Covid-19: ডাঃ সেউজ সেনাপতিৰ নৃশংস আক্ৰমণৰ পিছতে প্ৰত্যন্ত এলেকাত কৰ্মৰত চিকিৎসক–স্বাস্থ্যকৰ্মীৰ মনত দুগুণে চৰিছে শংকা

Tulika Devi | News18-Assam
Updated:June 7, 2021, 2:01 PM IST
Covid-19:  ডাঃ সেউজ সেনাপতিৰ নৃশংস আক্ৰমণৰ পিছতে প্ৰত্যন্ত এলেকাত কৰ্মৰত চিকিৎসক–স্বাস্থ্যকৰ্মীৰ মনত দুগুণে চৰিছে শংকা
হোজাইৰ উদালীত ৰোগীৰ আত্মীয়ৰ হাতত বেয়াকৈ প্ৰহৃত ডাঃ সেউজ সেনাপতিৰ সৈতে সহমৰ্মিতা আৰু ঘটনাটোৰ প্ৰতিবাদ কৰিবলৈ তেওঁ এই অভিনৱ পন্থা হাতত লৈছিল।

হোজাইৰ উদালীত ৰোগীৰ আত্মীয়ৰ হাতত বেয়াকৈ প্ৰহৃত ডাঃ সেউজ সেনাপতিৰ সৈতে সহমৰ্মিতা আৰু ঘটনাটোৰ প্ৰতিবাদ কৰিবলৈ তেওঁ এই অভিনৱ পন্থা হাতত লৈছিল।

  • Share this:
অলপতে হাতত লাঠী লৈ চিকিৎসালয়ত ৰোগী চাবলৈ অহা এজন চিকিৎসকৰ ফটো বাৰুকৈ ভাইৰেল হৈছিল অসমৰ ছচিয়েল মিডিয়াত। নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ এইজন চিকিৎসকৰ নাম ডাঃ দিগন্ত বৰা। হোজাইৰ উদালীত ৰোগীৰ আত্মীয়ৰ হাতত বেয়াকৈ প্ৰহৃত ডাঃ সেউজ সেনাপতিৰ সৈতে সহমৰ্মিতা আৰু ঘটনাটোৰ প্ৰতিবাদ কৰিবলৈ তেওঁ এই অভিনৱ পন্থা হাতত লৈছিল।

‘জীৱনৰ বেছিভাগ সময় মই মৰিগাঁৱৰ বিভিন্ন প্ৰত্যন্ত সংখ্যালঘূ এলেকাত কৰ্মৰত আছিলো। বহু সময়ত ৰোগীৰ অভিভাৱকৰ অভদ্ৰামিত ভয়ত পেপুৱা লাগি ৰোগী চাবলগীয়া হৈছিল। চৰ অঞ্চলত মাতব্বৰৰ ভাবুকিৰো সন্মুখীন হৈছিলো। সেয়ে হাতত লাঠী লৈ এই প্ৰতীকি প্ৰতিবাদ।'

ডা: দিগন্ত বৰাই News18ৰ সন্মুখত আক্ষেপেৰে কয়, `আমি ভগৱান নহয়। আমিও মানুহ। আমাৰো ক্ষমতা সীমিত। সীমিত ক্ষমতাৰেই আমি সেৱা আগবঢ়াও। কিন্তু মানুহে আমাক কেতিয়া বুজি পাব?'

ডাঃ দিগন্ত বৰা হাতত লাঠী লৈ প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰা অৱস্থাত।




দুৰ্বৃত্তৰূপী ৰোগীৰ আত্মীয়ৰ হাতত ডাঃ সেউজ সেনাপতিৰ শাৰীৰিক নিৰ্যাতনৰ ঘটনাই সকলোকে আকৌ এবাৰ জোকাৰি গ’লেও এনেদৰে চিকিৎসকৰ ওপৰত আক্ৰমণ অসমত নতুন নহয়। কোভিড কালত নিজৰ প্ৰাণ সংকটাপন্ন কৰি চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকল ৰোগীৰ পৰিচৰ্যাত ব্যস্ত হৈ থকাৰ সময়ত এনেধৰণৰ আকস্মিক ঘটনাই সকলোৰে মনোবল ভাঙি পেলোৱাটো অত্যন্ত স্বাভাৱিক। প্ৰথম শাৰীৰ কোভিড যোদ্ধাসকলে অন্ততঃ এই সময়ত এক সুৰক্ষিত পৰিৱেশত দায়িত্ব পালন কৰাৰ প্ৰত্যাশা ৰাখিছিল।

