আজিৰ এই ডিজিটেল যুগত বহু বস্তু অনলাইন হৈ গৈছে । আজিৰ এই সময়ত আপুনি ঘৰত বহিয়েই এটা ক্লিকত যিকোনো সামগ্ৰী ক্ৰয় কৰিব পাৰে। ইয়াৰ বাবে বজাৰলৈ যোৱাৰ কোনোধৰণৰ প্ৰয়োজন নাই । এই ডিজিটেল যুগতেই সামগ্ৰী ক্ৰয় বাবেই হওক বা যিকোনো কাৰণতেই ধন পৰিশোধৰ বিকল্পও অনলাইনত দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে । অনলাইন লেনদেনৰ বাবে ফোনপে, গুগ'ল পে', পেটিএম, ভীম ইউপিআইৰ প্ৰৱণতাও দ্ৰত হাৰত বৃদ্ধি পাইছে । একেদৰে আমাজন পে' (Amazon Pay)ও হৈছে এটা অনলাইন পৰিশোধ সেৱা এপ । যাৰ মালিকানা আমাজনৰ ওচৰত আছে। যদি আপুনি Amazon App ব্যৱহাৰ কৰি আছে তেন্তে আপুনি আমাজনত এটা ইউপিআই আইডি বনাবলৈ বিচৰাটো স্বাভাৱিক যাতে ধনৰ লেন দেন কৰা বা পৰিশোধ সহজ হৈ পৰে ।
আমাজন পে ইউপিআই(Amazon Pay UPI) আন ইউপিআই যেনে ফোনপে', গুগ'ল পে', পেটিএম বা আন যিকোনো ভীম ইউপিআই দৰে একেই হয় । আমাজন ইণ্ডিয়াৰ ওচৰত পৰিশোধৰ বাবে কোনো পৃথক এপ নাই। ই আমাজন এপতে আমাজন পে'ৰ বিকল্প প্ৰদান কৰিছে | আপুনি আপোনাৰ সঞ্চয় একাউণ্ট ইয়াৰ সৈতে লিংক কৰিব পাৰে।
Amazon Payত আপোনাৰ UPI ID কেনেদৰে এনেদৰে বনাওক -
- প্ৰথমে আপুনি আপোনাৰ ফোনত থকা আমাজন এপটো খোলক আৰু আমাজন পে বিকল্পত ক্লিক কৰক।
- এতিয়া আপুনি পৰিশোধ বিকল্পলৈ যাওক। আৰু তাৰ পিছত Manage Bank Account লৈ যাওক আৰু Add New Bank Account বিকল্পলৈ যাওক।
-এতিয়া Add Bank Account Linked to UPI লৈ যাওক আৰু দিয়া তালিকাৰ পৰা আপোনাৰ বেংক একাউণ্ট বাছনি কৰক।
-যদি আপুনি ডুৱেল SIM ব্যৱহাৰ কৰে, তেন্তে আপুনি বেংকত পঞ্জীয়ন হৈ থকা SIM বাছনি কৰিব লাগিব।
- এতিয়া আপুনি verify your mobile numberত ক্লিক কৰিব লাগিব । আমাজনে এছএমএছ প্ৰেৰণ কৰি আপোনাৰ নম্বৰটোৰ সত্যাপন কৰিব ।
-ম'বাইল নম্বৰৰ সত্যাপন নিৰূপন হোৱাৰ পিছত Link Bank Accountত ক্লিক কৰক।
-এতিয়া আপুনি আপোনাৰ ডেবিট কাৰ্ডৰ বিৱৰণ প্ৰমাণিত কৰিব লাগিব যাৰ বাবে আপুনি আপোনাৰ কাৰ্ডৰ অন্তিম ৬টা সংখ্যা আৰু সমাপ্তিৰ তাৰিখ প্ৰবিষ্ট কৰিব লাগিব ।
-তাৰ পিছত Set your UPI PIN লৈ যাওক আৰু আপোনাৰ নিজৰ পিন বনাওক । ইয়াৰ লগে লগে আপোনাৰ আমাজন ইউপিআই আইডি হৈ যাব |
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|