মুখ্যপৃষ্ঠা » খবৰ

» Explained

»বেংকৰ লোন লোৱা অৱস্থাত কোনো লোকৰ মৃত্যু হ'লে কি হয় লোনটো? শুজিব লাগে নে নালাগে বেংকক? জানি লওক সবিশেষ...

বেংকৰ লোন লোৱা অৱস্থাত কোনো লোকৰ মৃত্যু হ'লে কি হয় লোনটো? শুজিব লাগে নে নালাগে বেংকক? জানি লওক সবিশেষ...

News18 Assam | News18-Assam
Updated:June 6, 2021, 7:33 PM IST
বেংকৰ লোন লোৱা অৱস্থাত কোনো লোকৰ মৃত্যু হ'লে কি হয় লোনটো? শুজিব লাগে নে নালাগে বেংকক? জানি লওক সবিশেষ...
আপুনি কেতিয়াবা ভাবিছেনে এই পৰিস্থিতিত বেংকৰ লোন পৰিশোধ কোনে কৰে, উত্তৰাধিকাৰীয়ে নে ইয়াৰ আন কোনো নিয়ম আছে?

আপুনি কেতিয়াবা ভাবিছেনে এই পৰিস্থিতিত বেংকৰ লোন পৰিশোধ কোনে কৰে, উত্তৰাধিকাৰীয়ে নে ইয়াৰ আন কোনো নিয়ম আছে?

  • Share this:

ধনৰ প্ৰয়োজনত বেংকৰ গ্ৰাহকসকলে বেংকৰ পৰা ঋণ লয় আৰু ইয়াক কিস্তিত পৰিশোধ কৰি থাকে। কিন্তু ইয়াৰ মাজতে দুৰ্ভাগ্যবশতঃ কেতিয়াবা ঋণ লওঁতাৰ মৃত্যু হয় আৰু যথেষ্ট ধন বেংকক ঘূৰাই দিবলৈ বাকী থাকে। আপুনি কেতিয়াবা ভাবিছেনে এই পৰিস্থিতিত বেংকৰ লোন পৰিশোধ কোনে কৰে বা উত্তৰাধিকাৰীয়ে এই লোন পৰিশোধ কৰিব লাগিব নে ইয়াৰ আন কোনো নিয়ম আছে?


এই পৰিস্থিতিত ঋণ লওঁতাৰ মৃত্যুৰ পিছত ঋণৰ কি হয় বা ঋণ পৰিশোধ সম্পৰ্কীয় নিয়মবোৰ কি আৰু ইয়াক কেনেদৰে পৰিশোধ কৰিব পাৰি তাৰ বিষয়ে আপুনি জানি লোৱা ভাল।


এইক্ষেত্ৰত থকা নিয়মবোৰ কি?


মৃত্যুৰ পিছত ঋণ পৰিশোধ সম্পৰ্কে প্ৰতিটো ঋণৰ বাবে এক পৃথক নিয়ম আছে। গৃহ ঋণৰ ক্ষেত্ৰত যি নিয়ম ব্যক্তিগত ঋণৰ বাবে আকৌ আন নিয়ম আছে। গতিকে আপুনি প্ৰতিটো ঋণ অনুসৰি বুজিব লাগিব ঋণ লোৱা ব্যক্তিৰ মৃত্যুৰ পিছত ঋণ কেনেদৰে পৰিশোধ কৰে।


গৃহ ঋণৰ নিয়ম কি?
দৰাচলতে, যেতিয়াই গৃহ ঋণ লোৱা হয় ঋণৰ সলনি মাটি–বাৰীৰ কাগজ বন্ধকত ৰখা হয়। গৃহ ঋণৰ ক্ষেত্ৰত যেতিয়া ঋণ লওঁতাৰ মৃত্যু হয়, ইয়াৰ বাবে সহঃ ঋণ লওঁতা (Co-Borrower) দায়বদ্ধ। অথবা ব্যক্তিজনৰ উত্তৰাধিকাৰীৰ ঋণ জমা কৰাৰ দায়িত্ব থাকে, যদি তেওঁ ঋণ পৰিশোধ কৰিবলৈ সমৰ্থ তেতিয়াহে দায়িত্ব দিয়া হয়।


ইয়াৰ লগতে তেওঁলোকক সম্পত্তি বিক্ৰী কৰিবলৈ আৰু ঋণ পৰিশোধ কৰাৰ বিকল্পও দিয়া হৈছে। যদি এনে নহয়, বেংকে ঋণৰ সলনি সম্পত্তি নিলাম কৰে আৰু ঋণৰ দেয় পৰিমাণ পুনৰুদ্ধাৰ কৰে। ইয়াৰ উপৰি বহুতো বেংকে এটা নতুন বিকল্প গ্ৰহণ কৰিছে। দৰাচলতে ঋণ লোৱাৰ সময়ত বেংকে এটা বীমা খুলি দিয়ে। যদি ব্যক্তিজনৰ মৃত্যু হয়, বেংকে বীমাৰ জৰিয়তে ঋণ পুনৰুদ্ধাৰ কৰে। গতিকে যেতিয়াই আপুনি ঋণ লয়, আপুনি বেংকক এই বীমাৰ বিষয়ে সুধিব পাৰে।



ব্যক্তিগত ঋণৰ নিয়মবোৰ কি?
ব্যক্তিগত ঋণ আৰু ক্ৰেডিট কাৰ্ড ঋণৰ ক্ষেত্ৰত মৃত্যু হোৱাৰ পিছত বেংকে আন কোনো ব্যক্তিৰ পৰা ঋণ ঘূৰাই ল'ব নোৱাৰে। কোনো ব্যক্তিৰ উত্তৰাধিকাৰীৰ এইক্ষেত্ৰত দায়বদ্ধতা নাই। এনে পৰিস্থিতিত ব্যক্তিজনৰ মৃত্যুৰ সৈতে ঋণটোও সমাপ্ত হয়।


বাহন ঋণৰ নিয়মবোৰ কি?
বাহন ঋণ হৈছে একপ্ৰকাৰ সুৰক্ষিত ঋণ। এইক্ষেত্ৰত যদি ব্যক্তিজনৰ মৃত্যু হয়, বেংকে ঘৰৰ লোকসকলক ঋণ পৰিশোধ কৰিবলৈ কয়। যদি তেওঁ ঋণ পৰিশোধ নকৰে, বেংকে বাহনখন বিক্ৰী কৰে আৰু ঋণৰ ধন পুনৰুদ্ধাৰ কৰে।

Published by: Gautam Barman
First published: June 6, 2021, 7:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি