যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক দেখা গ'ল কাটাৰৰ লুচেইল ষ্টেডিয়ামত। কাটাৰ ফিফা বিশ্বকাপৰ আৰ্জেন্টিনা বনাম মেক্সিকোৰ খেল উপভোগ কৰিলে জুবিন গাৰ্গে।
জুবিন গাৰ্গে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এখন ফটোত শিল্পীগৰাকীক কান্ধত গামোছা লৈ আন দুজন সতীৰ্থৰ সৈতে ফুটবল খেল উপভোগ কৰা দেখা গৈছে।
উল্লেখযোগ্য যে, সামাজিক মাধ্যমত ভাইৰে'ল হোৱা ভিডিঅ' এটাতো জুবিন গাৰ্গক ষ্টেডিয়ামত বহি ফুটবলৰ আন অনুৰাগীৰ সৈতে উন্মাদনা উপভোগ কৰা দেখা গৈছে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|