চিকিৎসক আৰু ৰোগীৰ আত্মীয়ৰ সংঘাত নগৰ–চহৰ সকলোতে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যদিও ভিতৰুৱা এলেকাত কৰ্মৰত চিকিৎসক–স্বাস্থ্যকৰ্মীসকলৰ মাজত প্ৰাণৰ শংকা দুগুণে বাঢ়িছে। অধিকাংশৰে মনত এক শংকা অনবৰতে থাকে।

কলিয়াবৰৰ নলতলীত কৰ্মৰত ডাঃ পূজাৰাণী বৰাইও ৰোগীৰ আত্মীয়ৰ পৰা পোৱা দুৰ্ব্যৱহাৰৰ প্ৰসংগ উল্লেখ কৰে। মহিলা চিকিৎসক হোৱাৰ পিছতো বহু ৰোগীৰ ভাবুকি আৰু দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈছে। প্ৰাণৰ ভয়ত বহুবাৰ স্বাস্থ্যবিভাগৰ ওচৰত বদলিকৰণৰ আবেদন জনাবলগীয়া হৈছে। তেওঁৰ স্বামী ডা: হিমাংশু শেখৰ নাথো এগৰাকী চিকিৎসক। স্বামীও গ্ৰামাঞ্চলত কৰ্মৰত যদিও অসমীয়া অঞ্চলত কৰ্মৰত বাবে তেনে অসুবিধা পোৱা নাই।

কেৱল এইসকলেই নহয় মুকলিকৈ প্ৰকাশ নকৰিলেও বহু প্ৰত্যন্ত এলেকা বা চৰ অঞ্চলত যে বিপৰীত পৰিৱেশৰ কাৰণে চিকিৎসা সেৱা প্ৰদান কৰিবলৈ বেছিভাগ চিকিৎসকেই অনিচ্ছুক সেই কথা বিভিন্ন প্ৰসংগত স্পষ্ট হৈ পৰিছে। উগ্ৰ আত্মীয়ৰ ৰোষত পৰাৰ ভয়ত তেওঁলোক ত্ৰস্তমান। কোভিডৰ সময়ত আন্তঃগাথনি আৰু চিকিৎসা সেৱাৰ প্ৰত্যাহ্বানৰ মাজত নিজৰ জীৱনৰ প্ৰতি এই শংকা যেন দুগুণে চৰিছে। নাম প্ৰকাশত অনিচ্ছুক নগাঁৱৰ চামগুৰিৰ কাৱৈমাৰী চিকিৎসালয়ৰ এগৰাকী চিকিৎসকে কয়, ‘বহুবাৰ আক্ৰমণৰ সন্মুখীন হৈছো। কথাই কথাই একাংশ ৰোগীয়ে ৰাজনৈতিক প্ৰভাৱ দেখুৱায়। ৰোগীৰ মৃত্যু হ’লেই আমাৰ জীৱনলৈ ভাবুকি নামি আহে। কিন্তু তথাপিও আমি নিজৰ দায়িত্ব পালন কৰি গৈছো।’

শংকামুক্ত নহয় চাহ বাগিচা এলেকাৰ চিকিৎসকসকল। টীয়কত প্ৰায় দুবছৰ পূৰ্বে চাহ বাগিচাৰ একাংশ উন্মাদপ্ৰায় শ্ৰমিকৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল জ্যেষ্ঠ চিকিৎসক ডাঃ দেবেন দত্তই । সেই অভিশপ্ত দিনটোত চিকিৎসকগৰাকীৰ চিকিৎসা লাভ কৰি ডাঙৰ হোৱা দুজনমান লোকেও আক্ৰমণ কৰিছিল চিকিৎসকগৰাকীক। এই ঘটনাই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। তাৰ পিছৰে পৰা চাহ বাগিচা অঞ্চলত চিকিৎসা সেৱা আগবঢ়াই অহা বহু চিকিৎসকে একপ্ৰকাৰ নিৰাপত্তাহীনতাত ভোগাৰ কথা প্ৰকাশ কৰিছিল । চাহ বাগিচাত চিকিৎসা সেৱা আগবঢ়াই অহা চিকিৎসকসকলে মুকলিকৈ প্ৰকাশ কৰিব নিবিচাৰিলেও পৰিচয় গোপনে ৰখাৰ অনুৰোধেৰে এগৰাকী চিকিৎসকে কয় যে, ‘সীমিত সুবিধাৰ মাজেৰে আমি চিকিৎসা আগবঢ়াই আহিছো । জটিল ৰোগী আহিলে আমি সকলোকে উন্নত চিকিৎসালয়লৈ প্ৰেৰণ কৰো।

অন্য একাংশ চাহ বাগিচাত কৰ্মৰত চিকিৎসকৰ মতে চাহ বাগিচাত সাধাৰণতে কাম কৰিব নিবিচৰাৰ কাৰণ অনবৰতে মনত লাগি থকা এটা ভয় ভাব। সাধাৰণতে চাহ শ্ৰমিকসকলে চিকিৎসকসকলক বহুত সন্মান কৰে , সহযোগিতা আগবঢ়ায় । কিন্তু আকস্মিক পৰিস্থিতিত হঠাৎ তেওলোকৰ মানসিকতা সলনি হৈ যোৱাৰ শংকা প্ৰৱল। গতিকে তাকে লৈ

আন এগৰাকী নাম প্ৰকাশ কৰিব নিবিচৰা চিকিৎসকৰ মতে, তেওঁ কাম কৰা চাহ বাগিচাৰ চিকিৎসালয়খনত পানীকে ধৰি আন বহু বস্তুৰে সুবিধা নাই । সীমাৱদ্ধতাৰ মাজেৰে চিকিৎসাসেৱা আগবঢ়াই আহিছে। এই ক্ষেত্ৰত চাহ শ্ৰমিকসকলেও সহযোগিতা আগবঢ়াই আহিছে । তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ বাবে চাহ বাগিচাত কাম কৰোতে শংকাবোধ নকৰে বুলি কয় ।

"সুবিধা কম যদিও চাহ বাগিচাৰ লোকসকলক বহু দিন ধৰি চিকিৎসা সেৱা আগবঢ়াই আহিছো । মই ইয়াতে থাকো আৰু মই ইয়াত কোনো শংকাবোধ নকৰো । আন চিকিৎসাকৰ্মীসকলকো মই বুজাও যে ভয়ৰ কোনো কাৰণ নাই । কিন্তু তেওঁলোকৰ মনত এক নিৰাপত্তাহীনতাৰ চিন্তা থকাটো দেখা পাঁও।", চিকিৎসকগৰাকীয়ে কয় ।

IMAৰ প্ৰতিবেদন মতে দেশত Covid-19ৰ দ্বিতীয়টো লহৰত মুঠ ৬৪৬ জন চিকিৎসকে প্ৰাণ হেৰুৱাইছে। অসমত প্ৰাণ হেৰুৱাইছে ৮জনে।

এই জটিল সন্ধিক্ষণত চাহ বাগিচা তথা ভিতৰুৱা এলেকাত কৰ্মৰত চিকিৎসক তথা চিকিৎসাকৰ্মীসকলক এক সুৰক্ষিত পৰিৱেশত কৰ্তব্য সম্পন্ন কৰাৰ সুযোগ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ মনৰ পৰা নিৰাপত্তাহীনতাৰ ভাৱ দূৰ কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰাটো সময়ৰ দাবী।

(নীলোৎপল বৰা আৰু গৌতম বৰাৰ ইনপুট সহ)
Published by: Tulika Devi
First published: June 7, 2021, 2:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি