আজি যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ কন্ঠশিল্পী জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন। শিল্পীগৰাকীৰ অসংখ্য অনুৰাগীয়ে তেওঁৰ ওপজা দিনটো বিশেষভাৱে উদযাপন কৰিবলৈ প্ৰস্তুতি কৰিছে। প্ৰতিবছৰৰ দৰে অনুৰাগীসকলে এই দিনটোক বিশেষ কৰিবলৈ যত্ন কৰে। আনহাতে, জুবিন ফেন ক্লাবে প্ৰতিবছৰে বিভিন্ন কাৰ্যসূচীৰে মৰমৰ শিল্পীৰ জন্মদিনটো পালন কৰি আহিছে। এই বৰ্ষত যোৰহাটত জুবিনৰ জন্মদিন বৃহৎ আকাৰে পালন কৰাৰ বাবে আয়োজন কৰিছে জুবিন ফেন ক্লাবে। ‘অল আছাম জুবিন গাৰ্গ ফেন ক্লাব’এ আজি ১৮ নৱেম্বৰ তাৰিখে যোৰহাটৰ কোৰ্ট ফিল্ডত জুবিন গাৰ্গৰ ৫০তম জন্মদিন উদযাপন কৰিব। এই অনুষ্ঠানত জুবিন গাৰ্গ উপস্থিত থাকিব আৰু সেইবাবে তেওঁ ১৫ তাৰিখেই যোৰহাটত উপস্থিত হয়। এক উৎসৱ মুখৰ পৰিৱেশৰ আয়োজন কৰা হৈছে তেওঁৰ এই বিশেষ দিনটো।
জুবিন গাৰ্গৰ অনুৰাগীয়ে তেওঁৰ ৫০তম জন্মদিনক সোণালী বৰ্ষ হিচাপে উদযাপন কৰিব। সেয়েহে ৫০ পাউণ্ড অৰ্থাৎ ২২.৬ কেজি ওজনৰ এটা কেক কটা হ’ব এই বিশেষ দিনটোত। জুবিনে নিজে ৫০ পাউণ্ডৰ কেকটো কাটিব আৰু আয়োজিত জন্মদিন উদয়াপন কৰিব।
ইয়াৰোপৰি, জন্মদিনৰ দিনা জুবিন গাৰ্গৰ নতুন গীত ‘জিলিকি জিলিকা’ মুক্তি পাব। আগন্তুক 'ড৹ বেজবৰুৱা ২' ছবিৰ এই গীতটিত কন্ঠদান কৰিছে জুবিন গাৰ্গে। নিজৰ জন্মদিনত এই নতুন গীতেৰে তেওঁ নিজৰ অনুৰাগীসকলক আগবঢ়াব এক উপহাৰ। লগতে ৰাজ্য তথা দেশৰ বিভিন্ন স্থানত থকা তেওঁৰ অনুৰাগীসকলে বিভিন্ন ধৰণে নিজৰ ভাল লগা শিল্পীজনৰ জন্মদিন পালন কৰিব।
জানিব পৰা মতে, জুবিনৰ মাতৃৰ ঘৰ যোৰহাটত আৰু জীৱনৰ ৫০ টি বৰ্ষ গৰকি যোৱা এই দিনটো বিশেষভাৱে আজি পালন কৰিবলৈ এই ঠাইডোখৰ বাছি লৈছে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|