Assam-Assembly: ভোট যুদ্ধৰ পূৰ্বেই বৰাকত আৰম্ভ হৈছে আন এখন যুঁজ! টিকট কেন্দ্ৰিক কন্দলত জৰ্জৰিত কংগ্ৰেছ-বিজেপি

তালিকা ঘোষণাৰ পিছৰে পৰা ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে টিকটকেন্দ্ৰিক অন্তঃকন্দল।
তালিকা ঘোষণাৰ পিছৰে পৰা ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে টিকটকেন্দ্ৰিক অন্তঃকন্দল।
- News18 Assam
- Last Updated: March 8, 2021, 2:27 PM IST
২৭ মাৰ্চ, ১ আৰু ৬ এপ্ৰিলত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজ্যত এক খদমদম পৰিবেশে বিৰাজ কৰি আছে। ইয়াৰ লগে লগে ১৫ টাকৈ সমষ্টিৰ সৈতে বৰাক উপত্যকাতো দ্বিতীয় পৰ্যায়ত অর্থাৎ ১ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। অহা ১২ মাৰ্চৰ দিনটো মনোনয়ন দাখিলৰ অন্তিমটো দিন হিচাপে ধাৰ্য কৰা হৈছে । কিন্তু তালিকা ঘোষণাৰ পিছৰ পৰা এই পৰ্যন্ত অন্ত পৰা নাই দলসমূহৰ মাজত টিকটকেন্দ্ৰিক অন্তঃকন্দল। বিশেষকৈ কংগ্ৰেছ আৰু বিজেপিৰ ভিতৰচঁৰাত এতিয়া তীব্ৰ অন্তঃকন্দল পৰিলক্ষিত হৈছে।
এইক্ষেত্ৰত, প্ৰথমে যদি চোৱা হয়, বিজেপিয়ে ৫ মাৰ্চত প্ৰকাশ কৰা প্ৰাৰ্থীৰ তালিকাৰ পৰা শিলচৰৰ বৰ্তমানৰ বিজেপি বিধায়ক তথা প্ৰাক্তন উপাধ্যক্ষ দিলীপ কুমাৰ পালৰ নাম বাদ পৰাৰ পিছতেই বৰাক বিজেপিত অশান্তিৰ সৃষ্টি হৈছে। ইপিনে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা উত্তৰ-পূবৰ বিজেপিৰ পিতাপহ হিচাপে বিবেচিত কবিন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ তথা কাছাৰ জিলা বিজেপি গোটৰ সাধাৰণ সম্পাদক কানাদ পুৰকায়স্থৰ নাম বাদ পৰাক লৈয়ো বিৰাজ কৰিছে তীব্ৰ অসন্তুষ্টিয়ে।
টিকটৰ পৰা বঞ্চিতহৈ দিলীপ কুমাৰ পালে ৫ মাৰ্চৰ সন্ধিয়া শিলচৰত উপস্থিত হয় আৰু কয়, 'মোৰ সততা আৰু কামৰ প্ৰতি থকা দায়বদ্ধতা, মোৰ ভোটাৰসকলক বিজেপি নেতৃত্বই দেখা নাপালে আৰু আকৌ এবাৰ টিকট প্ৰদান নকৰি তেওঁলোকে মোক পুৰস্কৃত কৰিলে।'
ইফালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবিন্দ্ৰ পুৰকায়স্থই তেওঁৰ জীৱনকালত এবাৰলৈ পুত্ৰক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দেখিবলৈ নোপোৱাৰ বাবে আচৰিত হৈ পৰে।
আনফালে যদি কংগ্ৰেছলৈ চোৱা হয়, তেন্তে ৬ মাৰ্চত সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ সভানেত্ৰী তথা শিলচৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে তেওঁৰ 'পদত্যাগ' ঘোষণা কৰাৰ বাতৰিয়ে আচৰিত কৰিছিল সকলোকে। বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰ দল এআইইউডিএফৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া প্ৰাৰ্থী বাছনি কৰা সময়তে বহু বিতৰ্কৰ সৃষ্টি হৈছিল।
এই বাতৰি প্ৰকাশ পোৱা পিছতে খঙত অগ্নিশৰ্মা হৈ সুস্মিতাৰ সমৰ্থকসকলে শিলচৰৰ পাৰ্ক পথত থকা কাছাৰ জিলা কংগ্ৰেছ সমিতিৰ ইন্দিৰা ভৱনত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে আৰু জিতেন্দ্ৰ সিঙৰ পোষ্টাৰ জ্বলোৱাৰ লগতে আৰু ৰিপুণ বৰা মুৰ্দাবাদ আৰু জিতেন্দ্ৰ সিং মুৰ্দাবাদৰ শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। আনকি দলীয় কাৰ্যালয়ত তলা ওলমাই দিয়ে।
এনে পৰিস্থিতি সৃষ্টি হোৱাৰ কাৰণ আছিল, বিগত বৰ্ষত দল বিৰোধী কাৰ্যকলাপৰ বাবে কংগ্ৰেছ দলৰ পৰা ৬বছৰৰ বাবে নিলম্বিত হোৱা প্ৰাক্তন বিধায়িকা ৰুমী নাথৰ দৰে নেত্ৰীকো কংগ্ৰেছে প্ৰাৰ্থী তালিকাত স্থান দিয়া।
আনকি, অতীতত কংগ্ৰেছৰ ভোট বেংক হিচাপে পৰিচিত সোনাই সমষ্টিৰ দৰে বহু আসন মিত্ৰ দল এ আই ইউ ডিএফক এৰি দিয়া কাৰ্যক লৈও ক্ষোভিত হৈ পৰিছিল কংগ্ৰেছ কৰ্মীসকল। যাৰ বাবে এই আসন ভাগ বাটোৱাৰা ব্যৱস্থাক লৈ অগ্নিশৰ্মা হৈ পৰা সুস্মিতা দেৱ দিল্লীলৈ ৰাওনা হৈছিল আৰু ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে বৈঠকত মিলিত হৈছিল।
এইসমূহৰ মাজতে বৰাকত এতিয়া নিৰ্বাচনী প্ৰেক্ষাপট আগন্তুক সময়ত কি হয় সেয়া তাৎপৰ্যপূৰ্ণ হ’ব।
(বৰাকৰ পৰা News18ৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ বিশেষ প্ৰতিবেদন)