কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা চমুকৈ EPFOয়ে শেহতীয়াকৈ ইয়াৰ কাৰ্য প্ৰণালীত বিশেষভাৱে প্ৰয়োজনীয় কিছুমান পৰিৱৰ্তন সাধন কৰিছে । যাতে ভৱিষ্য নিধি একাউণ্টৰ গৰাকীয়ে অৰ্থাত কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা (EPFO)- ৰ গ্ৰাহকসকলে এতিয়াৰে পৰা UAN নম্বৰ অবিহনেই তেওঁলোকৰ PF একাউণ্টত থকা জমা ধনৰ বিষয়ে সকলো কথা জানিব পাৰিব ।
১২টা অংকযুক্ত ইউনিক নম্বৰ হৈছে UAN :জানি লওক যে এই UAN হৈছে এটা ১২টা অংকযুক্ত একক সংখ্যা । যাক স্থায়ীভাৱে কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা চমুকৈ EPFO-ৰ গ্ৰাহকসকলৰ বাবে আৱণ্টন কৰা হয় । এই সংখ্যাটো কেতিয়াও EPFOগ্ৰাহকৰ বাবে সলনি নহয় আৰু প্ৰতিগৰাকী ব্যৱহাৰকাৰীৰে একোটা নিজস্ব বেলেগ বেলেগ UAN নম্বৰ থাকে। EPFOয়ে শেহতীয়া ইয়াৰ কাৰ্য প্ৰণালী অধিক স্বচ্ছ কৰি তুলিবলৈ কেইবাটাও কাৰিকৰী দিশ উন্নীতকৰণ কৰিছে ।
ইয়াত বেলেন্স পৰীক্ষা কৰকইউএএন (UAN )অবিহনে পিএফ একাউণ্টৰ বেলেন্স পৰীক্ষা কৰিবলৈ, ইপিএফঅ' গ্ৰাহকসকলে কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ অফিচিয়েল ৱেবছাইট www.epfindia.gov.in চাব লাগিব আৰু কিছুমান সহজ পদক্ষেপ অনুসৰণ কৰিব লাগিব। ই ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ পিএফ একাউণ্টৰ বেলেন্স পৰীক্ষা কৰিবলৈ সক্ষম কৰিব।
তেনেস্থলত UAN অবিহনেই এনেদৰে পৰীক্ষা কৰক EPFOত থকা আপোনাৰ জমা ধনৰ পৰিমাণ -UAN অবিহনে PFত থকা জমা ধনৰ পৰিমাণ পৰীক্ষা কৰিবলৈ প্ৰথমে epfindia.gov.in লৈ গৈ ইয়াত লগ ইন কৰক।
তাৰ পিছত হোম পেজত দিয়া Click Here to Know your EPF Balance লিংকত ক্লিক কৰক ।
এনে কৰাৰ পিছতেই এই প্ৰণালীটোৱে আপোনাক epfoservices.in/epfo/ লৈ যাব আৰু য'ত আপুনি Member Balance Information টেবত ক্লিক কৰিব লাগিব ।
ইয়াৰ পিছতে EPFOসদস্যসকলে তেওঁলোকৰ ৰাজ্য বাছনি কৰিব লাগিব আৰু তেওঁলোকৰ EPFO কাৰ্যালয়ৰ লিংকত ক্লিক কৰিব লাগিব ।
ইয়াৰ পিছত আপোনাক PF একাউণ্ট নম্বৰ, নাম আৰু পঞ্জীভুক্ত ম'বাইল নম্বৰ প্ৰবিষ্ট কৰিবলৈ কোৱা হ'ব ।
সকলো তথ্য পূৰণ কৰাৰ পিছত আপুনি Submit বুটামত ক্লিক কৰিব লাগিব । এয়া কৰাৰ পিছতে আপুনি আপোনাৰ স্ক্ৰীণত PF বেলেন্স দেখিবলৈ পাব ।
https://hindi.news18.com/news/business/how-to-online-check-pf-balance-deposit-money-without-uan-here-is-process-varpat-3592343.html
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|