ৰাজনীতিত দল বাগৰা কথাষাৰ কোনো নতুন কথা নহয়। শেহতীয়াকৈ অসমতো বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এনে বহুকেইটা নজিৰ আমি দেখা পাইছো।নিজৰ টিকটৰ পৰা বঞ্চিত হ'লে, দলত নিজৰ প্ৰভূত্ব ৰক্ষা ন'হলে কিম্বা অন্যান্য ভিন্ন কাৰণ ৰাজনৈতিক নেতাই দলত্যাগ কাৰ্যত সিদ্ধহস্ত হৈ আহিছে আৰু ইটোৰ পৰা আন এটা দললৈ বাগৰি আহিছে। সাম্প্ৰতিক দেশৰ ৰাজনৈতিক দৃষ্টিপটলৈ যদি চোৱা হয়, তেন্তে দল বাগৰা ৰাজনীতি কিমান দূৰলৈ শিপাইছে সেয়া সহজে অনুমান কৰিব পাৰি।
এনেবোৰ দিশলৈ লক্ষ্য ৰাখিয়েই ৰাষ্ট্ৰীয় নিৰ্বাচন ৱাটচ আৰু এচ'চিয়েচন ফ'ৰ ডেম'ক্ৰেটিক ৰিফৰ্মচে দেশৰ ৪৩৩ সাংসদৰ শপতনামাৰ বিশ্লেষণ কৰিছে, যিয়ে বিগত ৫টা বৰ্ষত দল সলনি কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।
দুয়োটা সংস্থাৰ তথ্য অনুসৰি, ২০১৬-২০ৰ নিৰ্বাচনৰ সময়চোৱাত ১৭০ গৰাকী বিধায়কে অন্য দললৈ বাগৰিবলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ ত্যাগ কৰিছিল। তাৰ বিপৰীতে মাত্ৰ ১৮ গৰাকী বিধায়কে বিজেপি ত্যাগ কৰি অন্য দলত যোগদান কৰিছিল। ইয়াৰ মাজতে একে সময়তে পুনৰ নিৰ্বাচন অৱতীৰ্ণ হ'বলৈ ৪০৫ গৰাকীৰ ভিতৰত ১৮২ গৰাকী বিধায়কে অন্য দল ত্যাগ কৰি বিজেপিলৈ আহিছিল। লগতে ৩৮ গৰাকীয়ে কংগ্ৰেছত আৰু ২৫ গৰাকীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল।
ইফালে যদি সাংসদসকলৰ দিশটোলৈ চোৱা হয় তেন্তে ২০১৬-২০ বৰ্ষত পুনৰ নিৰ্বাচনৰ বাবে ১৬গৰাকীৰ ভিতৰত ১০গৰাকী ৰাজ্যসভাৰ সাংসদেই অন্য দলৰ পৰা আহি বিজেপিত যোগদান কৰিছিল। য'ত ৭ গৰাকীয়েই বিজেপিমুখী সাংসদেই আছিল কংগ্ৰেছী।
অন্যহাতে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ সময়ত ৫গৰাকী লোকসভা সাংসদে অন্য দল এৰি বিজেপিলৈ আহিছিল আৰু সেইসময়তে নিৰ্বাচনত ৫ গৰাকী লোকসভাৰ সাংসদে অন্য দলৰ পৰা আহি যোগদান কৰিছিল কংগ্ৰেছত।
এই পাঁচটা বছৰৰ সময়চোৱাতে দেশৰ মুঠ ৪০৫ গৰাকী বিধায়কে, ১২গৰাকী লোকসভা সাংসদে আৰু ১৬গৰাকী ৰাজ্যসভাৰ সাংসদে অৰ্থাত্ সৰ্বমুঠ ৪৩৩ গৰাকী ৰাজনীতিবিদে নিজৰ দল ত্যাগ কৰি অন্য দললৈ গমন কৰিছিল আৰু নতুন দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল | যদিও ইয়াৰ ২২৫গৰাকী সাংসদ আৰু বিধায়কে অন্য দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হ'বলৈ সক্ষম হৈছিল।
দল বাগৰা এই সাংসদ বিধায়সকলৰ ভিতৰত ৮৬ শতাংশই হৈছে কোটিপতি। ইয়াৰে সবাতোকৈ কোটিপতি ৰাজনীতিবিদগৰাকী হৈছে কৰ্ণাটকৰ বাংগালুৰু গ্ৰাম্যৰ বিধায়ক এন নাগাৰজু | তেওঁ ২০১৯ত বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিছিল।
সেয়া যি হ'লেও মন কৰিবলগীয়া কথা যে এই দল বাগৰা ৰাজনীতিৰ বাবেই শেহতীয়াকৈ মধ্য প্ৰদেশ, মণিপুৰ,গোৱা,অৰুণাচল প্ৰদেশ আৰু কৰ্ণাটকত ৰাজ্য চৰকাৰৰ পতন হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|