• Home
  • »
  • News
  • »
  • explained
  • »
  • Afghanistan: ছোভিয়েট ৰাছিয়া, আমেৰিকা আনকি তালিবানে দখল কৰিব নোৱাৰা এটা আফগান অঞ্চল ! কি তাৰ ৰহস্য ? কি ইয়াৰ ইতিহাস ?

Afghanistan: ছোভিয়েট ৰাছিয়া, আমেৰিকা আনকি তালিবানে দখল কৰিব নোৱাৰা এটা আফগান অঞ্চল ! কি তাৰ ৰহস্য ? কি ইয়াৰ ইতিহাস ?

উল্লেখযোগ্য যে হিন্দুকুশ পৰ্ববতমালাৰ আগুৰি থকা পঞ্জশিৰ উপত্যকা আজিলৈ কোনো বাহিৰা শক্তিয়ে দখল কৰিবলৈ সক্ষম হোৱা নাই। ইতিহাসৰ পাতত দেখা যায় যে প্ৰতিবাৰে পঞ্জশিৰ দখলৰ বাবে বিশ্বৰ বৃহৎ বৃহৎ শক্তিয়ো ব্যৰ্থ হৈছে।

উল্লেখযোগ্য যে হিন্দুকুশ পৰ্ববতমালাৰ আগুৰি থকা পঞ্জশিৰ উপত্যকা আজিলৈ কোনো বাহিৰা শক্তিয়ে দখল কৰিবলৈ সক্ষম হোৱা নাই। ইতিহাসৰ পাতত দেখা যায় যে প্ৰতিবাৰে পঞ্জশিৰ দখলৰ বাবে বিশ্বৰ বৃহৎ বৃহৎ শক্তিয়ো ব্যৰ্থ হৈছে।

উল্লেখযোগ্য যে হিন্দুকুশ পৰ্ববতমালাৰ আগুৰি থকা পঞ্জশিৰ উপত্যকা আজিলৈ কোনো বাহিৰা শক্তিয়ে দখল কৰিবলৈ সক্ষম হোৱা নাই। ইতিহাসৰ পাতত দেখা যায় যে প্ৰতিবাৰে পঞ্জশিৰ দখলৰ বাবে বিশ্বৰ বৃহৎ বৃহৎ শক্তিয়ো ব্যৰ্থ হৈছে।

  • Share this:
যুজঁ কৰিব জানে ! হাৰিবলৈ শিকা নাই ! সেয়াই সম্ভব বুজি পেলাইছে ৰাছিয়াৰ লগতে গোটেই বিশ্ব, তাৰ বাবেই বৃহস্পতি বাৰে ৰাছিয়াৰ বিদেশ মন্ত্ৰী সেৰ্গেই ল্যাভৰভে মস্কোত সংবাদ মাধ্যমক কয় যে, " আফগানিস্তানত তালিবানৰ বিৰুদ্ধে প্ৰতিৰোধ কেবল পঞ্জশিৰ উপত্যকাতে সীমাবদ্ধ। সেয়ে সমগ্ৰ আফগানিস্তান তালিবানৰ দখলত থকা বুলি এই মুৰ্হুতত কব পৰা হোৱা নাই"।
উল্লেখযোগ্য যে হিন্দুকুশ পৰ্ববতমালাৰ আগুৰি থকা পঞ্জশিৰ উপত্যকা আজিলৈ কোনো বাহিৰা শক্তিয়ে দখল কৰিবলৈ সক্ষম হোৱা নাই। ইতিহাসৰ পাতত দেখা যায় যে প্ৰতিবাৰে পঞ্জশিৰ দখলৰ বাবে বিশ্বৰ বৃহৎ বৃহৎ শক্তিয়ো ব্যৰ্থ হৈছে।

তেতিয়াৰ ছোভিয়েট ৰাছিয়া বিগত বিছ বছৰে আমেৰিকা আৰু বৰ্তমানে তালিবান এতিয়ালৈকে পঞ্জশিৰ দখলত সম্পূৰ্ণ ভাবে ব্যৰ্থ হৈছে। আফগানিস্তানৰ ৰাজধানী কাবুলৰ উত্তৰত অৱস্থিত হিন্দুকুশ পৰ্ব্বতমালাৰ পঞ্জশিৰ উপত্যাকা প্ৰতিবাৰেই দুৰ্ভেদ্য দুৰ্গ হৈ ৰৈ আছে বিদেশী আক্ৰমণৰ বাবে। আনকি প্ৰবল পৰাক্ৰমী তথা নৃসংশ তালিবানেও আজিলৈ পঞ্জশিৰ দখলত ব্যৰ্থ হৈছে। কাৰণ পঞ্জশিৰৰ ৰক্ষাকবচ হৈছে প্ৰকৃতি। অত্যন্ত ভৌগোলিকভাবে দুৰ্গম , উচ্চ হিন্দুকুশ পৰ্ব্বত আৰু হাৰ কপোৱা ঠান্ডাৰ ফলত পঞ্জশিৰ উপত্যকা দখলৰ সপোন বাস্তৱায়িত কৰিব পৰা নাই ছোভিয়েট ৰাছিয়া, আমেৰিকাৰ লগতে তালিবানে।

হিন্দুকুশ পৰ্ব্বতমালাৰ  কোলত আকাৰত সৰু হলেও অতি সুসংগঠিত তজিক জনগোষ্ঠীৰ লক্ষাধিক জনতাই হৈছে এই অঞ্চলৰ ৰক্ষাকবচ। আফগানিস্তানৰ তাজিক জনগোষ্ঠীৰ সৰ্ববৃহৎ বসতি এই পঞ্জশিৰতেই। এই তাজিক জনগোষ্ঠীৰ লোকে বংশানুক্ৰমে যি কোনো বাহিৰা শক্তিৰ বিৰুদ্ধে যুঁজ দি অহাৰ গৌৰৱ উজ্জ্বল ইতিহাস আছে। বিগত এটা সপ্তাহত তালিবানে আফগানিস্তানৰ উত্তৰ প্ৰান্তৰ পৰা কাৰ্য্যত বিনা বাধাতে এখন এখন কৈ প্ৰদেশ দখল কৰি কৰি দক্ষিণত উপস্থিত হৈ কাবুলৰ ৰাষ্ট্ৰপতি ভবনো দখল কৰি লৈছে। ইয়াৰ উমান পাই কাবুলৰ পৰা সপৰিয়ালে পলায়ন কৰে ৰাষ্ট্ৰপতি আশৰাফ গনিয়ে।
কিন্তু তেওঁৰ চৰকাৰৰ উপ ৰাষ্ট্ৰপতি পঞ্জশিৰ উপত্যকাৰ সন্তান আমৰুল্লা ছালেহে এতিয়ালৈকে বৈশ্যতা স্বীকাৰ কৰা নাই। ইতিমধ্যে টুইট কৰি ছালেহে জনাইছে তেওঁ আফগানিস্তানতে আছে আৰু শেষ বিন্দু তেজ থকালৈ তালিবানৰ বিৰুদ্ধে যুজঁ অব্যাহত ৰাখিব।তালিবানক কাৰ্য্যত সমীহ নকৰি ছালেহ জনাইছে ৰাষ্ট্ৰপতি আশৰফ গনিৰ অনুপস্থিতিত তেওঁ বৰ্তমান আফগানিস্তানৰ তদাৰকী ৰাষ্ট্ৰপতি।

যি সকলে আফগানিস্তানৰ বিষয়ে জানে তেনে বিশেষজ্ঞসকলে কয় যে বিদেশীয়ে হওঁক বা তালিবান , ইয়াৰ বিৰুদ্ধে বংশানুক্ৰমে যুঁজ চলাই যোৱাৰ ইতিহাস আছে 'ন্যেশনাল ৰেজিস্ট্যন্স ফোৰ্চ' অৰ্থাৎ পঞ্জশিৰবাসীৰ। আফগানিস্তানত বিগত চাৰি দশক ধৰি গঢ়ি উঠা এই প্ৰতিৰোধৰ পিছত আছে কেইবাজনো নেতাৰ নাম । আহমেদ সাহ মাছুদ, আমৰুল্লা ছালেহ আৰু বিছমিল্লা খান মোহম্মদি। যোৱা শতিকাৰ আঠৰ দশকত তেতিয়াৰ পৃথিৱীৰ বৃহৎ শক্তি ছোভিয়েট ইউনিয়নক প্ৰবেশ কৰিবলৈ দিয়া নাছিল পঞ্জশিৰৰ তাজিক জনগোষ্ঠীৰ যোদ্ধা সকলে। ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ যেতিয়া গোটেই আফগানিস্তান শাসন কৰিছিল তালিবানে তেতিয়াও প্ৰতিৰোধ গঢ়ি তুলিছিল পঞ্জশিৰে। সেই সময়ত তালিবানক প্ৰতিহত কৰিবলৈ দেশৰ উত্তৰ প্ৰান্তৰ অন্য সৰু সৰু জনগোষ্ঠীক লৈ গঢ়ি তুলিছিল 'নৰ্দান এলাইন্ছ'। সেই জোটৰ নেতৃত্বত আছিল আহমেদ শাহ মাছুদ , আমাৰুল্লা ছালেহ , বিছমিল্লা খান মোহাম্মদ মোহাকিকেৰ নিচিনা যুজাঁৰু নেতা সকল। সেয়াও কিন্তু এদিনত সম্ভব হোৱা নাই বিদেশী আগ্ৰাসন আৰু তালিবানৰ লগত যুজঁ অব্যাহত ৰাখিবলৈ চাৰি দশক ধৰি অস্ত্ৰ মজুত কৰিছিল তাজিকসকলে।
কাৰণ পঞ্জশিৰ নামাকৰণৰ মাজতে লুকাই আছে তেওঁলোকৰ পৰাক্ৰমৰ ইতিহাস। " পঞ্জশিৰ "ৰ অৰ্থ পাচঁটা সিংহ। সেই সময়ত আফগানিস্তান আছিল গজনিৰ শাসক ছুলতান মামুদৰ অধীনত। তেতিয়া সংঘাতিক পাহাৰীয়া বানপানীত উটি ভাহি গৈছিল পঞ্জশিৰ উপত্যকা। তেতিয়াই উপত্যকাৰ পাচঁ ভাইৰ নেতৃত্বত গঢ়ি উঠিছিল সুউচ্চ বান্ধ।যি বান্ধে পঞ্জশিৰ উপত্যকাক বানপানীৰ পৰা প্ৰতিহত কৰাৰ লগতে বাহিৰা শত্ৰুৰ পৰাও ৰক্ষাৰ ক্ষেত্ৰত আজিও প্ৰতিৰোধ অব্যাহত ৰাখিছে। উপত্যকাটোৰ পাচঁ ভাইৰ সেই সিংহবিক্ৰমৰ বাবেই পিছত উপত্যকাৰ নাম পঞ্জশিৰ হয়গৈ।
Published by:Kokil Sarma
First published: