• Home
  • »
  • News
  • »
  • entertainment
  • »
  • বলীউডৰ চলচ্চিত্ৰত প্ৰৱেশ জনপ্ৰিয় গান ''মানিকে মাগে হিথে''ৰ

বলীউডৰ চলচ্চিত্ৰত প্ৰৱেশ জনপ্ৰিয় গান ''মানিকে মাগে হিথে''ৰ

"থেং গড"ত এই গানটো অন্তৰ্ভুক্ত হ'লে চলচ্চিত্ৰখনে এটা বিশেষ মাত্ৰা পাব বুলি ধাৰণা কৰা হৈছে।

"থেং গড"ত এই গানটো অন্তৰ্ভুক্ত হ'লে চলচ্চিত্ৰখনে এটা বিশেষ মাত্ৰা পাব বুলি ধাৰণা কৰা হৈছে।

"থেং গড"ত এই গানটো অন্তৰ্ভুক্ত হ'লে চলচ্চিত্ৰখনে এটা বিশেষ মাত্ৰা পাব বুলি ধাৰণা কৰা হৈছে।

  • Share this:

ইয়োহানিক নতুনকৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই, এটা গানৰ সৈতে তেওঁ বিশ্বজুৰি ভাইৰেল। শ্ৰীলংকাৰ এইগৰাকী ৰেপাৰ এতিয়া এজন অনলাইন তাৰকা। তেওঁৰ 'মানিকে মাগে হিথে' কেৱল শ্ৰীলংকাতে নহয়, বিশ্বৰ বহু দেশৰ লগতে ভাৰততো ৰাতিটোৰ ভিতৰতে জনপ্ৰিয় হয়।


সেই গানটো এইবাৰ গোৱা হ'ব হিন্দীত। অন্তৰ্ভুক্ত হ'ব চলচ্চিত্ৰ 'থেং গড'ত। গায়িকাগৰাকীয়ে 'বিগ বছ ১৫' ৰিয়েলিটী শ্ব'ৰ মঞ্চত ছলমান খানৰ সৈতে গানটো গাইছিল। তেওঁক ৰণবীৰ সিঙৰ 'দ্য বিগ পিকচাৰ' কুইজ শ্ব'তো দেখা গৈছিল। এই ভাৰত ভ্ৰমণতে তেওঁ 'শিদ্দত' চলচ্চিত্ৰৰ নাৰীকণ্ঠৰ আৱহ সংগীত গাই বলীউডত আত্মপ্ৰকাশ কৰিছিল।


উল্লেখ্য, সতীশন ৰত্নাকে প্ৰথমবাৰৰ বাবে ২০২০ চনত 'মানিকে মাগে হিথে' গাইছিল যদিও গানটোৱে তেতিয়া বেছি জনপ্ৰিয়তা লাভ কৰা নাছিল। ইয়োহানীয়ে ইয়াক প্ৰচাৰ আৰু প্ৰসাৰ দিয়ে।


এতিয়া "থেং গড"ত এই গানটো অন্তৰ্ভুক্ত হ'লে চলচ্চিত্ৰখনে এটা বিশেষ মাত্ৰা পাব বুলি ধাৰণা কৰা হৈছে। এই ছবিখন অহা বছৰ ছবিগৃহলৈ আহিব। অজয় দেৱগণ, সিদ্ধাৰ্থ মালহোত্ৰা আৰু ৰকুল প্ৰীত সিঙে ইয়াত অভিনয় কৰিছে।

Published by:Gautam Barman
First published: