Beard and covid-19: দাড়ি থকা লোক কোৰোণাত আক্ৰান্ত হোৱাৰ আশংকা অধিক, কি কয় গৱেষণাই?

News18 Assam | News18-Assam
Updated:June 15, 2021, 10:30 PM IST
Beard and covid-19: দাড়ি থকা লোক কোৰোণাত আক্ৰান্ত হোৱাৰ আশংকা অধিক, কি কয় গৱেষণাই?
শেহতীয়া অধ্যয়নটোৱে মানুহৰ দাড়িক মাৰাত্মক কোভিড ভাইৰাছৰ সংক্ৰমণৰ কাৰক বুলি উল্লেখ কৰিছে।

শেহতীয়া অধ্যয়নটোৱে মানুহৰ দাড়িক মাৰাত্মক কোভিড ভাইৰাছৰ সংক্ৰমণৰ কাৰক বুলি উল্লেখ কৰিছে।

  • Share this:

দাড়ি আৰু পাক খোৱা গোঁফে পুৰুষৰ আকৰ্ষণ বৃদ্ধি কৰিছে। ইয়াকে লৈ ওলাইছে নানা ষ্টাইলো। কিন্তু আপুনি জানেনে আকৰ্ষণীয় দাড়িয়ে কোৰোণা ভাইৰাছকো আকৰ্ষিত কৰি আমন্ত্ৰণ কৰিব পাৰে বুলি। কোভিড ভাইৰাছক লৈ চলা এক গৱেষণাধৰ্মী অধ্যয়নে প্ৰকাশ কৰিছে এনে কথা।


এই সম্পৰ্কীয় এটা ৰিপোৰ্টত  কোৱা হৈছে যে দাড়ি থকা লোকসকলৰ কোভিড সংক্ৰমণৰ আশংকা অধিক। পূৰ্বৱৰ্তী অধ্যয়নবোৰে যিকোনো সংক্ৰমিত ব্যক্তিৰ কাহ, হাঁচি বা উশাহ-নিশাহৰ জৰিয়তে কোভিড-১৯ ৰোগ বিয়পে বুলি কৈছিল, এতিয়া ইয়াৰ লগত যোগ হৈছে দাড়িৰ কথাও। শেহতীয়া অধ্যয়নটোৱে মানুহৰ দাড়িক মাৰাত্মক কোভিড ভাইৰাছৰ সংক্ৰমণৰ কাৰক বুলি উল্লেখ কৰিছে। গতিকে লকডাউনৰ সময়ত বহুতে দাড়ি বঢ়াইছে যদিও চিকিৎসকসকলে এতিয়া ইয়াক অসুৰক্ষিত কথা বুলি বিবেচনা কৰে।


দাড়িৰ পৰা সংক্ৰমণ কেনেদৰে বিয়পে?



১. আমেৰিকান একাডেমী অৱ ডাৰ্মাটোলজীৰ এজন সদস্য ড. এন্থনী এম জুচিয়ে কয় যে যদি কাৰোবাৰ দাড়ি অত্যধিক ডাঠ আৰু দীঘল হয়, মাস্ক মুখত ভালদৰে খাপ নাখায়, ফলত সোনকালে কোভিডৰ প্ৰৱেশ ঘটিব পাৰে।


২. আনহাতে অধ্যয়নটোত কোৱা হয় যে কোনো মাস্ক, লাগিলে সি যিমানেই সুৰক্ষিত নহওক, দাড়িৰ বিন্ধাৰ বাবে তাত বহুতো ছিদ্ৰৰ সৃষ্টি হয় আৰু এনে ছিদ্ৰৰে অনায়াসে কোৰোণাৰ প্ৰৱেশ ঘটিব পাৰে। এনে সম্ভাৱনা থাকে ২০ৰ পৰা ১০০ গুণ অধিক।

Published by: Gautam Barman
First published: June 15, 2021, 10:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি