সমগ্ৰ দেশতে ১ মাৰ্চৰ পৰা আৰম্ভ হৈছে কৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ | দ্বিতীয় পৰ্যায়ৰ এই টীকাকৰণত ৬০ বয়সৰ উৰ্দ্ধৰ আৰু আন কোনো গুৰুতৰ ৰোগত আক্ৰান্ত ৪৫ বছৰৰ উৰ্দ্ধৰ লোকসকলক টীকাকৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে । এই ভেকছিনৰ বাবে দেশৰ ৫০ লাখ লোকে পঞ্জীয়ন কৰাৰ লগতে ৬.৪৪ লাখ লোকে সোমবাৰৰ দিনটোত ভেকচিন লাভৰ বাবে নিযুক্তি লাভ কৰিছে ।
দ্বিতীয় পৰ্যায়ৰ টীকাকৰণৰ প্ৰথম দিনাটোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টীকাকৰণ কৰা হৈছিল আৰু তেওঁক ভাৰত বায়োটেকৰ কোভাক্সিনৰ এটা শ্বট দিয়া হৈছিল । দ্বিতীয় দিনটোত স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধন, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ভেকছিনৰ শ্বট গ্ৰহণ কৰে । অৱশ্যে এই ভেকছিনৰ পাৰ্শ্বক্ৰিয়া সম্পৰ্কত এতিয়াও মানুহৰ মনত এক প্ৰকাৰৰ ভয় শংকাত আছে । টীকা গ্ৰহণৰ পাচত শৰীৰত কিধৰণৰ লক্ষণ দেখা দিয়ে, সেয়া নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছে সকলোৱে ।
সেয়েহে জানি লওক কোভাশ্বিল্ড আৰু কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়া আৰু কোনে, কোনটো টীকা গ্ৰহণ কৰা উচিত ...
কেন্দ্ৰই ইতিমধ্যে কৈছে যে, কোভাশ্বিল্ড আৰু কোভাক্সিন দুয়োটাই সুৰক্ষিত ভেকচিন, যদিও ইয়াৰ কিছুমান পাৰ্শ্বক্ৰিয়া নথকা নহয়। এই ভেকছিন তৈয়াৰ কৰা কোম্পানীসমূহে টীকাকৰণৰ পাচত শৰীৰৰ সাম্ভাব্য পাৰ্শ্বক্ৰিয়াৰ বিষয়ে তেওঁলোকৰ ৱেবছাইটত এক তথ্য পত্ৰ শ্বেয়াৰ কৰিছে।
কোনে কোনে কোভাক্সিন লোৱা উচিত নহয় ?
>> যিসকলৰ এলাৰ্জি, জ্বৰ, তেজৰ ৰোগ বা তেজ থিনাৰ আছে তেওঁলোকে কোভাক্সিন গ্ৰহণ কৰিব নালাগে ।
>> যিকোনো ঔষধ গ্ৰহণ কৰি থকা লোকসকলে, যি আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীক প্ৰভাৱিত কৰে; তেওঁলোকে এই টীকা ল'ব নালাগে ।
>> গৰ্ভৱতী মহিলা, স্তন্যপান কৰা মাতৃ, শেহতীয়াকৈ আন কোনো ভেকছিন লোৱা মহিলা বা পুৰুষক কোভাক্সিনৰ টীকা গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।
>> টীকাকৰণ বিষয়াৰ দ্বাৰা যদি কোনো গুৰুতৰ স্বাস্থ্য সমস্যা পোৱা যায়, তেনেহ'লেও কোভাক্সিন গ্ৰহণ কৰিব নালাগে ।
কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়া কি?
>> কোভাক্সিনৰ মৃদু পাৰ্শ্বক্ৰিয়া আছে । ইয়াৰ ভিতৰত আছে ইনজেক্ট কৰা স্থানত বিষ, ফুলা, ৰঙা দাগ, খজুৱতি, ওপৰৰ হাতত জঠৰতা, ইনজেক্ট কৰা হাতত দুৰ্বলতা, শৰীৰৰ বিষ, মূৰৰ বিষ, জ্বৰ, দুৰ্বলতা, দাগ, বমি হোৱা ইত্যাদি
>> কোম্পানীয়ে কয়, ভেকছিনৰ ফলত তীব্ৰ এলাৰ্জি প্ৰতিক্ৰিয়া হোৱাৰ সম্ভাৱনা অতি কম । যদিও গম্ভীৰ প্ৰতিক্ৰিয়াৰ ভিতৰত আছে উশাহ লোৱাত অসুবিধা, মুখ আৰু কণ্ঠত কষ্ট পোৱা, দ্ৰুত হৃদস্পন্দন, সমগ্ৰ শৰীৰত দাগ, মূৰ ঘূৰণি হোৱা আৰু দুৰ্বল অনুভৱ কৰা ।
কোনে কোনে কোভিশ্বিল্ড গ্ৰহণ কৰাটো অনুচিত ?
>> ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ তথ্য-পত্ৰিকাত কোৱা হৈছে যে, যিসকল লোকৰ কোনো ঔষধ, খাদ্য, ভেকছিনৰ পাচত সঘনাই এলাৰ্জি হয়, তেওঁলোকে কোভিশ্বিল্ড পৰিহাৰ কৰিব লাগে ।
>> জ্বৰ হৈ থকা, তেজৰ ৰোগ বা তেজ পাতল লোকসকলক কোভিশ্বিল্ড গ্ৰহণ কৰিব নালাগে ।
>> ৰোগ প্ৰতিৰোধ প্ৰণালীক প্ৰভাৱিত কৰা ঔষধ গ্ৰহণ কৰি থকা লোকসকলে কোভিশ্বিল্ডৰ টীকা লব নালাগে ।
>> গৰ্ভৱতী মহিলাৰ লগতে গৰ্ভৱতী হোৱাৰ পৰিকল্পনা কৰা মহিলাসকলেও এই ভেকছিন বৰ্জন কৰিব লাগে ।
>>যিসকলে আন কোনে এণ্টি-কোভিদ ভেকছিন গ্ৰহণ কৰিছে, তেওঁলোকে কোভিশ্বিল্ড গ্ৰহণ কৰিব নালাগে ।
>> ভেকছিনৰ পূৰ্বৰ পালিৰ পাচত যিসকলে এলাৰ্জিৰ সমস্যাত ভুগিছে, তেওঁলোকে ভেকচিন গ্ৰহণ পৰিহাৰ কৰিব লাগে।
কোভিশ্বিল্ডৰ কি কি পাৰ্শ্বক্ৰিয়া থাকিব পাৰে?
>> এই ভেকছিনৰ সচৰাচৰ পাৰ্শ্বক্ৰিয়াৰ ৰূপত বিষ, গৰম অনুভৱ, ৰঙা দাগ, খজুৱতি, ফুলা হ'ব পাৰে।
>> সাধাৰণতে ব্যক্তিসকলে অসুস্থ, কিছু ক্লান্ত অনুভৱ কৰে । ঠাণ্ডা বা জ্বৰ অনুভৱ কৰা, মূৰৰ বিষ, অসুস্থ অনুভৱ কৰা, গাঁঠিৰ বিষ বা পেশীৰ বিষ, ইনজেক্ট কৰা স্থানত পিণ্ড, জ্বৰ, বমি ভাৱ, ফ্লুৰ দৰে লক্ষণ, যেনে উচ্চ উষ্ণতা, কণ্ঠৰ বিষ, নাকৰ পানী ওলোৱা, কাহ আৰু ঠাণ্ডা লগা আদি অন্তৰ্ভূক্ত |
>> অস্বাভাৱিক পাৰ্শ্বক্ৰিয়াসমূহ হৈছে মূৰ ঘূৰণি হোৱা, ভোক নগগা হোৱা, পেটৰ বিষ, অত্যাধিক ঘাম ওলোৱা, ছালত খজুৱতি হোৱা ইত্যাদি ।
পাৰ্শ্বক্ৰিয়াৰ এইসমূহ লক্ষণ দেখা গ'লে আপুনি কি কৰিব ?
ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ অনুসৰি যদি আপোনাৰ বিষ বা অস্বস্তি অনুভৱ হয়, তেন্তে আপুনি চিকিৎসকৰ সৈতে কথা পাতক । প্ৰতিষেধক দিয়াৰ পাচত আপুনি অনুভৱ কৰিব পৰা যিকোনো বিষ আৰু অস্বস্তিৰ বাবে অভাৰ-দি-কাউণ্টাৰ ঔষধ যেনে ইবুপ্ৰফেন, এচপিৰিন, এণ্টিথেষ্টামাইন বা এচিটামিনোফেন গ্ৰহণ কৰাৰ কথা ভাৱিব পাৰে | যদি আপোনাৰ আন কোনো ৰোগ নাই যিয়ে আপোনাক এই ঔষধবোৰ সাধাৰণতে গ্ৰহণ কৰাত বাধা প্ৰদান কৰিব পাৰে, তেন্তে আপুনি টীকাকৰণৰ পাচত পাৰ্শ্বক্ৰিয়া উপশম কৰিবলৈ এই ঔষধবোৰ গ্ৰহণ কৰিব পাৰে । মনত ৰাখিব, ভেকছিন গ্ৰহণ কৰাৰ পূৰ্বে এনে কোনো ঔষধ গ্ৰহণ নকৰিব, কিয়নো ই গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|