• Home
  • »
  • News
  • »
  • explained
  • »
  • Explained: পানীত থকা TDS মানে কি? চীনৰ বাবে কিয় অৰুণাচলৰ কামেং নদীৰ বৰণ হৈছে ক'লা? সবিশেষ জানি লওক

Explained: পানীত থকা TDS মানে কি? চীনৰ বাবে কিয় অৰুণাচলৰ কামেং নদীৰ বৰণ হৈছে ক'লা? সবিশেষ জানি লওক

ফটোঃ টুইটাৰ

ফটোঃ টুইটাৰ

What Is TDS In Water: চীন–ভাৰত সীমান্তৰ উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশত হঠাতে নদীৰ পানী হৈ পৰিছে ক'লা। সকলোকে হতবাক কৰা খবৰ অনুসৰি, কামেং নদীত সংঘটিত এই ঘটনাৰ বাবে লাখ লাখ মাছ মুহূৰ্ততে মৃত্যুমুখত পৰে।

  • Share this:

চীন–ভাৰত সীমান্তৰ উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশত হঠাতে নদীৰ পানী হৈ পৰিছে ক'লা। সকলোকে হতবাক কৰা খবৰ অনুসৰি, কামেং নদীত সংঘটিত এই ঘটনাৰ বাবে লাখ লাখ মাছ মুহূৰ্ততে মৃত্যুমুখত পৰে। ঘটনাটো ৰাজ্যখনৰ পূব কামেং জিলাত সংঘটিত হৈছে। পৰৱৰ্তী অনুসন্ধানত প্ৰকাশ পাইছে যে নদীৰ পানীত টিডিএছৰ পৰিমাণ হঠাতে যথেষ্ট বৃদ্ধি পাইছে, যাৰ উশাহ লব নোৱাৰি লাখ লাখ মাছৰ মৃত্যু হয়।


টিডিএছ কি?
TDS হৈছে Total Dissolved Solids। ইয়াৰ অৰ্থ হৈছে পানীত দ্ৰৱীভূত কণাৰ ঘনত্ব। টিডিএছত অজৈৱ লৱণ থাকে, অৰ্থাৎ কেলচিয়াম, মেগনেছিয়াম, ক্লৰাইড, ছালফেট, বাইকাৰ্বোনেট ইত্যাদি। ইয়াত আন বহুতো অজৈৱ পদাৰ্থও থাকিব পাৰে। টিডিএছে পানীৰ লৱণতা প্ৰকাশ কৰে। টিডিএছ যিমানে পানীত থাকিব, সিমানেই ই নিমখীয়া হ'ব।


খোৱাপানীত কিমান টিডিএছ থাকিব লাগে
বিশ্ব স্বাস্থ্য সংস্থাই খাবলৈ উপযুক্ত পানীৰ প্ৰতি ১০ লাখ কণাত (parts per million) টিডিএছৰ পৰিমাণ ৩০০লৈকে থকাটো গ্ৰহণযোগ্য বুলি কৈছে। ইয়াক চমুকৈ পিএমপি বুলি কোৱা হয়। টিডিএছৰ মাপ পিএমপিত উলিওৱা হয়। পানীত ৩০০ পিএমপিতকৈ অধিক টিডিএছ থাকিলে ইয়াৰ সোৱাদ নিমখীয়া হ'ব আৰু ইয়াত যথেষ্ট খনিজ থাকিব। ই আমাৰ শৰীৰৰ ক্ষতি কৰিব পাৰে। আনহাতে, খোৱাপানীত শূন্যমাত্ৰাৰ টিডিএছো সমানে ক্ষতিকাৰক। কাৰণ আমাৰ শৰীৰক বিভিন্ন ধৰণৰ খনিজ পদাৰ্থৰ প্ৰয়োজন। এই ক্ষেত্ৰত, পানীয়ে এই খনিজ পদাৰ্থবোৰ যোগান ধৰে। সেয়ে খোৱাপানীত ১০০০ পিএমপিৰ স্তৰক বিপজ্জনক বুলি অভিহিত কৰিছে।


