৱশেষত গালি–শপনি পাৰিও বিজেপিত থকাৰ সিদ্ধান্ত হোজাইৰ বিধায়ক শিলাদিত্যৰ। কেৱল বিজেপিত থকাই নহয় হোজাইৰ নতুন প্ৰাৰ্থীজনৰ হৈ আৰু লামডিঙৰ বিধায়ক শিবু মিশ্ৰক জয়ী কৰাই আনিবলৈ দায়িত্ব ল’বলৈও সাজু শিলাদিত্য। এই কথা ঘোষণা কৰিছে স্বয়ং মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি শিলাদিত্যক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই সাক্ষাৎ কৰাৰ পিছতে এক সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলতে মন্ত্ৰী ডঃ শর্মাই কয়, ‘শিলাদিত্য বিজেপিত আছিল, আছে আৰু থাকিব।’

পিচে হঠাত্‍ কিয় এই নাটকীয় পৰিৱৰ্তন? কেনেকৈ সৈমান হ’ল নাৰাজ শিলাদিত্য? টিকট নাপাই যিসময়ত শাসকীয় দলৰ মন্ত্ৰী ছুম’ ৰংহাঙ কংগ্ৰেছলৈ যোৱাৰ পিছতো তেওঁক কোনেও ৰখোৱা নাই। যিসময়ত দিলীপ ঘোষৰ দৰে জ্যেষ্ঠ নেতাই টিকট নাপাই বিষোদগাৰ প্ৰকাশ কৰি নিৰ্দলীয় খেলিবলৈ লোৱাৰ পিছতো তেওঁৰ সৈতে এনেধৰণৰ সংবাদমেল পাতিবলগীয়া হোৱা নাই তেনেসময়ত সকলোৰে মনত লাগিছিল যে শিলাদিত্য হয়তো এই তালিকাৰ আন এজন হ’ব। পিছে তাৰ মাজতে হ’ল পট পৰিৱৰ্তন?

শিলাদিত্য থাকি যোৱাৰ কাৰণৰ ইংগিত দিছে দিলীপ শইকীয়াৰ মন্তব্যই। কি কৈছিল শইকীয়াই?

তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে আজিৰ সংবাদমেলত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ ঘোষণা। শইকীয়াই ঘোষণা কৰে যে, ‘শিলাদিত্যক চৰকাৰ আহিলে মৰ্যাদাপূৰ্ণ সংস্থাপন দিয়া হ’ব’। অৰ্থাৎ এটা কথা স্পষ্ট যে বাকী নাম কটা যোৱা ১০ জন বিধায়কে যি ‘বাৰগেইন’ কৰাত সফল নহ’ল শিলাদিত্যই সেই বাৰগেইন কৰি নিজৰ হিচাপ মিলোৱাত সফল হ’ল। বিধায়ক নহ’লেও চৰকাৰ বিজেপিয়ে গঠন কৰিলে তেওঁৰ ভাগত যে এটা ভাল পদবী বা দায়িত্ব আহিব সেই কথা স্পষ্ট। সপ্ৰতিভ ইয়াকে কয় হয়তো!

টিকট কৰ্তন কৰি ৰামকৃষ্ণ ঘোষক বিজেপিয়ে টিকট দিয়াৰ পিছৰে পৰা এটাৰ পিছত আন এটা বিস্ফোৰণ কৰিছিল শিলাদিত্যই। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত গেৰুৱা দলটোক আনকি ‘ইভেণ্ট মেনেজমেণ্ট কোম্পানী’ আখ্যা দিছিল সততে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি ৰাইজৰ ককৰ্থনা পোৱা শিলাদিত্যই। হিন্দু শৰণাৰ্থীৰ প্ৰতিনিধি সাজি দলটোৰ ৰাজ্যিক নেতৃত্বই ‘ডেডিকেটেড’ ভোটবেংকক  চৰম অৱহেলা কৰাৰ অভিযোগ কৰিছিল শিলাদিত্যই। লগতে হোজাইৰ নতুন প্ৰাৰ্থীজনক অপৰাধীও আখ্যা দিছিল। ছচিয়েল মিডিয়াতো শিলাদিত্যই লিখিছিল ‘মোক গোৰ মাৰি বিজেপিৰ পৰা উলিয়াই দিলে’। ইয়াৰ পিছতে নিৰ্দলীয়ভাৱে সমষ্টিৰ পৰা খেলাৰ কথাও তেওঁ উল্লেখ কৰিছিল। টিকট পাম বুলি নিশ্চিত হৈ বেনাৰ–পষ্টাৰ চপা কৰি ৰখা শিলাদিত্যৰ সমৰ্থকসকলে টিকট নোপোৱাৰ পিচতে সেই পষ্টাৰ–বেনাৰ ফালি–চিৰি তাণ্ডৱৰ সৃষ্টি কৰিছিল।

বৃহস্পতিবাৰে মন্ত্ৰী হিমন্তৰ প্ৰতিনিধি হিচাপে শিলাদিত্যৰ ঘৰলৈ গৈছিল মন্ত্ৰী পীয়ুষ হাজৰিকা পিচে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীজন গৈও চাউল ভালদৰে নিসিজাত আজি শিলাদিত্যৰ ঠাইলৈ নিৰ্বাচনী ব্যস্ততাৰ মাজতে যাবলগীয়া হয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া। আৰু তাৰ পিছতে পট পৰিৱৰ্তন। সংবাদমেল পাতি মন্ত্ৰী ডঃ শৰ্মাই ৰাজহুৱা কৰে ‘শিলাদিত্য বিজেপিত আছিল, আছে আৰু আগলৈও থাকিব।’ সংবাদমাধ্যমক আনকি শিলাদিত্যৰ টিকট কটা গ’ল ক’বলৈও হাক দিয়ে বাকপটু মন্ত্ৰীজনে। তেওঁৰ মতে ‘ৰামকৃষ্ণ ঘোষে টিকট পাইছে, শিলাদিত্যৰ টিকট কটা যোৱা নাই।’ মন্ত্ৰীজনে লগতে নিশ্চিত কৰে শিলাদিত্যই হোজাই আৰু লামডিঙৰ প্ৰাৰ্থীদুজনৰ হৈ নিৰ্বাচনী প্ৰচাৰো চলাব।
First published: March 12, 2021, 2:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি