ভেষজ (herbal) ঔষধক লৈ ক্লিনিকেল এণ্ড এক্সপেৰিমেণ্টেল হেপাটোলজী নামৰ এক জাৰ্নালত প্ৰকাশিত হৈছে এক বিশেষ তথ্য। এই তথ্য মতে, কোভিড–১৯ৰ সময়ত অত্যধিক আৰু বিবেকহীনভাৱে ভেষজ ঔষধৰ প্ৰয়োগে যকৃতৰ ক্ষতি কৰা দেখা গৈছে। ভেষজ ঔষধৰ বাবে যকৃত ক্ষতিগ্ৰস্ত হোৱা ৬গৰাকী লোকৰ স্বাস্থ্যগত অভিজ্ঞতাৰ ভিত্তিত এই কথা প্ৰকাশ কৰা হৈছে। গৱেষকসকলে ছেপ্টেম্বৰ ২০২০ৰ পৰা ডিচেম্বৰ ২০২০লৈ ভেষজজনিত যকৃতৰ ৰোগত আক্ৰান্ত ছজন ৰোগীৰ অভিজ্ঞতা নথিভুক্ত কৰিছিল।
কেনে অভিজ্ঞতা নথিভুক্ত কৰা হৈছিল
দ্বিতীয় ৰোগীঃ টাইপ-২ ডায়েবেটিচ (type-2 diabetes ) থকা ৫৪ বছৰীয়া এগৰাকী মহিলা। তেওঁ এসপ্তাহৰ বাবে জণ্ডিচত ভোগে। এই মহিলাগৰাকীয়েও একেৰাহে ৭ মাহ প্ৰতিদিনে এটুকুৰাকৈ অমৰ লতা বা গিলয় পানীত উতলাই খাইছিল।
তৃতীয় ৰোগীঃ বিটা-থেলাচেমিয়াত (Beta-thalassemia minor) ভোগা এগৰাকী ৩৮ বছৰীয়া পুৰুষৰ এসপ্তাহৰ বাবে জণ্ডিচ হয়। এই লোকগৰাকীয়ে ছমাহৰ বাবে অমৰ লতাৰ ৩–৪টা টুকুৰা পানীত উতলাই খাইছিল।
চতুৰ্থ ৰোগীঃ টাইপ-২ ডায়েবেটিচ থকা আন এগৰাকী ৬২ বছৰীয়া মহিলায়ো ১৫ দিন যকৃত জনিত সমস্যাত ভোগে। গাৰ ৰং তথা পেচাব হালধীয়া হোৱাৰ লগতে তেওঁ খুব দুৰ্বল অনুভৱ কৰিছিল। পিছত জানিব পৰা গ'ল যে তেওঁ এমাহ ধৰি বজাৰৰ পৰা কিনা অমৰ লতাৰ ৰস প্ৰতিদিনে ১৫ মিলিলিটাৰকৈ ব্যৱহাৰ কৰিছিল।
এই সম্পৰ্কত আয়ুস মন্ত্ৰালয়ে কি কয়?
চৰকাৰে গিলয় (Giloy) বা অমৰ লতাৰ ব্যৱহাৰৰ পৰামৰ্শ দিছে, কিন্তু নিৰ্বিচাৰ ব্যৱহাৰ আৰু কোনো হিচাপ নোহোৱাকৈ ব্যৱহাৰত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। আয়ুষ মন্ত্ৰালয় (MINISTRY OF AYUSH)ৰ মতে চিকিৎসা প্ৰটোকলত কোৱা হৈছে যে গিলয় ১৫ দিন বা এমাহৰ বাবে বা আয়ুৰ্বেদ চিকিৎসকৰ নিৰ্দেশ অনুসৰি গৰম পানীৰ সৈতে দৈনিক দুবাৰকৈ ৫০০ মিঃগ্ৰাঃ (নিষ্কাশিত) বা ১–৩ গ্ৰাম পাউডাৰ (500 mg extract or 1-3 g powder twice daily) খাব লাগে।
বিশেষজ্ঞসকলে কয়ঃ
'গিলয়' বা অমৰ লতা এক বিশেষ ঔষধি গুণসম্পন্ন উদ্ভিদ। কিন্তু যেতিয়া দীঘলীয়া সময়ৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়, তেন্তে যকৃতৰ ক্ষতি হ'ব পাৰে। ওপৰত বৰ্ণনা কৰা ৰোগীসকলৰ বহুতে এই দ্ৰব্য ব্যৱহাৰ কৰিছিল অধিক সময় ধৰি তথা অধিক পৰিমাণত। মেদান্ত লিভাৰ ট্ৰান্সপ্লান্ট ইনষ্টিটিউটৰ অধ্যক্ষ ড০ অৰবিন্দৰ সিং চইনে কয় যে ডায়েবেটিচ বা সুৰাৰ ফলত যকৃতৰ ক্ষতি হোৱা ৰোগীসকল অধিক সংবেদনশীল। বায়োপ্সীৰ সময়ত এই ৰোগীসকলে ঔষধ-জনিত যকৃতৰ আঘাত DILI (drug-induced liver injury) আৰু অটো–ইমিউন হেপাটাইটিছৰ বিশেষত্ব প্ৰদৰ্শন কৰে। ডাঃ চইনে লগতে কয় যে তেওঁ ৰোগীসকলক আৰোগ্য হোৱা দেখিছে, সাধাৰণতে ভেষজ বন্ধ কৰাৰ ৩–৬ সপ্তাহ পিছতে উন্নত হয়। কিন্তু আগৰে পৰা থকা যকৃতৰ ক্ষতি হোৱা কিছুমানৰ যকৃত বিফলতালৈ যাব পাৰে।
আনহাতে, যশোদা চিকিৎসালয়ৰ যকৃত সংৰোপণৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ কে বেণুগোপালে কয়– "যকৃতৰ ৰোগ থকা ব্যক্তিসকলে ঔষধ গ্ৰহণ কৰাত আমি অতি সতৰ্ক আৰু সাৱধান হ'ব লাগিব, যকৃত বা অন্যান্য অংগৰ ওপৰত প্ৰভাৱ পেলোৱা বা ক্ষতি কৰাৰ সম্ভাৱনা থকা যিকোনো ঔষধ পৰিহাৰ কৰিব লাগিব। সঠিক প্ৰেছক্ৰিপশ্বন মতে ঔষধ গ্ৰহণ কৰিব লাগে, আত্ম-প্ৰতিকাৰ আৰু ভিত্তিহীন উৎসৰ ওপৰত আধাৰিত কৰা ঔষধ পৰিহাৰ কৰা প্ৰয়োজন।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|