হিমাচলৰ নদীত টিডিএছৰ পৰিমাণ কেনেদৰে বৃদ্ধি পাইছিল
পিটিআইৰ প্ৰতিবেদন অনুসৰি, জিলা মীন পালন বিষয়া হালি তাজোৱে কয় যে 'মুঠ দ্ৰৱীভূত পদাৰ্থ' (টিডিএছ)ৰ উচ্চ উপস্থিতিয়ে নদীৰ পানী ক'লা কৰি পেলাইছিল। ইয়াৰ বাবে নদীখনত হাজাৰ হাজাৰ মাছ মৃত অৱস্থাত পোৱা গৈছিল। বৃহৎ সংখ্যক মাছৰ মৃত্যুৰ কাৰণ হৈছে বৃহৎ পৰিমাণৰ টিডিএছৰ উপস্থিতি।


অৰুণাচলৰ নদীখনত টিডিএছৰ স্তৰ আছিল প্ৰতি লিটাৰত ৬৮০০ মিলিগ্ৰাম, যি সাধাৰণতে প্ৰতি লিটাৰত ৩০০-১২০০ মিলিগ্ৰাম হয়। ৰাজ্যখনে ইয়াৰ বাবে চীনক দোষাৰোপ কৰিছে। চীনৰ ঔদ্যোগিক নিৰ্মাণে নদীখনৰ ৰং ক'লা কৰিছিল। স্থানীয় প্ৰশাসন তথা বিধায়ক তাপুক টাকুৱে কয় যে কামেং নদীত আগতে কেতিয়াও এনে হোৱা নাছিল।


পূৰ্বতে এনে ঘটনা ২০১৭ চনত সংঘটিত হৈছিল।
প্ৰতিবেদন অনুসৰি, এইটো আগতে ২০১৭ চনত চিয়াং নদীত সংঘটিত হৈছিল আৰু অৰুণাচল পূব কংগ্ৰেছৰ সাংসদ নিনোং এৰিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ তেওঁৰ হস্তক্ষেপ বিচাৰি পত্ৰ লিখিছিল। তেওঁ দাবী কৰিছিল যে চীনত এটা দীঘল সুৰংগ নিৰ্মাণৰ বাবে ই জিনজিয়াং প্ৰদেশত চিয়াঙৰ পানী সলনি কৰিছিল। অৱশ্যে, চীনে এই অভিযোগ অস্বীকাৰ কৰিছিল।


টিডিএছ হ্ৰাস কৰাৰ ব্যৱস্থাবোৰ কি
সাধাৰণতে ভূগৰ্ভস্থ পানীত টিডিএছৰ পৰিমাণ বহুত বেছি হয়। ই মুখ্যতঃ স্থানৰ আৰু পানীৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে। বহু ক্ষেত্ৰত পানী অতি পৰিষ্কাৰ আৰু যথেষ্ট মিঠা হ'লে বুজিব লাগিব পানীত কম টিডিএছ আছে। চহৰসমূহত পৌৰসভাই যোগান ধৰা পানী আৰু স্থিৰ পানীত টিডিএছৰ পৰিমাণ কম। ইয়াৰ উপৰি আজিকালি বজাৰত আৰ অ' ৱাটাৰ পিউৰিফায়াৰ উপলব্ধ বাবে পানীত টিডিএছৰ পৰিমাণ তিনিৰ পৰা চাৰিগুণ হ্ৰাস হয়। অৰ্থাৎ, যদি পানীৰ টিডিএছ পৰিমাণ ১২০০ পিএমপি হয়, আৰ.অ'. প্ৰণালীয়ে ইয়াক সহজে ১৫০-২০০ স্তৰলৈ আনিব পাৰে।

Published by:Gautam Barman
First published: