মুখ্যপৃষ্ঠা » খবৰ

» Explained

»EXPLAINED: ক’ৰোনাৰ উৎপত্তিস্থল চীন এতিয়া সুখ নিদ্ৰাত, বিগত ২৪ঘণ্টাত আক্রান্ত ১৫জন। কেনে আছে ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা ? 

EXPLAINED: ক’ৰোনাৰ উৎপত্তিস্থল চীন এতিয়া সুখ নিদ্ৰাত, বিগত ২৪ঘণ্টাত আক্রান্ত ১৫জন। কেনে আছে ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা ? 

News18 Assam | News18-Assam
Updated:May 26, 2021, 5:52 PM IST
EXPLAINED: ক’ৰোনাৰ উৎপত্তিস্থল চীন এতিয়া সুখ নিদ্ৰাত, বিগত ২৪ঘণ্টাত আক্রান্ত ১৫জন। কেনে আছে ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা ? 
Johns Hopkins Universityৰ Corona Virus Resource Centreএ প্রকাশ কৰা তথ্য অনুসৰি যোৱা ২৫ মে’ৰ দিনা ১৪০কোটি জনসংখ্যাৰ চীনত মাত্ৰ ১৫জন লোক আক্রান্ত হৈছে । এজনৰো মৃত্যু হোৱা নাই ।

Johns Hopkins Universityৰ Corona Virus Resource Centreএ প্রকাশ কৰা তথ্য অনুসৰি যোৱা ২৫ মে’ৰ দিনা ১৪০কোটি জনসংখ্যাৰ চীনত মাত্ৰ ১৫জন লোক আক্রান্ত হৈছে । এজনৰো মৃত্যু হোৱা নাই ।

  • Share this:
২০১৯চনৰ নৱেম্বৰ-ডিচেম্বৰ মাহত চুবুৰীয়া ৰঙা চীনৰ ৱুহান প্ৰদেশত ধৰা পৰিছিল ভয়ংকৰ  ক’ৰোনা ভাইৰাছ । অতি সম্প্ৰতি এই সন্দৰ্ভত প্ৰাৰম্ভিক পৰ্যায়ত ৰঙা চীনে তথ্য সদৰী নকৰাৰ অভিযোগ উত্থাপন । লগতে এই ভাইৰাছ দেশখনত প্ৰাকৃতিক প্ৰক্ৰিয়াৰে উৎপত্তি হৈছিল নে পৰীক্ষাগাৰৰ পৰা সৰকি মানৱ দেহত প্ৰৱেশ কৰিছিল সেয়াও ১০০শতাংশই নিশ্চিত কৰিব পৰা হোৱা নাই । কিন্তু কেনে আছে চুবুৰীয়া চীন ?

Johns Hopkins Universityৰ Corona Virus Resource Centreএ প্রকাশ কৰা তথ্য অনুসৰি যোৱা ২৫ মে’ৰ দিনা ১৪০কোটি জনসংখ্যাৰ চীনত মাত্ৰ ১৫জন লোক আক্রান্ত হৈছে । এজনৰো মৃত্যু হোৱা নাই । যোৱা ৩০দিনত চীনত আক্রান্ত হৈছে ৫২১জন আৰু মৃত্যু হৈছে এজনৰ । চীনদেশত এতিয়ালৈ ৫২কোটি পালি ভেকচিন প্ৰদান কৰা হৈছে । অৱশ্যে প্ৰথম পালি কিমানজনক দিয়া হ’ল আৰু দ্বিতীয় পালি কিমানজনক দিয়া হ’ল এই তথ্য বিশ্বজনীন Covid পৰিস্থিতি অধ্যয়ন কৰা কোনো বিশ্বাসযোগ্য মঞ্চত উপলব্ধ নহয় । চীন দেশত নিৰ্মিত ভেকচিনটোৰ নাম Sinopharm; আৰু এই ভেকচিন বিশ্ব স্বাস্থ্য সন্থাই জৰুৰীকালীন ব্যৱহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে ।

একে উৎসৰ পৰা সংগৃহীত তথ্য অনুসৰি পাকিস্তানত ২৫মে’ৰ দিনা আক্ৰান্ত হৈছে ২৭২৪জন আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৬৫জন । যোৱা ৩০দিনত ইছলামীয় গণৰাজ্য খনত আক্রান্ত হৈছে ১,০৮,১২৪জন আৰু মৃত্যুৰ মুখত পৰিছে ৩২৭৮জন । প্রতিষেধক প্ৰদানৰ ক্ষেত্ৰত দেশখনৰ অৱস্থা শোচনীয় । এতিয়ালৈ মাত্ৰ ০.৬শতাংশ লোকক সম্পূৰ্ণ ৰূপে ভেকচিন দিব পৰা গৈছে । বাংলাদেশত যোৱা ২৫মে’ৰ দিনাখন ১৬৭৫জন লোকৰ শৰীৰত ক’ৰোনা ভাইৰাচৰ অৱস্থিতি ধৰি পৰিছিল; মৃত্যু হৈছে ৪০জনৰ । যোৱা ৩০দিনত আকৌ প্ৰায় ৪৭হাজাৰ আক্রান্ত হৈছে আৰু মৃতকৰ সংখ্যা ১৩৩৮জন । অৱশ্যে বাংলাদেশত প্রতিষেধক প্ৰদানৰ কাম তুলনামূলক ভাৱে দ্ৰুত গতিত আগবাঢ়িছে । দেশখনে ২.৫শতাংশ জনসংখ্যাক সম্পূৰ্ণৰূপে প্রতিষেধক প্ৰদান কৰিছে । দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাই ১.৬শতাংশক সম্পূৰ্ণৰূপে প্ৰতিষেধক প্ৰদান কৰিছে । দেশখনত ২৫মে’ তাৰিখে উলাইছিল ২৭২৮জন আক্রান্ত লোক আৰু মৃত্যু হৈছিল ২৬জনৰ । উল্লেখযোগ্য যে শ্ৰীলংকাৰ জনসংখ্যা ২.১৮কোটি, পাকিস্তানৰ ২১কোটি আৰু বাংলাদেশৰ ১৬কোটি ।

এতিয়া আহোঁ ১৩০কোটি লোকৰ দেশ ভাৰতবৰ্ষলৈ । কেন্দ্ৰীয় চৰকাৰে সদৰী কৰা তথ্য অনুসৰি যোৱা ২৪ঘন্টাত আক্ৰান্ত হৈছে ২,০৮,৯২১জন আৰু মৃত্যু হৈছে ৪১৫৭জনৰ । এতিয়ালৈ মৃত্যুৰ সংখ্যাই ৩লক্ষ পাৰ কৰিছে । অৱশ্যে positivity rate ১০শতাংশৰ তললৈ হ্ৰাস পাইছে । ভাৰতত প্ৰায় ৪কোটি ২০লক্ষ লোকক সম্পুৰ্ণৰূপে ভেকচিন দিয়া হৈছে যি জনসংখ্যাৰ ৩.১শতাংশ । মার্কিন যুক্তৰাষ্ট্ৰই ইতিমধ্যে প্ৰায় ১৩কোটি লোকক সম্পূৰ্ণৰূপে প্রতিষেধক প্ৰদান কৰিছে যি দেশখনৰ জনসংখ্যাৰ প্ৰায় ৪০শতাংশ ।

২০১৯চনৰ সাধাৰণ নিৰ্বাচনত ১কোটি লোকৰ নিৰীক্ষণত ৬১কোটি লোকে নিজৰ মতাধিকাৰ সাব্যস্ত কৰিছিল । যদি ভাৰতবৰ্ষই প্ৰতি ৫বছৰে এই বিশাল কাম সুচাৰুৰূপে সমাধা কৰিব পাৰে তেন্তে লণ্ডনৰ বিশেষজ্ঞ যোচেফ বৃট্ট’ৰ মতে ভাৰতে পাঁচ সপ্তাহত ১০০কোটি প্ৰাপ্তবয়স্কক ভেকচিন প্ৰদান কৰাটো অসম্ভৱ নহয় । দিল্লীৰ পৰা প্ৰকাশিত এখন ইংৰাজী দৈনিকত বিশেষজ্ঞ গৰাকীয়ে উল্লেখ কৰা মতে ভাৰতে আগষ্টৰ পৰা ডিচেম্বৰৰ ভিতৰত প্ৰায় ২০০কোটি পালি ভেকচিন উপলভ্য কৰোৱাৰ চিন্তা-চৰ্চা কৰিছে । কিন্তু সমান্তৰালকৈ ভাৰতে প্ৰতিদিনে ১.৪কোটি মানুহক ভেকচিন দিব লাগিব; অৰ্থাৎ আজিৰ তাৰিখতকৈ ১০গুণ তীব্ৰতৰ কৰিব লাগিব প্রতিষেধক প্ৰদান প্ৰক্রিয়া । তেওঁ এই ক্ষেত্ৰত সেনা বাহিনীৰ সেৱা লোৱাৰ লগতে এক বৃহৎ স্বাস্থ্য কর্মীৰ গোট গঠন কৰাৰ পোষকতা কৰিছে ।

উল্লেখযোগ্য যে, এই মুহূৰ্তত ক’ৰোনা ভাইৰাচৰ replication আৰু mutation ৰোধ কেৱল শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই হে কৰিব পাৰিব । আৰু এই শক্তি আহৰণৰ এই মুহূৰ্তত দুটা উপায় – এটা আক্রান্ত হোৱাৰ পাছত সুস্থ হৈ আহৰণ কৰা আৰু আনটো ভেকচিন গ্ৰহণ কৰি শৰীৰত তেনে শক্তিৰ সৃষ্টি কৰি । যেতিয়ালৈ এই দুই পদ্ধতিৰে আহৰণ কৰা এই শক্তি প্ৰতিজন ভাৰতীয় শৰীৰত নাথাকিব তেতিয়ালৈ ভাৰত সুৰক্ষিত নহ’ব ।
Published by: Kokil Sarma
First published: May 26, 2021, 5:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি