কোৰোণাৰ ভেকচিন প্ৰদান কাৰ্যসূচী চলি থকাৰ মাজতেই দেশত পুনৰ দ্ৰুত হাৰত বৃদ্ধি পাবলৈ লৈছে কোভিদ১৯ত আক্ৰান্তৰ সংখ্যা । দেশত আক্ৰান্তৰ সংখ্যাৰ শেহতীয়া গ্ৰাফডাললৈ লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে বিগত বৰ্ষৰৰ দৰে এই বৰ্ষতো কোৰোণাই ভয়ংকৰ ৰূপ লোৱাৰ দিশে আগবাঢ়িছে ।
ডিচেম্বৰৰ পাচৰ সকলো সংখ্যাক পিছ পেলাই বিগত সপ্তাহৰ পৰা এক দ্ৰুতহাৰত ভাৰতত বৃদ্ধি পাবলৈ লৈছে কোভিদত আক্ৰান্তৰ সংখ্যা | কেৱল এয়াই নহয়, আনকি বিগত সপ্তাহৰ তুলনাত চলিত সপ্তাহত ৩৩% বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা লগতে বৃদ্ধি পাইছে কোৰোণা সংক্ৰমণৰ ফলত হোৱা মৃত্যুৰ সংখ্যাও | এই ভাইৰাছৰ ফলত মৃত্যুৰ সংখ্যা বিগত ৬ সপ্তাহত সৰ্বাধিক ২৮% বৃদ্ধি পাইছে ।
চলিত সপ্তাহতে দেশত ১.৫৬ লাখ নতুন কোৰোণা ৰোগী চিনাক্ত কৰা হৈছে, যি বিগত ১২ সপ্তাহৰ পাচত পৰা সৰ্বাধিক হিচাপে পৰিগণিত হৈছে । ইপিনে দেশত কোৰোণাৰ দ্বিতীয় ঢৌৰ লগে লগে বিগত চাৰি সপ্তাহত দুগুন আক্ৰান্ত সংখ্যা লাভ কৰা গৈছে। দেওবাৰৰ দিনটোতে ২৬,৩৮৬ গৰাকী নতুনকৈ আক্ৰান্ত হৈছে, যি ১৯ ডিচেম্বৰৰ পৰা ৮৫ দিনৰ অন্তত সৰ্বাধিক হিচাপে চিনাক্ত কৰা হৈছে ।
উল্লেখ্য যে, বিগত বছৰৰ ৭ আগষ্টত দেশত সংক্ৰমণৰ সংখ্যা ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ আৰু ৫ ছেপ্টেম্বৰত ৪০ লাখতকৈও অধিক আছিল । সংক্ৰমণৰ মুঠ ঘটনা ১৬ ছেপ্টেম্বৰত ৫০ লাখ, ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত এক কোটিতকৈ অধিক হৈছিল ।
ইফালে ভাৰতক পিছ পেলাই সম্প্ৰতি আক্ৰান্তৰ দ্বিতীয় শীৰ্ষত উপনীত হৈছে ব্ৰাজিল। ব্ৰাজিলত, পুনৰ কোৰোণাই তীব্ৰ ৰূপ ধাৰণ কৰিছে । সম্প্ৰতি ব্ৰাজিলত দৈনিক ৭০হাজাৰৰো অধিক নতুনকৈ হোৱাৰ বিপৰীতে প্ৰায় ২ হাজাৰ জনৰ মৃত্যু হৈছে । যদিও আক্ৰান্তৰ প্ৰথম স্থানতে এতিয়াও আছে আমেৰিকা । য'ত এতিয়ালৈকে ২.৯৩ নিযুত লোক আক্ৰান্ত হৈছে কোভিদ১৯ত। আনহাতে ১কোটি ১৩লাখতকৈ অধিক আক্ৰান্তৰে ভাৰত আছে তৃতীয় স্থানত |
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|