সঞ্জীৱ লাহন, লখিমপুৰ: বসন্তৰ সুগন্ধি আৰু সুন্দৰ ফুল কেতেকী ৷ আমাৰ মাজত থকা ভ্ৰান্ত ধাৰনাৰ বাবেই আজি কেতেকীৰ স্থান নাই আমাৰ আটোম-টোকাৰি বাগিচাখনত অথবা ঘৰৰ কাষত ৷ যদিওবা আজিৰ প্ৰজন্মৰ অচিনাকি-অপৰিচিত কেতেকী, তথাপিও কিন্তু নিজান বনত কেতেকীয়ে বিলাই আছে বসন্তৰ সুৱাস ৷
চ’ত মাহৰ শেহৰভাগত ফুলিবলৈ আৰম্ভ কৰে সুগন্ধি কেতেকী ফুল ৷ বহাগ মাহৰ মাজভাগলৈকে কিছু কিছু স্থানত দেখিবলৈ পোৱা যায় কেতেকী ফুল ফুলি থকা ৷ বছৰত কেৱল বসন্ত ঋতুতহে ফুলে এই মনোমোহা সুগন্ধিযুক্ত কেতেকী ফুল ৷ কেতেকী ফুলৰ গছ দেখিবলৈ প্ৰায় মাটিকঠাল গছৰ দৰে ৷
দীঘল দীঘল পাতৰ দুয়ো কাষে থাকে কাইট ৷ মূলগছৰ গুৰিৰ পৰাই পোখা মেলি কেতেকী গছৰ সংখ্যা বৃদ্ধি হয় ৷ এবাৰ ফুলাৰ পিছত সেইডাল মূল গছত আৰু ফুল নুফুলে ৷ মূল গছৰ কোঁহৰ পৰা পাতল হালধীয়া ৰঙৰ কলিটো ওলোৱাৰ পিছত প্ৰায় এঘন্টাৰ ভিতৰতে সম্পূৰ্ণকৈ ফুলি উঠে ফুলপাহ ৷ ফুলপাহ ফুলাৰ লগে লগে সুগন্ধি বিয়পি পৰে চৌপাশে ৷ প্ৰায় পাঁচশ মিটাৰ দূৰলৈকে বিয়পি পৰে সুগন্ধি ৷
প্ৰশ্ন হয়- কিয় বাগিচা বা ঘৰৰ কাষত ৰোপণ কৰা নহয় কেতেকী ফুল ? বহুকেইজন প্ৰকৃতিপ্ৰেমীক আমি সোধা প্ৰশ্নৰ উত্তৰ এনেধৰনৰ- কেতেকী ফুলৰ গোন্ধত সাপ আহে, বিষাক্ত ফেটী সাপে বাঁহ লয় কেতেকী ফুলৰ গুৰিত ৷ অভিশপ্ত কেতেকী ফুল ৰুব নেপায় বাৰীত ৷ সঁচাকৈয়ে কেতেকী ফুলৰ গোন্ধে আকৰ্ষণ কৰে নেকি ফেটি সাপক ?
এই প্ৰশ্নৰ উত্তৰত প্ৰকৃতিপ্ৰেমী ড° প্ৰৱীণ শইকীয়াই ক’লে- ‘‘প্ৰথম কথা যিকোনো সাপৰ ঘ্ৰাণ শক্তিয়েই নাই, তেনেস্থলত কেনেদৰে আকৰ্ষিত হ’ব কেতেকী ফুলৰ গোন্ধত ? এয়া এক ভ্ৰান্ত ধাৰনা ৷’’ সাধাৰণতে নিজান বনত ফুলে কেতেকী, বছৰৰ অন্য সময়ত গছজোপাৰ ওচৰলৈকে মানুহৰ আহযাহ নেথাকে ৷ আনহাতে পৰিচৰ্য্যাৰ অভাৱত জাৱৰ-জোঠৰেৰে ভৰি পৰে গছজোপাৰ গুৰি অংশ,গতিকে সাপে বাঁহ লোৱাটো সাধাৰণ কথা ৷
যদি বাগিচা বা ঘৰৰ কাষত কেতেকী গছজোপা ৰোপণ কৰি মাজে সময়ে অন্য ফুলগছৰ দৰে প্ৰতিপাল বা চাফচিকুণ কৰি থাকে সকলোৱে বসন্তত উপভোগ কৰিব পাৰে কেতেকীৰ সুৱাস ৷ বিহপুৰীয়া নগৰৰ অজন্তানন্দা নেওগৰ মন্তব্য- ‘‘দহ বছৰমানৰ আগেয়ে চৌহদৰ ভিতৰত থকা বাগিচাত কেতেকী ফুল ৰোপন কৰিছিলো ৷ প্ৰতি বছৰে ফুলে ৷ আজিলৈকে সাপ অহা দেখা নাই ৷’’
কেনেকৈ অভিশপ্ত হ’ল কেতেকী ? শাস্ত্ৰজ্ঞ সকলৰ মতে- এবাৰ স্বয়ং শম্ভু শিৱলিংগৰ আদি আৰু অন্তৰ সীমা নিৰ্ধাৰণৰ বাবে ভগৱান বিষ্ণু আৰু ব্ৰহ্মাৰ মাজত বিবাদৰ সূত্ৰপাত হয় ৷ সীমা নিৰ্ণয়ৰ বাবে ব্ৰহ্মা ওপৰলৈ আৰু বিষ্ণু তললৈ যাত্ৰা আৰম্ভ কৰিলে ৷ দীৰ্ঘ সময় যাত্ৰা কৰাৰ পিছত শম্ভু লিংগৰ একো উৱাদিহ নেপালে দুয়ো ৷ ইয়াৰ মাজতে ব্ৰহ্মাই সৰগীয় সুষমাৰে ফুলি থকা কেতেকীক লগ পাই সহায় বিচাৰিলে ৷
কেতেকীয়ে নিজৰ গৰিমা বঢ়াবৰ বাবে শিৱৰ শিৰত নিজৰ স্থিতি বুলি দেৱসমাজক মহাদেৱক ক’বলৈ ক’লে ৷ এই কথাত ক্ষুন্ন হৈ মহাদেৱে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ বাবে কেতেকীক অভিশাপ দিলে যে কেতেকী কোনোদিনে অৰ্চনাত ব্যৱহাৰ হ’ব নোৱাৰিব ৷
অৱশেষত ভগৱান বিষ্ণুৰ অনুৰোধত কেতেকী ফুলক কেৱল মহাশিৱৰাত্ৰীত শিৰত ধাৰণ কৰাৰ প্ৰতিশ্ৰুতি দিলে ৷ ইয়াৰ পিছতো কিন্তু সৰগীয় কাননত স্থান নেপালে কেতেকীয়ে ৷ সেয়ে হয়তো আজিও কেতেকী ফুলক অভিশপ্ত ফুল বুলিয়েই গণ্য কৰে সকলোৱে ৷
- First Published :