உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • explained
    • »
    • Covid-19 vaccination: টিকাকৰণক লৈ চৰকাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে ভিন্ন প্ৰশ্ন, কিন্তু কিমান সঁচা এনে অভিযোগ? জনালে ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটৰ অধ্যক্ষই

    Covid-19 vaccination: টিকাকৰণক লৈ চৰকাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে ভিন্ন প্ৰশ্ন, কিন্তু কিমান সঁচা এনে অভিযোগ? জনালে ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটৰ অধ্যক্ষই

    প্ৰকৃত সত্য হৈছে কেন্দ্ৰীয় চৰকাৰে এপ্ৰিলত আমেৰিকা যুক্তৰাজ্যৰ FDA, EMA, ইংলেণ্ডৰ MHRA, জাপানৰ PMDA আৰু আৰু বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ জৰুৰীকালীন ব্যৱহাৰ তালিকাৰ দ্বাৰা অনুমোদিত ভেকচিনৰ প্ৰৱেশ সক্ৰিয়ভাৱে সহজ কৰিছে।

    প্ৰকৃত সত্য হৈছে কেন্দ্ৰীয় চৰকাৰে এপ্ৰিলত আমেৰিকা যুক্তৰাজ্যৰ FDA, EMA, ইংলেণ্ডৰ MHRA, জাপানৰ PMDA আৰু আৰু বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ জৰুৰীকালীন ব্যৱহাৰ তালিকাৰ দ্বাৰা অনুমোদিত ভেকচিনৰ প্ৰৱেশ সক্ৰিয়ভাৱে সহজ কৰিছে।

    প্ৰকৃত সত্য হৈছে কেন্দ্ৰীয় চৰকাৰে এপ্ৰিলত আমেৰিকা যুক্তৰাজ্যৰ FDA, EMA, ইংলেণ্ডৰ MHRA, জাপানৰ PMDA আৰু আৰু বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ জৰুৰীকালীন ব্যৱহাৰ তালিকাৰ দ্বাৰা অনুমোদিত ভেকচিনৰ প্ৰৱেশ সক্ৰিয়ভাৱে সহজ কৰিছে।

    • Share this:

    ভাৰতৰ কোভিড-১৯ টিকাকৰণ (Covid-19 vaccination) কাৰ্যসূচীৰ বিষয়ে কেইবাটাও ভ্ৰান্ত ধাৰণা সম্প্ৰচাৰ হৈ আছে। এই ভ্ৰান্ত ধাৰণাবোৰ বিকৃত মন্তব্য, আংশিক সত্য আৰু স্পষ্ট মিছা তথ্যৰ বাবে উদ্ভৱ হৈছে। নিটি আয়োগ (NITI Aayog)ৰ সদস্য আৰু কোভিড-১৯ৰ বাবে ভেকচিন প্ৰশাসনৰ ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটৰ অধ্যক্ষ ডাঃ বিনোদ পলে এই ভ্ৰান্ত ধাৰণাবোৰৰ বিপৰীতে ইয়াৰ প্ৰকৃত তথ্য বৰ্ণনা কৰিছে ।


    ভ্ৰান্ত ধাৰণা ১: কেন্দ্ৰই বিদেশৰ পৰা ভেকচিন ক্ৰয় কৰিবলৈ পৰ্যাপ্ত কাম কৰা নাই ?


    প্ৰকৃত সত্যঃ কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ মাজভাগৰ পৰাই সকলো মুখ্য আন্তঃৰাষ্ট্ৰীয় ভেকচিন নিৰ্মাতাৰ সৈতে নিৰন্তৰভাৱে জড়িত হৈ আছে। ফাইজাৰ, জনছন এণ্ড জনছন আৰু মডাৰ্নাৰ সৈতে একাধিক পৰ্যায়ৰ আলোচনা হৈছে। চৰকাৰে তেওঁলোকক ভাৰতত তেওঁলোকৰ ভেকচিন যোগান ধৰা বা নিৰ্মাণ কৰাৰ বাবে সকলো ধৰণৰ সহায় আগবঢ়াইছিল। ভেকচিনৰ বিশ্বব্যাপী যোগান সীমিত হৈ আছে, আৰু কোম্পানীবোৰৰ সীমিত ষ্টক আবণ্টন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ নিজা অগ্ৰাধিকাৰ, গেম-প্লেন আৰু বাধ্যবাধকতা আছে। ফাইজাৰে ভেকচিনৰ উপলব্ধতা সূচিত কৰাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰ আৰু কোম্পানীয়ে ভেকচিনটোৰ আটাইতকৈ সোনকালে সম্ভৱ আমদানিৰ বাবে একেলগে কাম কৰি আছে। ভাৰত চৰকাৰৰ প্ৰচেষ্টাৰ ফলস্বৰূপে স্পুটনিক ভেকচিনৰ পৰীক্ষণ বৃদ্ধি হয় আৰু সময়মতে অনুমোদন ৰখাৰ লগতে ৰাছিয়াই ইতিমধ্যে আমাৰ কোম্পানীবোৰলৈ দুটা খণ্ডৰ ভেকচিন আৰু সম্পূৰ্ণ প্ৰযুক্তি-স্থানান্তৰ প্ৰেৰণ কৰিছে, যি অতি সোনকালে উৎপাদন আৰম্ভ কৰিব।


    ভ্ৰান্ত ধাৰণা ২: কেন্দ্ৰই বিশ্বব্যাপী উপলব্ধ ভেকচিন অনুমোদিত কৰা নাই


    প্ৰকৃত সত্যঃ কেন্দ্ৰীয় চৰকাৰে এপ্ৰিলত আমেৰিকা যুক্তৰাজ্যৰ FDA, EMA, ইংলেণ্ডৰ MHRA, জাপানৰ PMDA আৰু আৰু বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ জৰুৰীকালীন ব্যৱহাৰ তালিকাৰ দ্বাৰা অনুমোদিত ভেকচিনৰ প্ৰৱেশ সক্ৰিয়ভাৱে সহজ কৰিছে। এই ভেকচিনবোৰৰ আগতীয়া ব্ৰিজিং পৰীক্ষণৰ প্ৰয়োজন নহ'ব। আন দেশত নিৰ্মাণ কৰা সুপ্ৰতিষ্ঠিত ভেকচিনবোৰৰ বাবে পৰীক্ষণৰ প্ৰয়োজনীয়তা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ বাবে এই ব্যৱস্থাটো এতিয়া আৰু সংশোধন কৰা হৈছে। অনুমোদনৰ বাবে কোনো বিদেশী নিৰ্মাতাৰ আবেদন ঔষধ নিয়ন্ত্ৰকৰ ওচৰত স্থগিত হৈ থকা নাই।


    ভ্ৰান্ত ধাৰণা ৩: কেন্দ্ৰই ভেকচিনৰ ঘৰুৱা উৎপাদন বৃদ্ধি কৰিবলৈ পৰ্যাপ্ত পৰিমাণে কাম কৰা নাই


    প্ৰকৃত সত্যঃ কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ আৰম্ভণিৰ পৰা অধিক কোম্পানীক ভেকচিন প্ৰস্তুত কৰিবলৈ সক্ষম কৰাৰ বাবে এক কাৰ্যকৰী সহায়কৰ ভূমিকা পালন কৰি আছে। মাত্ৰ এটা ভাৰতীয় কোম্পানী (Bharat Biotech) আছে, যাৰ IP আছে। ভাৰত বায়োটেকৰ নিজা কাৰখানা বৃদ্ধি কৰাৰ উপৰি আন ৩ টা কোম্পানী/কাৰখানাই কোভাক্সিনৰ উৎপাদন আৰম্ভ কৰিব বুলি ভাৰতে নিশ্চিত কৰিছে, যিবোৰ ১ৰ পৰা ৪টা লৈ বৃদ্ধি হৈছে। ভাৰত বায়োটেকৰ দ্বাৰা কোভাক্সিন উৎপাদন প্ৰতি মাহে ১০ কোটিলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি, তিনিওটা PSUয়ে একেলগে ডিচেম্বৰৰ ভিতৰত ৪ কোটিলৈকে ডোজ প্ৰস্তুত কৰাৰ লক্ষ্য ৰাখিব। চৰকাৰৰ নিৰন্তৰ উৎসাহৰ সৈতে, চিৰাম ইনষ্টিটিউটে ক'ভিশ্বিল্ড ডোজ উৎপাদন প্ৰতি মাহে ১১ কোটিলৈ বৃদ্ধি কৰিব। কেন্দ্ৰীয় চৰকাৰে কোভিড সুৰক্ষা আঁচনিৰ অধীনত উদাৰ পুঁজিৰ জৰিয়তে তেওঁলোকৰ নিজ নিজ থলুৱা ভেকচিনৰ বাবে Zydus Cadila, BioE আৰু Gennovaৰ প্ৰচেষ্টাক সমৰ্থন জনাইছে আৰু লগতে ৰাষ্ট্ৰীয় পৰীক্ষাগাৰত কাৰিকৰী সমৰ্থন প্ৰদান কৰিছে। ভাৰত বায়োটেকৰ ছিংগল ডোজ ইণ্ট্ৰানেছেল ভেকচিন (single dose intranasal vaccine)ৰ কাম ভালদৰে আগবাঢ়িছে, আৰু ই বিশ্বৰ বাবে এক পৰিৱৰ্তনকাৰী হ'ব পাৰে। ভাৰত চৰকাৰৰ আৰু ভেকচিন নিৰ্মাতাসকলে দৈনিক ভিত্তিত নিৰৱচ্ছিন্ন ব্যস্ততাৰে এই অভিযানত এটা টীম ইণ্ডিয়া হিচাপে কাম কৰিছে।


    ভ্ৰান্ত ধাৰণা ৪: কেন্দ্ৰই বাধ্যতামূলক অনুজ্ঞাপত্ৰ প্ৰয়োগ কৰা উচিত


    প্ৰকৃত সত্যঃ বাধ্যতামূলক অনুজ্ঞাপত্ৰ এক অতি আকৰ্ষণীয় বিকল্প নহয়। কিন্তু সক্ৰিয় অংশীদাৰিত্ব, মানৱ সম্পদৰ প্ৰশিক্ষণ, কেঁচা সামগ্ৰীৰ উৎস আৰু জৈৱ-সুৰক্ষা পৰীক্ষাগাৰৰ সৰ্বোচ্চ স্তৰৰ প্ৰয়োজন। প্ৰযুক্তি স্থানান্তৰ হৈছে মূল চাবিকাঠী আৰু সেইটো কোম্পানীৰ হাতত থাকে, যিয়ে গৱেষণা আৰু বিকাশ সম্পাদন কৰিছে। দৰাচলতে, আমি বাধ্যতামূলক অনুজ্ঞাপত্ৰতকৈ এখোজ আগবাঢ়িছো আৰু কোভাক্সিনৰ উৎপাদন বৃদ্ধিৰ বাবে ভাৰত বায়োটেক আৰু আন ৩ টা প্ৰতিষ্ঠানৰ মাজত সক্ৰিয় অংশীদাৰিত্ব নিশ্চিত কৰা হৈছে। স্পুটনিকৰ বাবে একে ধৰণৰ প্ৰণালী অনুসৰণ কৰা হৈছে।


    ভ্ৰান্ত ধাৰণা ৫: কেন্দ্ৰই ৰাজ্যসমূহৰ প্ৰতি ইয়াৰ দায়িত্ব ত্যাগ কৰিছে


    প্ৰকৃত সত্যঃ কেন্দ্ৰীয় চৰকাৰে ভেকচিন নিৰ্মাতাসকলক পুঁজি যোগান, ইয়াৰ বাবে তেওঁলোকক দ্ৰুত অনুমোদন, ভাৰতলৈ বিদেশী ভেকচিনৰ আমদানিলৈকে এই সকলো গধুৰ দায়িত্ব বহন কৰি আছে। কেন্দ্ৰই ক্ৰয় কৰা ভেকচিন সম্পূৰ্ণৰূপে ৰাজ্যসমূহৰ মানুহক বিনামূলীয়া প্ৰশাসনৰ বাবে যোগান ধৰা হয়। ভাৰত চৰকাৰৰ দ্বাৰা ৰাজ্যসমূহে কেৱল তেওঁলোকৰ স্পষ্ট অনুৰোধৰ ওপৰত নিজে ভেকচিন ক্ৰয় কৰাৰ চেষ্টা কৰিবলৈ সক্ষম হৈছে। দৰাচলতে, ভাৰতে জানুৱাৰীৰ পৰা এপ্ৰিললৈ সমগ্ৰ ভেকচিন কাৰ্যসূচী চলাইছিল আৰু মে'ৰ পৰিস্থিতিৰ তুলনাত ই যথেষ্ট ভালদৰে প্ৰচলন কৰা হৈছিল। কিন্তু ৰাজ্যসমূহে, যিসকলে ৩ মাহত স্বাস্থ্যসেৱা কৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মীসকলৰ ভাল কভাৰেজ লাভ কৰা নাছিল, তেওঁলোকে টিকাকৰণৰ প্ৰক্ৰিয়াটো মুকলি কৰিব বিচাৰিছিল আৰু অধিক বিকেন্দ্ৰীকৰণ বিচাৰিছিল।


    ভ্ৰান্ত ধাৰণা ৬: কেন্দ্ৰই ৰাজ্যসমূহক পৰ্যাপ্ত ভেকচিন দিয়া নাই


    তথ্যঃ কেন্দ্ৰই সন্মত নিৰ্দেশনা অনুসৰি ৰাজ্যসমূহক স্বচ্ছভাৱে পৰ্যাপ্ত ভেকচিন আবণ্টন কৰি আছে। দৰাচলতে, ভেকচিনৰ উপলব্ধতাৰ বিষয়ে ৰাজ্যবোৰকো আগতীয়াকৈ অৱগত কৰা হৈছে। ভেকচিনৰ উপলব্ধতা অদূৰ ভৱিষ্যতে বৃদ্ধি হ'ব আৰু অধিক যোগান সম্ভৱ হ'ব। বেচৰকাৰী চেনেলত, ৰাজ্যবোৰে ২৫% আৰু ব্যক্তিগত চিকিৎসালয়বোৰে ২৫% ডোজ লাভ কৰিছে। আমাৰ কিছুমান নেতাই ভেকচিন যোগানৰ বিষয়ে সম্পূৰ্ণ জ্ঞান থকা সত্ত্বেও প্ৰতিদিনে টিভিত ভ্ৰান্ত ধাৰণা দি মানুহৰ মাজত আতংকৰ সৃষ্টি কৰাটো অতি দুৰ্ভাগ্যজনক। এই যুঁজত আমি সকলোৱে একত্ৰিত হোৱাটো প্ৰয়োজন।


    ভ্ৰান্ত ধাৰণা ৭: কেন্দ্ৰই শিশুক টীকাকৰণৰ বাবে কোনো পদক্ষেপ লোৱা নাই


    প্ৰকৃত সত্যঃ এতিয়ালৈকে পৃথিৱীৰ কোনো দেশে শিশুক ভেকচিন প্ৰদান কৰা নাই। লগতে, শিশুক টীকাকৰণ কৰাৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ কোনো পৰামৰ্শ নাই। শিশুৰ ভেকচিনৰ সুৰক্ষাৰ বিষয়ে অধ্যয়ন কৰা হৈছে, যিবোৰ উৎসাহজনক হৈ আহিছে। ভাৰতত শিশুসকলৰ পৰীক্ষণো সোনকালেই আৰম্ভ হ'ব। পৰীক্ষণৰ ওপৰত আধাৰিত কৰি পৰ্যাপ্ত তথ্য উপলব্ধ হোৱাৰ পিছত এইটো আমাৰ বিজ্ঞানীসকলৰ দ্বাৰা লোৱা সিদ্ধান্ত হ'ব লাগিব।

    Published by:Gautam Barman
    First published: