মুখ্যপৃষ্ঠা » খবৰ

» Explained

»Explained : ধুমপান, সুৰাপান কৰা লোকসকলে কোভিড ভেকচিন লোৱাটো উচিত নে ? ভেকচিন গ্ৰহণৰ পূৰ্বেই জানি লওক এইকেইটা গুৰুত্বপূৰ্ণ কথা।

Explained : ধুমপান, সুৰাপান কৰা লোকসকলে কোভিড ভেকচিন লোৱাটো উচিত নে ? ভেকচিন গ্ৰহণৰ পূৰ্বেই জানি লওক এইকেইটা গুৰুত্বপূৰ্ণ কথা।

News18 Assam | News18-Assam
Updated:May 27, 2021, 3:15 PM IST
Explained : ধুমপান, সুৰাপান কৰা লোকসকলে কোভিড ভেকচিন লোৱাটো উচিত নে ? ভেকচিন গ্ৰহণৰ পূৰ্বেই জানি লওক এইকেইটা গুৰুত্বপূৰ্ণ কথা।
কোনো চিকিৎসা বা টীকাকৰণ কেতিয়াও বাধ্যতামূলক নহয় । এয়া লোৱাটো সম্পূৰ্ণৰূপে আপোনাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে ।

কোনো চিকিৎসা বা টীকাকৰণ কেতিয়াও বাধ্যতামূলক নহয় । এয়া লোৱাটো সম্পূৰ্ণৰূপে আপোনাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে ।

  • Share this:
  • Dr Niket Rai MD, Associate Professor, Maulana Azad Medical College
২০২০ বৰ্ষত মহামাৰী কোৰোণাৰ সংহাৰে বিশ্বজুৰি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছতে ইয়াৰ ভেকচিন নিৰ্মাণক লৈ উঠিপৰি লাগিছিল চিকিৎসা বিজ্ঞান । তাৰ ফলশ্ৰুতিতেই বিশ্বৰ আন দেশসমূহৰ দৰেই ২০২১ৰ আৰম্ভণিতে ভাৰততো আৰম্ভ হৈছিল কোৰোণাৰ টীকাকৰণ। সম্প্ৰতি দ্বিতীয় ঢৌৰ কৱলত পৰা ভৰতত কোভিশ্বিল্ড আৰু কোভাক্সিনেৰে দ্ৰুতগতিত চলি আছে টীকাকৰণ অভিযান ।  এনে পৰিস্থিতিত ভেকচিন গ্ৰহণৰ কৰাৰ পূৰ্বেই ভেকচিনৰ ড'জ সম্পৰ্কীয় সকলো কথা জানি লওক আপুনিও -

টীকা গ্ৰহণ কৰাটো বাধ্যতামূলক নে?

কোনো চিকিৎসা বা টীকাকৰণ কেতিয়াও বাধ্যতামূলক নহয় । এয়া লোৱাটো সম্পূৰ্ণৰূপে আপোনাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে । যদিও ইয়াক ল'বলৈ সকলোকে বিশেষভাৱে পৰামৰ্শ দিয়া হয় কিয়নো ইয়ে আপোনাক ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰিব ।

কোনে ভেকচিন গ্ৰহণ কৰিব পাৰে?

১৮ বছৰৰ অধিক বয়সৰ সকলোৱে ভেকচিন গ্ৰহণ কৰিব পাৰে। যদিও সম্প্ৰতি ২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ জনসংখ্যালৈও ইয়াৰ পৰীক্ষণ চলি আছে ।

গৰ্ভৱতী আৰু স্তনপান কৰাই থকা মহিলাৰ বাবে ভেকচিনৰ সুৰক্ষা এতিয়াও প্ৰতিষ্ঠিত হোৱা নাই।

ডায়েবেটিচ, উচ্চ ৰক্ত চাপ, কৰ্কট ৰোগ, হৃদৰোগ, বৃক্কৰ ৰোগ, যকৃতৰ ৰোগ, থাইৰয়ড ৰোগ, ইমিউনোচাপ্ৰেচিভ ৰোগৰ দৰে যিকোনো ৰোগ থকা ব্যক্তিসকলে ভেকচিন গ্ৰহণ কৰা উচিত । কিয়নো তেওঁলোকৰ মাজত কোভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি থাকে  । যদিও তেওঁলোকেও টীকাকৰণৰ সময়ত তেওঁলোকৰ ৰোগ আৰু তেওঁলোকে গ্ৰহণ কৰি থকা ঔষধৰ বিষয়ে অৱগত কৰিব লাগে।

কোনে ভেকচিন ল'ব নোৱাৰে?

ঔষধ বা ভেকচিনৰ প্ৰতি এলাৰ্জি থকা ব্যক্তিয়ে টীকাকৰণৰ স্থানত স্বাস্থ্য সেৱা কৰ্মীক এইকথা জনাব লাগে।

ভেকচিনৰ প্ৰথম পালিত এলাৰ্জি অনুভৱ কৰিলে দ্বিতীয় পালি গ্ৰহণ কৰিব নালাগে।

তীব্ৰ কাহ, চৰ্দি, জ্বৰ আদিত ভুগি থকা ব্যক্তিসকলে ভেকচিন ল'ব নালাগে ।  সুস্থ হৈ উঠাৰ পিছতহে লোৱা উচিত ।

থ্ৰম্বোচাইটোপেনিয়াৰ দৰে ৰোগ বা যদি এণ্টিকোএগুলেন্টৰ দৰে ঔষধ গ্ৰহণ কৰি থকা ব্যক্তিসকলে টীকাকৰণ স্থানত স্বাস্থ্য সেৱা কৰ্মীক এইকথা জনোৱা উচিত ।

কোনটো ভেকচিন অধিক ভাল?

কোনো ভেকচিনেই এটাতকৈ আনটো শ্ৰেষ্ঠ নহয় । দুয়োটা ভেকচিনৰ কাৰ্যকাৰিতা আৰু সুৰক্ষা প্ৰায় একেই ।

এগৰাকী ব্যক্তিয়ে দুটা বেলেগ বেলেগ ড'জ গ্ৰহণ কৰিব পাৰিব নে ?

এগৰাকী ব্যক্তিয়ে দুটা পৃথক ভেকছিনৰ ড'জ ল'ব নোৱাৰে বা নালাগে।

টীকাকৰণৰ পিছত গাড়ী চলোৱা বা আন কাম কৰিব পাৰি নে?

টীকাকৰণৰ পিছত এইক্ষেত্ৰত কোনো বাধা নাই বা ইয়াৰ প্ৰভাৱো নাই ।

ভেকচিনৰ দুয়োটা ড'জ গ্ৰহণ কৰাটো প্ৰয়োজনীয় নেকি?

ভেকচিনৰ এটা ড'জ গ্ৰহণ কৰাসকলৰ তুলনাত দুটা ড'জ গ্ৰহণ কৰাসকলৰ মাজত সংক্ৰমণৰ সম্ভাৱনা কম থাকে ।

দুটা ড'জৰ মাজৰ ব্যৱধান কিমান হোৱা উচিত?

কোভিশ্বিল্ডৰ ক্ষেত্ৰত দুটা ড'জৰ মাজৰ ব্যৱধান ১২ সপ্তাহৰ পৰা ১৬ সপ্তাহ হোৱা উচিত আৰু কোভাক্সিনৰ ক্ষেত্ৰত ২৮ দিন ।

ভেকচিনৰ প্ৰথম আৰু দ্বিতীয়টো ড'জ গ্ৰহণৰ পিছত শৰীৰত কি পৰিৱৰ্তন হয় ?

ভেকচিনে কোভিডৰ সৈতে যুঁজিবলৈ প্ৰয়োজনীয় এণ্টিবডী প্ৰস্তুত কৰিব। এই এণ্টিবডীবোৰৰ ঘনত্ব দ্বিতীয় পালিৰ পিছত অধিক হয় আৰু সেয়েহে সংক্ৰমণ হোৱাৰ সম্ভাৱনা কম হয় বা সংক্ৰমণ হ'লেও ই গুৰুতৰ পৰ্যায়ত উপনীত নহ'ব ।
ইপিনে ড'জ গ্ৰহণৰ পিছতেই একাংশই ভাগৰুৱা অনুভাৱ কৰা, জ্বৰ , মূৰৰ বিষ, ভোক হ্ৰাস, মূৰ ঘূৰোৱা, বমি, পেটত বিষ,আদিৰ দৰে মৃদু পাৰ্শ্বক্ৰিয়া অনুভৱ কৰিব পাৰে। এই পাৰ্শ্বক্ৰিয়াবোৰ মৃদু আৰু পেৰাচিটামলৰ দৰে ঔষধ গ্ৰহণ কৰি হ্ৰাস কৰিব পাৰি আৰু ইয়াক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই ।

সম্পূৰ্ণ  টীকাকৰণৰ পাছতো মাস্ক পিন্ধিব লাগে নে ?

যিহেতু কোনো ভেকচিনেই কোভিড ভাইৰাছৰ বিৰুদ্ধে ১০০% সুৰক্ষা প্ৰদান নকৰে । সেয়েহে মুখ আৰু নাক ঢাকি ৰখা মাস্ক, সামাজিক দূৰত্ব, হাত পৰিষ্কাৰ কৰাৰ লগতে কৰমৰ্দন আৰু আলিংগনৰ পৰা আঁতৰি থকা উচিত ।

কোভিড সংক্ৰমণৰ পিছত ভেকচিন ল'ব পাৰিনে?

সংক্ৰমণৰ পৰা আৰোগ্য হোৱাৰ পিছত এগৰাকী ৰোগীয়ে  টীকাকৰণ সম্পূৰ্ণ কৰিব লাগে। যদিহে ভেকচিনৰ প্ৰথম পালি গ্ৰহণৰ পিছত কোভিড হয়, তেন্তে অনুসূচী অনুসৰি কোভিডৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ পিছত দ্বিতীয় পালি গ্ৰহণ কৰিব লাগে। যদিহে ড'জ গ্ৰহণ নকৰাকৈয়ে কোভিডত আক্ৰান্ত হৈছে তেন্তে নতুন নিৰ্দেশনা অনুসৰি পজিটিভ হিচাপে চিনাক্ত হোৱাৰ ৯০ দিন বা ৩ মাহ পিছতহে প্ৰথমটো ড'জ আৰু তাৰ পিছত পৰৱৰ্তী ড'জ গ্ৰহণ কৰিব লাগে ।

ধুমপান আৰু সুৰাপান কৰা লোকসকলৰ বাবে ভেকচিন লোৱাত কোনো সমস্যা আছে নেকি?

নাই । ধুমপান কৰা আৰু সুৰাপান কৰা সকলেও ভেকছিন গ্ৰহণ কৰিব পাৰে । ইয়াৰ সৈতে জড়িত বিপদ বা শংকাৰ কোনো তথ্য নাই । কিন্তু এয়া পৰামৰ্শ দিয়া হয় যে ধুমপান আৰু সুৰা সেৱন বন্ধ কৰিব লাগে, কিয়নো ইয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে আৰু সংক্ৰমণ ৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।  ধুমপান আৰু সুৰা যিকোনো ধৰণে স্বাস্থ্যৰ বাবে ভাল নহয়, সেয়েহে ইয়াক এৰাই চলা ভাল ।

TAGS: Corona virus, Covid19, Home Isolation, Covid Vaccine, Covishield, Covaxin, Doctor Advice,কোৰোণা ভাইৰাছ, কোভিদ১৯, কোভিড ভেকচিন, কোভিশ্বিল্ড, কোভাক্সিন, চিকিৎসকৰ পৰামৰ্শ
Published by: Manjumoni Borah
First published: May 25, 2021, 6:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি