চমু চাপিছে অসমত বিধানসভা নিৰ্বাচনৰ দিন। ইয়াৰ লগে লগে নিৰ্বাচনী যুদ্ধ তীব্ৰতৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহৰ মাজত। কংগ্ৰেছ এইবাৰ সাজু হৈছে 'চত্তীশগড় মডেলে'ক অস্ত্ৰ হিচাপে লয়। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলক অসম কংগ্ৰেছৰ পৰ্যবেক্ষকৰ দায়িত্ব দিয়াৰ লগতে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতৰ গুৰু দায়িত্ব অৰ্পণ কৰিছে কংগ্ৰেছ হাইকামাণ্ডে।
একে সময়তে, টীম ৰাহুল গান্ধীৰ নেতা, চত্তীশগড়ৰ সংসদীয় সচিব বিকাশ উপাধ্যায়ক চত্তীশগড় মডেলৰ দৰে অসমত দূৰ্গ নিৰ্মাণৰ স্বাধীনতাৰ দায়িত্ব দিয়া হৈছে।
হাইকমাণ্ডৰ নিৰ্দেশনা অনুসৰি, চত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলৰ নেতৃত্বত তেওঁৰ বৃহৎ দলটোৱে অসমত এতিয়া জোৰদাৰ গতিত অব্যাহত ৰাখিছে সাংগঠনিক কাম-কাজ। মুখ্যমন্ত্ৰীৰ তিনিজন সহকৰ্মী, কেবিনেট মন্ত্ৰী, সংগঠনটোৰ নেতাকে ধৰি শ শ কৰ্মীয়ে নিৰন্তৰভাৱে অসমত কংগ্ৰেছৰ বাবে দূৰ্গ নিৰ্মাণত ব্যস্ত হৈ আছে।
কংগ্ৰেছ হাইকমাণ্ডে চত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলৰ ওপৰত আস্থা প্ৰকাশ কৰাৰ অন্তৰালত আছে বিশেষ কাৰণ। পিচিচি প্ৰধান ভুপেশ বঘেলে ১৫ বছৰ ধৰি চত্তীশগড়ত ৰাজত্ব কৰি থকা বিজেপি চৰকাৰক পৰাস্ত কৰিছিল। বিজপিয়ে মিছন ৬৫ প্ৰস্তুত কৰাৰ বিপৰীতে চত্তীশগড় কংগ্ৰেছে দ্ৰুত কৌশল, উন্নত ব্যৱস্থাপনাৰ জৰিয়তে ৯০ খন আসনৰ ভিতৰত ৭০ খন বিধানসভা আসন দখল কৰিবলৈ সক্ষম হৈছিল।
২০১৮ চনৰ চত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ সময়ত, কংগ্ৰেছে কণ্ট্ৰল ৰুম স্থাপনৰ জৰিয়তে এক নতুন ধাৰণাৰ আৰম্ভণি কৰিছিল। য'ত বিভিন্ন নেতা আৰু বিশেষজ্ঞক বিভিন্ন বিধানসভা আসন, নিৰ্বাচনী সমৰ্থন, আইনী তথ্য নিৰীক্ষণ কৰাৰ দায়িত্ব দিয়া হৈছিল। তেওঁলোকক কেৱল নিৰ্বাচনী প্ৰচাৰ আৰু ভোট গ্ৰহণলৈকে নহয়, ভোট গণনা পৰ্যন্ত কাম কৰি যাবলৈ নিয়োগ কৰা হৈছিল।
এতিয়া, অসম কংগ্ৰেছেও চত্তীশগড় কংগ্ৰেছৰ আৰ্হিত কণ্ট্ৰল ৰুমৰ ব্যৱস্থা কৰিছে। যাৰ পৰিচালনাৰ দায়িত্ব চত্তীশগড়ৰৰ নেতাসকলক দিয়া হৈছে। চত্তীশগড় কংগ্ৰেছৰ মুখপাত্ৰ আৰু মুখ্যমন্ত্ৰী ভূপেশ বঘেলৰ ঘনিষ্ঠ আৰ পি সিঙে কয় যে, হাইকমাণ্ডৰ নিৰ্দেশত সকলো নিৰ্বাচনী দিশৰ ওপৰত চকু ৰাখি কংগ্ৰেছৰ পক্ষত পৰিৱেশ সৃষ্টি কৰিবলৈ অসমত চত্তীশগড় কংগ্ৰেছৰ ৫০০তকৈও অধিক সদস্যৰ এটা দলক নিয়োগ কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|